বৃহস্পতিবাৰে নতুন দিল্লীৰ ভাৰত মণ্ডপমত কেন্দ্ৰীয় মন্ত্ৰিপৰিষদৰ এখন বৈঠকত সভাপতিত্ব কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ বৈঠকত প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰীসভাৰ সদস্যসকলৰ বকেয়া কামসমূহ দ্ৰুত শেষ কৰাৰ নিৰ্দেশ দিয়ে৷ বিয়লি পাঁচটাত আৰম্ভ হোৱা এই বৈঠক প্ৰায় ৪ঘণ্টা ৩০মিনিট ধৰি চলে৷ সূত্ৰমতে চলিত বছৰৰ এয়াই প্ৰথম পূৰ্ণাংগ মন্ত্ৰিসভাৰ বৈঠক৷
সূত্ৰৰ খবৰ অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰীসকলক ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়ি তোলাৰ লক্ষ্য আগত ৰাখি কাম কৰিবলৈ আহ্বান জনাইছে৷ তেওঁ জোৰ দি কৈছে যে এই লক্ষ্যক কেৱল এক শ্লোগান হিচাপে নলৈ হাতে কামে আগবঢ়াব লাগিব৷
বৈঠকত অৰ্ধেকৰো বেছি সময় ধৰি বিভিন্ন মন্ত্ৰণালয়ৰ দায়িত্বপ্ৰাপ্তই নিজৰ কাৰ্যক্ৰম উপস্থাপন কৰিছে৷ ইয়াৰ মাজতে ন’টা মন্ত্ৰণালয়ত তেওঁলোকৰ বিগত দিনৰ কৰ্মসম্পাদনা আৰু ভৱিষ্যতৰ ৰূপৰেখা সম্পৰ্কে বিস্তাৰিত বিৱৰণো দাঙি ধৰে৷ এই বৈঠকৰ সময়ত কেবিনেট সচিব আৰু নীতি আয়োগেও তেওঁলোকৰ নিজ নিজ উপস্থাপনা তুলি ধৰে৷
সূত্ৰই জনাইছে যে বৈঠকত সেইসমূহ মন্ত্ৰণালয়ৰ কামৰ বিশেষ প্রশংসা কৰা হয় যাৰ নথিপত্ৰ বা ফাইল নিষ্পত্তিত সৰ্বাধিক দ্ৰুততা আছে৷ এইক্ষেত্ৰত কামৰ দক্ষতা আৰু গৃহীত সিদ্ধান্তসমূহৰ যথাসময়ত বাস্তবায়নৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়৷ জানিব পৰামতে প্ৰধানমন্ত্ৰী মোদীয়ে বৰ্তমান পশ্চিম এছিয়াৰ চলমান সংকট আৰু ইয়াৰ সম্ভাৱ্য অৰ্থনৈতিক প্ৰভাৱৰ বিষয়টো উল্লেখ কৰিছে৷ একেলগে তেওঁ বিভিন্ন মন্ত্ৰণালয়ক এনে পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়ক যাতে নাগৰিক ন্যূনতম অসুবিধাৰো যাতে সন্মুখীন নহয়৷
বৈঠক চলাৰ সময়তে বিদেশমন্ত্ৰী এছ জয়শংকৰেও মন্ত্ৰীসকলৰ সন্মুখত প্ৰধানমন্ত্ৰীয়ে কৰা সাম্প্ৰতিক পাঁচ দেশীয় ভ্ৰমণ আৰু সেই যাত্ৰাৰ মূল কূটনৈতিক ফলাফল বিস্তাৰিতভাৱে তুলি ধৰে৷ এই বৈঠকত ইন্ধন, কৃষি, সাৰ, বিমান চলাচল, নৌপৰিবহন আৰু লজিষ্টিকছৰ দৰে ক্ষেত্ৰসমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয় আৰু সেইসমূহৰ প্ৰতি নিবিৰ মনোযোগো দিয়া হয়৷
প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ নেতৃত্বত গঠিত মন্ত্ৰীসকলৰ এক উচ্চ ক্ষমতাসম্পন্ন অনানুষ্ঠানিক গোষ্ঠীয়ে ইতিমধ্যেই সমগ্ৰ পৰিস্থিতিৰ ওপৰত নজৰদাৰি কৰি আছে৷ দক্ষিণ কোৰিয়া যাত্ৰাত থকা ৰাজনাথ সিঙে বৃহস্পতিবাৰৰ মন্ত্ৰীপৰিষদৰ বৈঠকত উপস্থিত থাকিব নোৱাৰিলে৷ আনহাতে স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডা বৰ্তমান জেনেভাত আছে৷
পশ্চিম এছিয়াৰ সংঘাত তীব্ৰ হোৱাৰ ফলত বিশ্ব অৰ্থনীতিত ক্ৰমশ অস্থিৰতা বাঢ়িছে৷ এই উদ্বেগৰ প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰীৰ সভাপতিত্বত মন্ত্ৰীপৰিষদৰ এই বৈঠক বিশেষ তাৎপৰ্যপূৰ্ণ আছিল৷ ভূ ৰাজনৈতিক উত্তেজনাৰ কাৰণে বিশ্ববজাৰত অপৰিশোধিত তেলৰ দাম বেৰেলে প্ৰতি ১০০ ডলাৰ পাৰ হৈছে৷ ইয়াৰ ফলত ভাৰতত মুদ্ৰাস্ফীতিৰ চাপ বৃদ্ধিৰ আশংকাই দেখা দিছে৷ কাৰণ ভাৰতত তাৰ প্ৰয়োজনীয় অপৰিশোধিত তেলৰ প্ৰায় ৮৫শতাংশই আমদানি কৰি থাকে৷ তেলৰ দাম বৃদ্ধিৰ ফলত দেশত ইন্ধনৰ খৰচ, পৰিবহন ব্যয় আৰু সামগ্ৰিক মুদ্ৰাস্ফীতিৰ ওপৰত প্ৰভাৱ পৰিব বুলি ধাৰণা কৰা হৈছে৷ সম্প্ৰতি প্ৰধানমন্ত্ৰীয়ে জনগণৰ প্ৰতি ইন্ধনৰ ব্যৱহাৰ, সোণ কিনা আৰু বিদেশ ভ্ৰমণ কমাই অনাৰ আহ্বান জনাইছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















