জ্যোতিষশাস্ত্ৰীয় গণনাৰ পৰা দেখা গৈছে যে ২২ মে’ত চন্দ্রই চতুৰ্থ ৰাশিত, অর্থাৎ তাৰ নিজৰ ৰাশি কৰ্কটত গোচৰ কৰিব৷ মঙ্গলেও চন্দ্ৰক চতুৰ্থ দৃষ্টি দিব৷ ইয়াৰোপৰি শুকুৰবাৰে বৃহস্পতি আৰু শুক্ৰৰ সংযোগ ঘটিব আৰু বৃদ্ধি যোগৰ সংযোগো গঠিত হ’ব৷ ৫ৰাশিৰ বাবে এই দিনটোৱে শুভ ফল কঢ়িয়াই আনিব৷
শুকুৰবাৰৰ ভাগ্যবান ৰাশি
মেষ ৰাশি
২২ জুন মেষ ৰাশিৰ বাবে আৰ্থিক উন্নতিৰ দিন৷ আপোনাৰ ৰাশিৰ পৰা চতুৰ্থ ঘৰত চন্দ্ৰৰ ওপৰত মঙ্গলৰ দৃষ্টিয়ে আপোনাক জাগতিক স্বাচ্ছন্দ্য আনি দিব৷ আপুনি আপোনাৰ ব্যৱসায় আৰু বাণিজ্যৰ নতুন উদ্যম আৰু গতি দেখা পাব৷ আপুনি আপোনাৰ সহকৰ্মীসকলৰ পৰা সমৰ্থন পাব৷ আপুনি আপোনাৰ পাৰিবাৰিক জীৱনো উপভোগ কৰিব পাৰিব৷ কিছু বিভ্ৰান্তি থাকিলেও এই দিনটো আনন্দেৰেই কটাব৷ ৮৯ শতাংশ ভাগ্যৰ সংগ পাব৷
মিথুন ৰাশি
যিহেতু এই গজলক্ষ্মী ৰাজযোগে আপোনাৰ নিজৰ ৰাশিতেই গঠিত হৈছে৷ সেয়ে আপুনি ইয়াৰ সকলোতকৈ প্ৰত্যক্ষ আৰু ইতিবাচক অনুভৱ কৰিব৷ আপুনি যদি দীৰ্ঘদিন ধৰি চাকৰি পৰিবৰ্তনৰ কথা ভাৱি থাকে তেন্তে ২ জুন ২০২৬ৰ পূৰ্বে চমৎকাৰ চাকৰিৰ প্ৰস্তাব পাব পাৰে৷ ঊৰ্ধ্বতনসকলৰ পৰা পূৰ্ণ সমৰ্থন পাব৷ বৃহস্পতি আৰু শুক্ৰৰ উপস্থিতিয়ে বেংক বেলেন্স উল্লেখযোগ্যভাৱে বৃদ্ধি কৰিব৷ পুৰণি দিবলগীয়া ঋণৰ পৰা মুক্তি পাব৷ সামাজিক মৰ্যাদা বৃদ্ধি পাব৷ আপোনাৰ কথাৰ প্ৰভাৱ বাঢ়িব আৰু মানুহে আপোনাৰ প্ৰতি আকৃষ্ট হ’ব৷
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে মিথুন ৰাশিত গজলক্ষ্মী যোগে তেওঁলোকক আৰাম আৰু বিলাসিতা বঢ়োৱাৰ ক্ষেত্ৰত এক অনুঘটক হিচাপে প্ৰমাণিত হ’ব৷ যদি নতুন ঘৰ, মাটি বা যানবাহন কিনাৰ পৰিকল্পনা কৰি থাকে তেন্তে এই সময়ত ইচ্ছা পূৰণ কৰিব পাৰে৷ অংশীদাৰী উদ্যোগসমূহে ব্যাপক সাফল্য আনি দিব৷ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে এক চমৎকাৰ সময়৷ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাৰ বাবে প্ৰশংসিত হ’ব আৰু কৰ্মক্ষেত্ৰত প্ৰভাৱ আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷
তুলা ৰাশি
যিহেতু শুক্ৰই তুলা ৰাশিৰ অধিপতি, সেয়ে মিথুন ৰাশিত অৱস্থিত বৃহস্পতিৰ সৈতে ইয়াৰ সংযোগে সৌভাগ্যৰ দ্বাৰ উন্মুক্ত কৰিব৷ জীৱনযাত্ৰাৰ মান উল্লেখযোগ্যভাৱে উন্নত হ’ব৷ জাগতিক আৰামৰ বাবে খৰচ কৰিব কিন্তু অৰ্থৰ নিয়মিত প্ৰবাহে আৰ্থিক অৱস্থাক শক্তিশালী ৰাখিব৷ অবিবাহিতসকলে নতুন আৰু অনুকূল বিবাহৰ প্ৰস্তাব পাব পাৰে৷ প্ৰেমৰ সম্পৰ্ক উন্নত হ’ব৷ যিসকলে শিল্প, গণমাধ্যম, লেখামেলা, বিপণন বা অন্য কোনো সৃজনশীল ক্ষেত্ৰৰ সৈতে জড়িত তেওঁলোকে এই সময়ত উল্লেখযোগ্য সাফল্য অৰ্জন কৰিব পাৰে৷
ধনু ৰাশি
ধনু ৰাশিৰ অধিপতি হৈছে স্বয়ং গুৰু বৃহস্পতি, যি বৰ্তমান মিথুন ৰাশিত অৱস্থান কৰিছে৷ সেয়ে শুক্ৰৰ সৈচে এই সংযোগে সৰ্বতোভাৱে সমৃদ্ধি কঢ়িয়াই আনিব৷ দীৰ্ঘদিনৰ অমীমাংসিত আইনী বিষয় বা পৈতৃক সম্পত্তি সংক্ৰান্তিয় বিবাদ আপোনাৰ নিষ্পত্তি হ’ব পাৰে৷ এই সময়ত কৰা বিনিয়োগৰ পৰা দ্বিগুণ লাভ হ’ব৷ আৰ্থিকভাৱে আপুনি পূৰ্বে কৰা বহু বেছি সুৰক্ষিত আৰু শক্তিশালী বোধ কৰিব৷ আপুনি আধ্যাত্মিত আৰু ধৰ্মীয় সাধনাৰ প্ৰতি আগ্ৰহী হ’ব৷ যিয়ে আপোনাক মানসিক শান্তি আনি দিব৷ ভ্ৰমণৰ ফলপ্ৰসূ হোৱাৰ সম্ভাৱনা আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















