ক’ত নিৰাপদ মহিলা- ঘৰৰ চাৰি বেৰত নে ৰাজহুৱা ৰাস্তাত? এই প্ৰশ্নই যেতিয়া দেশৰ চুকে-কোণে হাহাকাৰ কৰি আছে, ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এক অত্যন্ত লজ্জাজনক ভিডিঅ’। এইবাৰ দেৱালত অংকন কৰা নাৰীৰ ছবি চায়ো অশ্লীল ইংগিত দিবলৈ আগবাঢ়ি আহিছে এদল পুৰুষ। এই ঘটনা পোহৰলৈ অহাৰ লগে লগে ইণ্টাৰনেটত গালিৰ বিস্ফোৰণ ঘটিছে। পুৰুষৰ বিকৃত মানসিকতাক লৈ প্ৰশ্ন উত্থাপন হৈছে। বলীউডৰ অভিনেত্ৰী ভূমি পেডনেকাৰে এই বিকৃতি দেখি মৌন হৈ থাকিব নোৱাৰিলে। ছচিয়েল মিডিয়াত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে।

সেই ভাইৰেল ভিডিঅ’টো কি?
ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে এদল পুৰুষে চুইমিং পুলত পানীয় খাই আছে। হঠাৎ তেওঁলোকে লক্ষ্য কৰে পুলৰ কাষৰ বেৰত অংকন কৰা এগৰাকী মহিলাৰ ছবি। ইয়াৰ পিছত চৰম কু-কাণ্ড আৰম্ভ হয়। ছবিখন উদযাপন কৰি ইটোৰ পিছত সিটোকৈ অতি কুৎসিত আৰু অশ্লীল ইংগিত দিবলৈ আৰম্ভ কৰে।
এই ভিডিঅ’টো নিজৰ প্ৰফাইলত শ্বেয়াৰ কৰি অভিনেত্ৰী ভূমি পেডনেকাৰে লিখিছে, “আমাৰ নতুন প্ৰজন্মৰ মানসিকতাই আজি এই স্তৰত উপনীত হৈছে! এই মানসিকতাৰ লোকে অনাগত দিনত সমাজত বা পৰিয়ালত নাৰী আৰু শিশুৰ বিৰুদ্ধে যৌন নিৰ্যাতন চলাব। আচলতে আমি এক ভয়ংকৰ মানসিক মহামাৰীৰ মাজেৰে পাৰ হৈছো।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















