শনিবাৰৰ দিনটো ভগৱান শনি দেৱৰ নামত উচৰ্গিত। শনিদেৱক ন্যায়ৰ দেৱতা বুলি কোৱা হয়। সূৰ্য্যৰ পুত্ৰ শনিদেৱে এজন ব্যক্তিক তেওঁৰ কৰ্ম অনুযায়ী ফলাফল দিয়ে। ভাল কাম কৰাসকলৰ ওপৰত শনিদেৱৰ বিশেষ আশীৰ্বাদত থাকে। আনহাতে বেয়া কামত লিপ্ত হোৱাসকলে সাৰে সাতী, ধাইয়াৰ দৰে শনি দোষৰ সন্মুখীন হ’বলগীয়া হয়। শনি দোষৰ কাৰণে এজন ব্যক্তিয়ে আৰ্থিক, মানসিক আৰু স্বাস্থ্যজনিত সমস্যা আদিৰ সন্মুখীন হ’বলগীয়া হয়। ইয়াৰ উপৰিও শনিবাৰে কিছু কাম কৰাৰ পৰা বিৰত থাকিব লাগে। শনিবাৰে কৰা এটা সৰু ভুলেও আপোনাৰ জীৱনত ডাঙৰ প্ৰভাৱ পেলাব পাৰে বুলি বিশ্বাস কৰা হয়। গতিকে আজি শনিবাৰে কি কি কাম নকৰিব?
- শনিবাৰে সৰিয়হৰ তেল কিনাৰ পৰা বিৰত থাকক। অন্যথা আপুনি Shani Doshৰ প্ৰভাৱৰ সন্মুখীন হ’ব পাৰে। শনিবাৰে সৰিয়হৰ তেল দান কৰাটো শুভ বুলি গণ্য কৰা হয়। তদুপৰি শনিবাৰে শনিদেৱক সৰিয়হৰ তেল আগবঢ়োৱাটো শুভ ফলদায়ক বুলি বিবেচিত হয়।
- চুলি আৰু নখ কটাঃ শনিবাৰে চুলি আৰু নখ কটাটো নিষিদ্ধ বুলি গণ্য কৰা হয়। তেনে কৰিলে আপোনাৰ জীৱনত নেতিবাচক প্ৰভাৱ পৰিব পাৰে।
- লোহাৰ সামগ্ৰী কিনাঃ শনিবাৰে লোহাৰ সামগ্ৰী কিনা পৰিহাৰ কৰক। শনিবাৰে লোহা ক্ৰয় কৰাটো অশুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত আৰ্থিক সমস্যাৰ সৃষ্টি হ’ব পাৰে।
- আনক আঘাত দিয়াৰ পৰা বিৰত থাককঃ শনিবাৰে নিজৰ কথাৰে কাকো অপমান নকৰিব বা আঘাত নিদিব। আপোনাৰ বয়োজ্যেষ্ঠসকলক সন্মান কৰক। আনক অশান্তিৰ দিলে ভগৱান শনিদেৱৰ খং উঠিব পাৰে।
- ক’লা তিল খোৱাৰ পৰা বিৰত থাককঃ শনিবাৰে ক’লা তিল খোৱাৰ পৰা বিৰত থাকিব লাগে। ইয়াৰ ফলত Shani Doshaৰ প্ৰভাৱ বৃদ্ধি পায়। লগতে শনিবাৰে ক’লা তিল কিনাৰ পৰা বিৰত থাকিব।
- জোতা-চেণ্ডেল কিনাঃ শনিবাৰে জোতা-চেণ্ডেল কিনা উচিত নহয়।
শনিবাৰে কি কৰিব?
- শনিবাৰে সন্ধিয়া আঁহত গছৰ তলত এট চাকি জ্বলাব পাৰে।
- শনি দেৱৰ সৈতে ভগৱান হনুমানক পূজা কৰাটো লাভজনক বুলি বিবেচিত হয়৷
- শনিবাৰে দুখীয়া আৰু আৰ্তজনক খাদ্য, ধন, কাপোৰ, তেল, তিল আদি দান কৰক।
- শনিবাৰে সৰিয়হৰ তেল, ক’লা তিল, উৰহ দাইল, ক’লা কাপোৰ, বা লোহাৰ সামগ্ৰী দান কৰাটো ভাল বুলি বিবেচিত হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















