জ্যোতিষশাস্ত্ৰ অনুসৰি, জ্ঞান, সৌভাগ্য আৰু উন্নতিৰ কাৰক গ্ৰহ বৃহস্পতি৷ মহাদেৱৰ নিৰ্দেশত দেৱতাসকলৰ গুৰুৰ আসন গ্ৰহণ কৰে৷ সেয়ে তেওঁক দেৱগুৰুও বুলি কোৱা হয়৷ আগন্তুক ১৮ জুনৰ নিশা ৯বাজি ৩২ মিনিটত শনিৰ অধীনত পুষ্য নক্ষত্ৰত প্ৰৱেশ কৰিব৷ এই নক্ষত্ৰত গুৰুগ্ৰহ ১৯ আগষ্ট ২০২৬ পৰ্যন্ত থাকিব৷ জ্যোতিষমতে এই সময়ত কিছু ৰাশিৰ বাবে অত্যন্ত শুভ আৰু ফলদায়ক হ’ব পাৰে৷ বিশেষকৈ ৪ৰাশিৰ জীৱনত বৃহৎ পৰিবৰ্তন, আৰ্থিক উন্নতি আৰু সাফল্যৰ নতুন দুৱাৰ খুলি যাব পাৰে৷ কাৰ কাৰ জীৱনৰ শুভ অধ্যায় আৰম্ভ হ’ব?
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতকৰ বাবে বৃহস্পতিৰ এই গোচৰ বিশেষ শুভ হ’ব বুলি ধাৰণা কৰা হৈছে৷ এই সময়ত আৰ্থিক লাভৰ সম্ভাৱনা প্ৰৱল৷ নতুন বাহন বা মূল্যবান কিছু ক্ৰয়ক সুযোগ তৈয়াৰ হ’ব পাৰে৷ পাৰিবাৰিক সম্পৰ্ক আৰু গভীৰ আৰু মধুৰ হ’ব৷ চাকৰিৰ ক্ষেত্ৰত পদোন্নতি বা দৰমহা বৃদ্ধিৰ সম্ভাৱনাও আছে৷ সমাজত সন্মান আৰু জনপ্ৰিয়তা বাঢ়িব পাৰে৷
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতকৰ বাবে এই সময়ত কৰ্মক্ষেত্ৰত উন্নতিৰ সুযোগ আছে৷ চাকৰিয়ালৰ সন্মান আৰু প্ৰভাৱ বাঢ়িব পাৰে৷ পৰিয়ালত সুখ, শান্তি আৰু সমৃদ্ধিৰ বৃদ্ধি পাব৷ নতুন ব্যৱসায় বা কাম আৰম্ভ কৰাৰ আববে এই সময় অনুকূল বুলি ধাৰণা কৰা হৈছে৷ কেৰিয়াৰত নতুন দিশা আৰু সুযোগ পাব পাৰে৷ দীৰ্ঘদিনৰ পৰিকল্পনা বাস্তবায়নৰ সুযোগ আহিব পাৰে৷
ধনু ৰাশি
ধনু ৰাশিৰ বাবে বৃহস্পতিৰ এই নক্ষত্ৰ গোচৰে উন্নতিৰ নতুন পথ খুলিব পাৰে৷ ব্যৱসায়ত আৰ্থিক লাভৰ সম্ভাৱনা থাকিব৷ বৃহৎ সিদ্ধান্ত লোৱাৰ বাবে এই সময় শুভ হ’ব পাৰে৷ প্ৰভাৱশালী বা উচ্চপদস্থ কোনো ব্যক্তিৰ সৈতে যোগাযোগ তৈয়াৰ হ’ব পাৰে৷ যি ভৱিষ্যতে লাভজনক হ’ব৷ জীৱনত ইতিবাচকতা বাঢ়িব৷ পৰিয়াললৈ সুখবৰ আহিব পাৰে৷
মীন ৰাশি
মীন ৰাশিৰ জাতকৰ বাবে এই গোচৰ অত্যন্ত ফলদায়ক হ’ব পাৰে৷ ব্যৱসায়ত বৃহৎ চুক্তি বা লাভজনক সুযোগ আহিব পাৰে৷ যিসকলে নতুন চাকৰিৰ সন্ধানত আছে তেওঁলোকে ভাল কোনো খবৰ পাব পাৰে৷ শিল্প, সংস্কৃতি বা সৃজনশীল কামৰ সৈতে যুক্তসকলে সাফল্য পাব৷ আত্মবিশ্বাস বৃদ্ধি পাব আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষমতাও বাঢ়িব৷ ইয়াৰোপৰি স্বাস্থ্যৰ অৱস্থাৰ উন্নতিৰ সম্ভাৱনাও আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















