পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ সময়ত হিংসাত্মক পৰিস্থিতি ৰোধ কৰিবলৈ পশ্চিমবংগত কেইবাজনো বিশেষ বিষয়াক নিয়োগ কৰা হৈছে। উত্তৰ প্ৰদেশৰ সিংঘম অফিচাৰ তথা এনকাউণ্টাৰ স্পেচিয়েলিষ্ট অজয় পাল শৰ্মাকো বংগ নিৰ্বাচনৰ বাবে নিয়োগ কৰা হৈছিল।
২৩ এপ্ৰিলত পশ্চিম বংগত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ২৯ এপ্ৰিলত অনুষ্ঠিত হ’ব। দ্বিতীয় পৰ্যায়ৰ পূৰ্বে উত্তৰ প্ৰদেশৰ কঠোৰ আই পি এছ বিষয়া অজয়পাল শৰ্মাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত তেওঁ তৃণমূল কংগ্ৰেছ প্ৰাৰ্থী জাহাংগীৰ খানক সকীয়াই দিয়া দেখা যায়।
এই সময়ছোৱাত এনকাউণ্টাৰ বিশেষজ্ঞ তথা উত্তৰ প্ৰদেশ আৰক্ষীৰ ‘সিংঘম’ অজয়পাল শৰ্মাক দক্ষিণ ২৪ পৰগনাত আৰক্ষী পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। অভিষেক বেনাৰ্জীৰ ঘনিষ্ঠ জাহাংগীৰ খানৰ পৰিয়াললৈ কঠোৰ সতৰ্কবাণী জাৰি কৰিছে অজয়পাল শৰ্মাই। ইউ পিৰ সিংঘমে কয় যে কোনোবাই যদি মানুহক ভয় দেখুৱাবলৈ চেষ্টা কৰে, তেন্তে তেওঁলোকৰ সৈতে কঠোৰ ব্যৱহাৰ কৰা হ’ব।
এইবাৰৰ পশ্চিম বংগ বিধানসভাৰ নিৰ্বাচনত টিএমচিৰ টিকট প্ৰত্যাশী প্ৰাৰ্থী জাহাংগীৰ খানে ৰাইজক ভয়-ভাবুকি দিছিল। ফলত তেওঁৰ বিৰুদ্ধে স্থানীয় বাসিন্দাক ভয় দেখুৱাৰ গুৰুতৰ অভিযোগৰ সন্মুখীন হৈছিল। এই সময়ত অজয় পাল শৰ্মা যেতিয়া ফাল্টা বিধান সভা সমষ্টিত উপস্থিত হয় তেতিয়া তেওঁ কয়, “জাহাংগীৰৰ পৰিয়ালো ইয়াত থিয় হৈ আছে। তেওঁৰ মানুহে ভাবুকি দিয়া বুলি বাৰে বাৰে খবৰ পোৱা গৈছে। আমি ভালদৰে তদন্ত কৰিম। পিছত কান্দি আক্ষেপ নকৰিব।”
Ajay Pal Sharma, the encounter specialist and Singham of UP police, is deployed as police observer of South 24 Parganas. He just read the riot act to Bhaipo’s henchman Jehangir Khan’s family members.
Nobody can stop this election from being the most free and fair election in 50… pic.twitter.com/p3WOLLXL6d
— BJP West Bengal (@BJP4Bengal) April 27, 2026
Y শ্ৰেণীৰ সুৰক্ষাৰ ওপৰত উত্থাপিত প্ৰশ্ন
অজয় পাল শৰ্মা যেতিয়া জাহাংগীৰ খানৰ সমষ্টিত উপস্থিত হয়, তেতিয়া তেওঁ ঘৰৰ বাহিৰত ১৪ জন জোৱানক লগ পায়। স্থানীয় আৰক্ষী অধীক্ষকে তেওঁক জনায় যে জাহাংগীৰ খানৰ ৱাই কেটেগৰী নিৰাপত্তা আছে, যাৰ বাবে ১০ জন নিৰাপত্তাৰক্ষীৰ পোৱা যায়।
অজয় পাল শৰ্মাই প্ৰশ্ন উত্থাপন কৰে যে কিয় অতিৰিক্ত চাৰিজন জোৱান নিয়োগ কৰা হৈছে। অতিৰিক্ত বাহিনী নিয়োগ কৰাৰ বাবে স্পষ্টীকৰণ দাবী জনাই স্থানীয় আৰক্ষী অধীক্ষকক জাননী প্ৰেৰণ কৰে বিষয়াগৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















