EPFO ই নিজৰ কোটি কোটি একাউণ্টধাৰীৰ বাবে পৰিৱৰ্তন আনিবলৈ সাজু হৈছে। EPFO ৩.০’ নামৰ নতুন আঁচনিখন আৰম্ভ হোৱাৰ লগে লগে PF ৰ ধন উলিওৱাটো বেংক একাউণ্টৰ পৰা ধন উলিওৱাৰ দৰেই সহজ হৈ পৰিব। বিগত ৬০ বছৰ ধৰি মানুহে দীঘলীয়া কাগজ-পত্ৰৰ মাজেৰে গৈ কাৰ্যালয়লৈ গৈ PFৰ ধন উলিয়াবলগীয়া হৈছিল যদিও এতিয়া সেয়া অতীত হৈ পৰিব।

EPFO ৩.০ৰ অধীনত আটাইতকৈ ভাল খবৰটো হ’ল এতিয়া আপুনি আপোনাৰ PF ৰ ধন পোনপটীয়াকৈ এটিএম বা ইউপিআইৰ পৰা উলিয়াব পাৰিব। পূৰ্বে PF উলিয়াবলৈ অনলাইন ফৰ্ম পূৰণ কৰি সংস্থাটোৰ অনুমোদনলৈ অপেক্ষা কৰিব লাগিছিল, এই প্ৰক্ৰিয়াৰ বাবে বহু সময় লাগিছিল। কিন্তু নতুন ব্যৱস্থাৰ জৰিয়তে আপুনি UPIৰ জৰিয়তে আপোনাৰ পি এফ বেলেঞ্চৰ ৭৫% নিমিষতে উলিয়াব পাৰিব।

ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগমে ধন ওলিওৱা প্ৰক্ৰিয়াটো গুগল পে আৰু ফোনপেৰ দৰে এপৰ পৰা সম্ভৱপৰ কৰি তুলিছে। ইয়াৰ উপৰিও EPFO ই প্ৰতিজন সদস্যক বিশেষ PF এটিএম কাৰ্ড প্ৰদান কৰিব, যাৰ জৰিয়তে আপুনি যিকোনো এটিএম মেচিনৰ পৰা আপোনাৰ বেলেঞ্চৰ ৫০% পৰ্যন্ত নগদ ধন উলিয়াব পাৰিব।

এই নতুন ব্যৱস্থাত কেৱল উলিওৱাৰ পদ্ধতি সলনি কৰাই নহয়, সমগ্ৰ প্ৰক্ৰিয়াটোও সৰল আৰু চুটি কৰা হৈছে। পূৰ্বে পি এফ উলিওৱাৰ বাবে ১৩টা ভিন্ন শিতান আছিল, যিটো এতিয়া মাত্ৰ ৩টালৈ হ্ৰাস কৰা হ’ব। আটাইতকৈ ডাঙৰ সকাহ হ’ল এতিয়া অটো ছেটেলমেণ্টত ধন লাভৰ সীমা ৫ লাখ টকালৈ বৃদ্ধি কৰা হৈছে। অৰ্থাৎ ৫ লাখ টকা পৰ্যন্ত দাবী কম্পিউটাৰৰ দ্বাৰা স্বয়ংক্ৰিয়ভাৱে নিষ্পত্তি হ’ব। এতিয়া বেছিভাগ ক্ষেত্ৰতে কোম্পানীটোৰ অনুমোদনৰ বাবে আৰু অপেক্ষা কৰিব নালাগে।

পি এফ একাউণ্টত কিমান টকা ৰখাটো বাধ্যতামূলক?

ইপিএফঅ’ই এটা গুৰুত্বপূৰ্ণ নিয়ম প্ৰণয়ন কৰিছে যাতে আপোনাৰ অৱসৰৰ সময়ত সঞ্চয়ৰ ধন সম্পূৰ্ণৰূপে শেষ নহয়, আনকি উলিওৱাৰ এই সুবিধা থাকিলেও। আপুনি এটিএম বা ইউপিআইৰ জৰিয়তে ধন উলিয়ালেও সদায় আপোনাৰ একাউণ্টত কমেও ২৫% বেলেঞ্চ ৰাখিব লাগিব।

অৰ্থাৎ এই পদ্ধতিৰে আপুনি সমগ্ৰ পি এফৰ ধন উলিয়াব নোৱাৰিব। সুৰক্ষাৰ বাবে আধাৰভিত্তিক অ’টিপিৰ ব্যৱস্থা ব্যৱহাৰ কৰা হ’ব, যাৰ বাবে ২৪ ঘণ্টাৰ ভিতৰত সমগ্ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব। চৰকাৰে ২০২৬ চনৰ ভিতৰত এই নতুন ব্যৱস্থা সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ লক্ষ্য ৰাখিছে। ইয়াৰ দ্বাৰা বিশেষকৈ সেইসকল শ্ৰমিক আৰু কৰ্মচাৰীসকল উপকৃত হ’ব৷ যিসকলে ইণ্টাৰনেট ব্যৱহাৰ কৰিব নাজানে বা জৰুৰীকালীনভাৱে ধনৰ প্ৰয়োজন হয় তেওঁলোকৰ বাবে এই প্ৰক্ৰিয়া অতিকৈ লাভজনক৷