মঙলদৈ পিপৰাদোকান বিহু দলৰ বাহনত অঘটন। পাঠশালাৰ ‘পৰি হৰেশ্বৰ’ নামৰ বিহু দলটিৰ হঠাৎ প্ৰায় সকলোৱে অচেতন হৈ পৰে। মঙলদৈৰ দীঘিৰপাৰত শেষৰখন বিহু পৰিবেশন কৰি উভতাৰ পথত পিপৰাদোকানত পুৱতি নিশা সংঘটিত হয় এই ঘটনা।
কিয় বিহুদলটো অচেতন হৈ পৰিল সেই সন্দৰ্ভত বৰ্তমানলৈকে কোনো তথ্য জানিব পৰা হোৱা নাই৷ AS-18-C- 9095 নম্বৰৰ ‘চিনাকি’ নামৰ বাহনখনো বিকল অৱস্থাত পোৱা গৈছে৷ অচেতন অৱস্থাত থকা বিহু দলটিৰ ঢুলীয়া, নাচনী সকলোকে মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ আটাইবোৰৰেই তাৎক্ষণিক চিকিৎসাও আৰম্ভ কৰে চিকিৎসক দলে৷
মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা লোক কেইজন ক্ৰমে, সুচিত্ৰা দাস, পাপৰি দাস, হেমন্ত শৰ্মা, ৰাহুল ৰয়, নয়নজ্যোতি দাস, চিমা বড়ো, ৰঞ্জিত হালৈ, সঞ্জয় মেধী, ইছা গোস্বামী, ভাৰ্গৱ ডেকা আৰু দ্বীপজোতি ৰয়। বাকী থকা সদস্যসকলৰ নাম বৰ্তমানলৈ জানিব পৰা নাই। সমগ্ৰ বিষয়টো এতিয়াও আৰক্ষীৰ তদন্তৰ আওঁতাত আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















