জ্যোতিষ অনুসৰি বিভিন্ন ৰাশিত গ্ৰহ আৰু নক্ষত্ৰৰ বিশেষ প্রভাৱ থাকে৷ গ্ৰহৰ প্ৰভাৱত কেৱল যে জাতকৰ ভৱিষ্যৎ নিৰ্ধাৰিত হয় তেনে নহয়, বৰং জাতকৰ স্বভাৱ চৰিত্ৰৰ ওপৰতো প্ৰভাৱ পেলাই এই গ্ৰহই৷ গ্ৰহৰ ওপৰত নিৰ্ভৰ কৰিয়েই সলনি হয় বিভিন্ন ৰাশিৰ জাতকৰ স্বভাৱ চৰিত্ৰ৷ কোনো কোনো ৰাশিৰ জাতক অত্যন্ত ৰাগী হয়৷ ঘপককৈ মূৰ গৰম কৰে আৰু খঙত নিজৰ ওপৰত নিয়ন্ত্ৰণ নাথাকে এইসমূহ ৰাশিৰ জাতকৰ৷ খঙৰ কোবত নিজৰ কেৰিয়াৰৰ পৰা ব্যক্তিগত সম্পৰ্ক, সকলোবোৰেই ক্ষতি কৰে তেওঁলোকে৷ জানি থওক কোন কোন ৰাশিৰ জাতকৰ খং সকলোতকৈ বেছি?
মেষ ৰাশি
মেষ ৰাশিৰ অধিপতি গ্ৰহ মঙ্গল৷ মঙ্গলৰ উপাদান জুই৷ এই ৰাশিৰ জাতক নিৰ্ভীক৷ কিন্তু তেওঁলোকৰ ধৈৰ্য্য অত্যন্ত কম৷ পছন্দ নোহোৱা কোনো কাম বা ঘটনা কোনোবাই ঘটালেই মূৰ গৰম পৰি পেলায় মেষ ৰাশিৰ জাতকে৷ খঙৰ বশত কাষৰ মানুহকো যিকোনো কথা কব পাৰে৷ পাছত তেওঁলোক অনুশোচনাতো ভূগে৷
সিংহ ৰাশি
সিংহ ৰাশিৰ অধিপতি গ্ৰহ সূৰ্য৷ এওঁলোকৰ মাজত ৰাজকীয় স্বভাৱ থাকে৷ নিজৰ ভাৱমূৰ্তি আৰু সন্মান এওঁলোকৰ ওচৰত অত্যন্ত প্ৰিয়৷ কোনো কাৰণত যদি সিংহ ৰাশিৰ জাতকে ধাৰণা কৰে যে তেঁওলোকৰ সন্মান ক্ষুন্ন হৈছে তেন্তে প্ৰচণ্ড খঙত ফাটি পৰে৷ সিংহ জাতকৰ খঙে সকলোবোৰ তচনচ কৰি দিব পাৰে৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰো অধিপতি গ্ৰহ মঙ্গল৷ কিন্তু এওঁলোকৰ খঙৰ ধৰণ মেষ ৰাশিৰ জাতকতকৈ পৃথক৷ তেওঁলোকে নিজৰ মনৰ আবেগ ঘপককৈ প্ৰকাশ কৰিব নোৱাৰে৷ মনৰ ভিতৰত খং পুঁহি ৰাখে৷ আৰু যেতিয়া চাপত ৰখা সম্ভৱ নহয় তেতিয়া আগ্নেয়গিৰিৰ দৰে খঙৰ বিস্ফোৰণ ঘটে৷ বৃশ্চিক ৰাশিৰ প্ৰতিশোধস্পৃহাই ব্যক্তিগত আৰু পেছাগত সম্পৰ্কৰ মাজলৈ তিক্ততা কঢ়িয়াই আনে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















