অসমৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকললৈ আহিছে ডাঙৰ খবৰ। অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থা (PDS) ৰ অধীনত ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বন্ধ হোৱা কথা আচিল ৰেচন। জুন মাহৰ পৰা অনিৰ্দিষ্টকাললৈ দাইল, চেনি আৰু নিমখ লাভ কৰা নাছিল হিতাধিকাৰীয়ে। ১ জুনৰ পৰা হিতাধিকাৰীৰ বাবে বন্ধ কৰাৰ কথা আছিল এই ৩বিধ সামগ্ৰীৰ যোগান।
এই জাননীৰ পিছতে ৰেচনৰ ৭০লাখ হিতাধিকাৰীয়ে বৰ্ধিত মূল্যতে সামগ্ৰী ক্ৰয় কৰিব লাগিব বুলি চিন্তাত পৰিছিল। যদিও সুলভ মূল্যৰ দোকান সমূহত এই তিনিবিধ সামগ্ৰী উপলব্ধ নহ’ব বুলি কৈছিল, কিন্তু আজি কেবিনেটত এই বিষয়ে মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ।
আজি কেবিনেট বাজেটৰ সিদ্ধান্ত অনুসৰী মুখ্যমন্ত্ৰীয়ে কয়, “১ আগষ্টৰ পৰা চৰকাৰী আঁচনিৰ সুবিধা পাব ৰাইজে। ৰেচনৰ হিতাধিকাৰীৰ বাবে বন্ধ হৈ থকা ৰেচনো শীঘ্ৰে পাব। দাইল, চেনি, নিমখ বাজেট নাই বাবে লাভ কৰা নাই। কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী। ১ আগষ্টৰ পৰা প্ৰতিখন আঁচনিৰ সুবিধা আগৰ দৰে পাব। বাজেট পাছ নোহোৱাৰ বাবে উন্নয়নমবলক আঁচনিসমূহ বন্ধ হৈ আছে। আগন্তুক বাজেট অধিৱেশনৰ পিছত ৰাইজে পুনৰ সকলো সুবিধা লাভ কৰিব।”
মুখ্যমন্ত্ৰীয়ে জনোৱা মতে ৬জুলাইৰ ভিতৰত পূৰ্ণাংগ বাজেট অনুষ্ঠিত হ’ব। বাজেটৰ পাছৰে পৰা পাব জনসাধাৰণে সকলো সুবিধা লাভ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ














