শেহতীয়াকৈ বিৰাট কোহলী আৰু জাৰ্মান মডেল লিজলাজৰ এটা পোষ্ট ভাইৰেল হৈ পৰিছে ইনষ্টাগ্ৰামত৷ ইনষ্টাগ্ৰামৰ এটা লাইকেই এতিয়া চৰ্চাৰ কাৰণ হৈ পৰিছে৷ বিৰাট কোহলীয়ে জাৰ্মান মডেল লিজলাজৰ এটা পোষ্টত মৰা এটা লাইকৰ বাবেই ভাৰতৰ আই পিএলক লৈ আগ্ৰহী হৈ পৰিছে জাৰ্মান মডেল লিজলাজ৷ লিজলাজে দাবী কৰিছে যে, বিৰাটে তেওঁৰ ফটোত লাইক মাৰিছিল, অৱশ্যে পাছত তেওঁ আকৌ আনলাইক কৰি দিয়ে৷ কিন্তু এই লাইকৰ বাবেই তেওঁ এতিয়া বিৰাটৰ ফেন হৈ পৰা বুলিও জনাইছে৷ IPLৰ RCBৰ জাৰ্চি পিন্ধি বিশেষ ভিডিঅ’ শ্বেয়াৰ কৰিছে মডেল লিজলাজে৷
ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’
বিশেষ ভিডিঅ’টোত লিজলেজে আৰচিবিৰ টি-চাৰ্ট পিন্ধি নিজৰ নতুন গীতটোৰ একিউষ্টিক সংস্কৰণ গোৱা দেখা গৈছে। পূৰ্বেও তেওঁ বিজ্ঞাপনৰ বাবে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ টেগ থকা কাপোৰ পৰিধান কৰিছে৷ এইবাৰ অৱশ্যে কাৰণ বেলেগ৷ কোহলীয়ে কৰা এটা লাইকৰ বাবেই তেওঁ ফেন হৈ পৰিছে ভাৰতৰ আইপিএলৰো৷ ফেন হৈ পৰিছে বিৰাটে খেলা RCB দলৰ৷
অনুৰাগীসকলে তেওঁৰ এই ভিডিঅ’ লাভ ৰিয়েক্টেৰে উপচায় দিছে৷ বহুতেই তেওঁক প্ৰশ্ন কৰিছে আৰ চি বিৰ মেচ উপভোগ কৰিবলৈ তেওঁ আহিব নেকি?
অনুৰাগীয়ে মন্তব্যত কি প্ৰতিক্ৰিয়া মডেলৰ?
এজন ব্যৱহাৰকাৰীয়ে কমেণ্টত গৈ প্ৰশ্ন কৰিছিল, ‘আপুনি পৰৱৰ্তী আৰচিবিৰ মেচলৈ আহিব নেকি?’ এই কথাৰ উত্তৰ দি লিজলেজে কয়, “মোৰ ইচ্ছা আছে, কিন্তু নোৱাৰিম। মই জাৰ্মানীত আছো।” অন্য কেইবাজনো সামাজিক মাধ্যম ইউজাৰক তেওঁ একেধৰণৰ সঁহাৰি দি কয় যে, ষ্টেডিয়ামত খেলখন চালে ভাল লাগিলহেঁতেন যদিও বৰ্তমান তেওঁ ভাৰতত নাই।
‘I Found Out Through News’
মডেল লিজলাজে কোহলিৰ লাইক সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ গৈ কয় যে, তেওঁ বিৰাটে লাইক কৰা কথাটো প্ৰথমে গম পোৱা নাছিল৷ কিন্তু নিউজত বিষয়টো চৰ্চা হোৱাত তেওঁ নিজৰ একাউণ্টটো পৰীক্ষা কৰে৷ তেতিয়ালৈ বিৰাটে আকৌ আনলাইক কৰি দিছিল৷ বিৰাটে লিজলাজৰ ছবিখন ভালপোৱাৰ কথা জানিব পাৰি খুবেই সন্তুষ্ট হৈছে বুলিও জনায়৷
ভাৰত ভ্ৰমণৰ পিছতে বিৰাটৰ প্ৰভাৱৰ কথা জানিছিল
লিজলাজে লগতে এই কথাও শ্বেয়াৰ কৰিছে যে, বিৰাট কোহলীৰ বিষয়ে তেওঁ প্ৰথমবাৰৰ বাবে বিগত বছৰ ভাৰত ভ্ৰমণৰ সময়ত শুনিছিল। তেতিয়াই তেওঁ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চাবলৈ আৰম্ভ কৰিছিল আৰু ৰয়েল চেলেঞ্জাৰ বেংগালুৰুৰ অনুৰাগী হৈ পৰিছিল। বিৰাটৰ বিগ ফেন লিজলাজে কয় যে বিৰাটো পোষ্ট লাইক কৰাত বহুত সুখ অনুভৱ হৈছিল কিন্তু পিছত কোহলীয়ে পোষ্টটো আনলাইক কৰাত মনত অলপ দুখ পাইছে৷
‘I Felt Bad for Him’
“তেওঁ ভাল পোৱাত মই সঁচাকৈয়ে সুখী হৈছিলো, কিন্তু যেতিয়া তেওঁ আকৌ আনলাইক কৰিলে, তেতিয়া অলপ বেয়া লাগিছিল,” এই মন্তব্য লিজলাজৰ৷ লিজলাজে লগতে কয় যে এটা লাইকে কেনেকৈ ইমান ডাঙৰ কাহিনী হৈ পৰিল সেয়া তেওঁ ধৰিবই নোৱাৰিলে৷ শেষত লিজলাজে কয় যে, কোহলীক এই লাইকৰ বাবে অশেষ ধন্যবাদ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















