আজি ১৮ এপ্ৰিল, ২০২৬ শনিবাৰ৷ কাইলৈ অৰ্থাৎ দেওবাৰে পৰিছে অক্ষয় তৃতীয়া৷ অক্ষয় তৃতীয়াৰ এদিন পূৰ্বেও সোণ-ৰূপৰ দামৰ ওঠানমা চলি আছে৷ অৱশ্যে অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে মধ্যবিত্তলৈ সঁকাহ প্ৰদান৷
সোণ আৰু ৰূপৰ দাম হ্ৰাস
কাইলৈ (১৯ এপ্ৰিল) সমগ্ৰ দেশতে অক্ষয় তৃতীয়া উদযাপন কৰা হ’ব। ইয়াৰ পূৰ্বে আজি অৰ্থাৎ ১৮ এপ্ৰিলত সোণ আৰু ৰূপ দুয়োটাৰে মূল্য হ্ৰাস পাইছে৷ দিল্লীত ৰূপৰ মূল্য যথেষ্ট হ্ৰাস পাইছে৷ প্ৰতি কিলোগ্ৰামত ২.৫৩ লাখ টকা হোৱাৰ বিপৰীতে সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১.৫৬ লাখ টকা হৈছে৷ আজিৰ ২৪ কেৰেটৰ মূল্য (প্ৰতি গ্ৰাম) ডাঙৰ চহৰঃ নতুন দিল্লীঃ ১৫,৪৩৪, মুম্বাইঃ ১৫,৪১৯, চেন্নাইঃ ১৫,৫০১, কলকাতাঃ ১৫,৪১৯ আৰু অসমঃ ২৪ কেৰেটৰ মূল্য ১৫৫৭৮ টকা৷
18K, 22K, আৰু 24K ৰ মাজত পাৰ্থক্য কি?
গহনাত সৰ্বাধিক ব্যৱহৃত ২২ কেৰেট সোণৰ গড় মূল্য আজি, প্ৰতি গ্ৰামত ১৪,১৩৪ টকা। বিনিয়োগৰ বাবে ব্যৱহাৰ কৰা ২৪ কেৰেট সোণৰ মূল্য ১৫,৪১৯ টকা আৰু ১৮ কেৰেট সোণৰ মূল্য ১১,৫৬৪ টকা৷
ৰূপৰ দামো কমিছে
আজি ৰূপ ক্ৰেতাৰ বাবে এক সুন্দৰ সুযোগ। দিল্লীত আজি ৰূপৰ মূল্য ২.২% বা ৫,৭০০টকা হ্ৰাস পাইছে প্ৰতি কিঃগ্ৰাঃত৷ প্ৰতি কিলোগ্ৰামত ২,৫৩,০০০ টকা হৈছে ৰূপৰ দাম৷ ঔদ্যোগিক চাহিদা হ্ৰাস আৰু বিশ্বত চলি থকা যুদ্ধৰ পৰিস্থিতিৰ অনিশ্চয়তাৰ বাবেই এই হ্ৰাস বুলি জানিব পৰা গৈছে৷
দামৰ উঠা-নমা কিয়?
বজাৰ বিশেষজ্ঞসকলে কৈছে যে মধ্যপ্ৰাচ্যত চলি থকা সংঘাত আৰু যুদ্ধবিৰতিৰ বাতৰিৰ বাবেই এই দামৰ উঠা-নমা হৈ আছে৷ সপ্তাহৰ শেষৰ ফালে আশা কৰা হৈছে যে এই দাম আৰু কমিব পাৰে৷
অক্ষয় তৃতীয়া বিনিয়োগৰ উপযুক্ত সময় নেকি?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















