কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ৷
তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন৷
কেইবাটাও চৰ্ত দি এসপ্তাহৰ বাবে জামিন প্ৰদান কংগ্ৰেছ নেতাজনক৷
৬ এপ্ৰিলত গুৱাহাটী ক্ৰাইম ব্ৰান্সত খেড়াৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ৷
মুখ্যমন্ত্ৰী পত্নী ৰিণিকি ভূঞাই খেড়াৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ৷
ক্ৰাইম ব্ৰান্সে BNS ৰ ১২ টাকৈ ধাৰা সংযোজন কৰি ০৪/২৬ত ৰুজু কৰিছিল গোচৰ৷
ফৌজদাৰী,জালিয়াতি আৰু মানহানিৰ ধাৰা আৰোপ কৰি ৰুজু হৈছিল গোচৰ৷
সেই গোচৰত ক্ৰাইম ব্ৰান্সে পৱন খেড়াৰ বিৰুদ্ধে দিল্লী আৰু হাইদৰাবাদত চলাইছিল অভিযান৷
অসমত গোচৰ ৰুজু হোৱাৰ পিছতে জামিন বিচাৰি তেলেংগানা উচ্চ ন্যায়ালয়ত দ্বাৰস্ত হৈছিল পৱন খেড়া৷
৯ এপ্ৰিলত তেলেংগানা উচ্চ ন্যায়ালয়ত হৈছিল অগ্ৰীম জামিন আবেদনৰ শুনানি৷
জামিন আবেন নাকচৰ বাবে অসমৰ মহাধিবক্তা দেৱজিৎ লন শইকীয়াই আদালতত দাঙি ধৰিছিল যুক্তি৷
বৃহস্পতিবাৰে জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি সংৰক্ষিত ৰাখিছিল ৰায়৷
পৰৱৰ্তী জামিনৰ বাবে কংগ্ৰেছ নেতা গৰাকীক গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিলৰো নিৰ্দেশ দিয়ে তেলেংগানা উচ্চ ন্যায়ালয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















