মানুহৰ শৰীৰত তিল থকাটো সাধাৰণ কথা। কিন্তু সমুদ্ৰ শাস্ত্ৰৰ মতে, শৰীৰৰ বিভিন্ন অংশত থকা তিলে আপোনাৰ সৌন্দৰ্য বৃদ্ধি কৰাই নহয়, ই আপোনাৰ সুখ আৰু সৌভাগ্যৰ ইংগিতো দিব পাৰে। এই তিলৰ সহায়ত যিকোনো ব্যক্তিৰ শক্তি আৰু দুৰ্বলতাৰ বিষয়েও বিতংভাৱে জানিব পাৰি। আজি শৰীৰত থকা তিলৰ পৰা পোৱা শুভ আৰু অশুভ লক্ষণসমূহৰ বিষয়ে বিতংভাৱে জানো আহক।
নাকত থকা তিল
সমুদ্ৰ শাস্ত্ৰৰ (Samudrika Shastra)ৰ মতে নাকত তিল থকা ব্যক্তি বিভিন্ন প্ৰতিভাৰে চহকী। এনে ব্যক্তি অতি সৌভাগ্যৱান, সুখী আৰু সমৃদ্ধিশালী হয়। এনে লোকে নিজৰ কেৰিয়াৰ আৰু ব্যৱসায়ত যথেষ্ট অগ্ৰগতি লাভ কৰে। নাকৰ সন্মুখত তিল থকা লোকসকল নিজৰ কৰ্ম ক্ষেত্ৰখনত সুপৰিচিত হ’ব পাৰে। বিশ্বাস কৰা হয় যে, নাকৰ সোঁফালে তিল থকা মহিলাসকলে পিতৃ-মাতৃৰ পৰা যথেষ্ট সন্মান আৰু সমৰ্থন লাভ কৰে।
কাণত থকা তিল
সমুদ্ৰ শাস্ত্ৰৰ মতে, কাণৰ মাজত তিল থকা মানুহবোৰ অতি সৎ আৰু ভাল বন্ধু হয়। এনে লোকে এবাৰ কিবা সিদ্ধান্ত ল’লে সেই কামটো কৰিহে এৰে। কাণৰ তলত তিল থকা মানুহবোৰ অতি আৱেগিক প্ৰকৃতিৰ হয়, প্ৰায়ে সৰু সৰু কথাবোৰ হৃদয়ত লয়।
চকুত থকা তিল
চকুত তিল থকা লোকে আনক অতি সহজে আকৰ্ষিত কৰিব পাৰে। এনে লোকৰ ভাগ্য যথেষ্ঠ ভাল আৰু প্ৰতিটো খোজতে সফলতা লাভ কৰে। এনে লোকৰ কেতিয়াও ধনৰ অভাৱ নহয়।
ওঁঠত থকা তিল
বিশ্বাস কৰা হয় যে, যিসকল লোকৰ ওপৰৰ ওঁঠৰ সোঁফালে তিলৰ থাকে, তেওঁলোক অতি ভাগ্যৱান হয়। জীৱনত তেওঁলোকে সকলো ধৰণৰ আৰাম আৰু লাহবিলাহ অতি সহজে পায়। এনে লোকক প্ৰেমৰ সম্পৰ্কত সফল হোৱা দেখা যায়। আনহাতে ওঁঠৰ বাওঁফালে তিল থাকিলে অশুভ বুলি গণ্য কৰা হয়।
(ইয়াত দিয়া তথ্যসমূহ ধৰ্মীয় বিশ্বাস আৰু লোকবিশ্বাসৰ ওপৰত আধাৰিত, ইয়াৰ কোনো বৈজ্ঞানিক প্ৰমাণ নাই।)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















