ছাকিৰা আৰু নোৰা ফাতেহীয়ে বিশ্বকাপত জিনিব সকলোৰে হৃদয়। বিশ্বকাপত কেৱল খেলৰ বাবেই আকৰ্ষণৰ স্থান নহয়, খেলৰ উপৰিও সুৰীয়া সুৰ আৰু গ্লেমাৰ সমানেই আকৰ্ষণীয়। ১১ জুনত মেক্সিকো চহৰৰ ঐতিহাসিক এষ্টাডিঅ’ আজটেকা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ২০২৬ চনৰ বিশ্বকাপ। বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত পপ কুইন ছাকিৰাই পুনৰবাৰ মঞ্চত জুই জ্বলাইছে। নাইজেৰিয়াৰ গায়িকা বুৰ্না বয়ৰ সহযোগত বিশ্বকাপৰ অফিচিয়েল গীত ‘দাই দাই’ পৰিবেশন কৰিব। মেক্সিকো আৰু দক্ষিণ আফ্ৰিকাৰ মাজত হাই ভল্টেজৰ মুকলি মেচ আৰম্ভ হোৱাৰ ঠিক ৯০ মিনিট পূৰ্বে এই গ্ৰেণ্ড ইভেণ্ট আৰম্ভ হ’ব। ইতিমধ্যে এই মেগা ইভেণ্টটোক কেন্দ্ৰ কৰি বিশ্বৰ ফুটবল অনুৰাগীৰ উত্তেজনা বৃদ্ধি হৈছে।
কিন্তু মনোৰঞ্জনৰ এই খোৰাক কেৱল মেক্সিকোতে সীমাবদ্ধ নহয়, আয়োজকসকলে এই বিশ্বকাপত মনোৰঞ্জনৰ কোনো খুতি এৰি দিয়া নাই। মেক্সিকোৰ গ্ৰেণ্ড মুকলিৰ পিছদিনা অৰ্থাৎ ১২ জুনত কানাডা আৰু আমেৰিকাত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কানাডাৰ টৰন্টোত মঞ্চ জোকাৰিবলৈ সাজু হৈছে ভাৰতীয় নৃত্য ৰাণী নোৰা ফাতেহী। টৰন্টোত অনুষ্ঠিত হ’বলগীয়া এই মেগা ইভেণ্টত নোৰাৰ লগতে বিশ্ববিখ্যাত গায়ক মাইকেল বুবলে আৰু আলানিছ মৰিছেটে মূল আকৰ্ষণ হ’ব। আনহাতে, একেদিনাই আমেৰিকাৰ পপ তাৰকা কেটি পেৰী আৰু জনপ্ৰিয় ৰেপাৰ ফিউচাৰে আমেৰিকাৰ ছফিটেল ষ্টেডিয়ামত পপ সংগীতৰ যাদু দেখুৱাব।
ছাকিৰা আৰু বাৰ্না বয়ৰ উপৰিও মেক্সিকোৰ মূল মুকলি মঞ্চত বহুতো আন্তঃৰাষ্ট্ৰীয় তাৰকাই অংশগ্ৰহণ কৰিব। এই তালিকাত আছে আলেজান্দ্ৰ’ ফাৰ্নাণ্ডেজ, বেলিণ্ডা, ডেনি অ’চেন, জে বালভিন, লিলা ডাউন্স, লছ এঞ্জেলছ এজুলছ, মানা আৰু টাইলাৰৰ দৰে মহান শিল্পী। ফুটবল অনুৰাগীসকলে হয়তো কেতিয়াও কল্পনা কৰা নাছিল যে একেখন প্ৰতিযোগিতাতে ইমানবোৰ ডাঙৰ তাৰকাই একেলগে প্ৰদৰ্শন কৰিব।
ফিফা বিশ্বকাপৰ আৰম্ভণি গ্ৰেণ্ড কৰি তোলাৰ সম্পূৰ্ণ পৰিকল্পনা কৰা হৈছে। প্ৰতিযোগিতাখনৰ ফাইনেলৰ পিছত সামৰণি অনুষ্ঠানতো মঞ্চত শোভা বঢ়াবলৈ ওলাইছে ছাকিৰাই। অৱশ্যে কিংবদন্তি পপ কুইন মেডোনা আৰু দক্ষিণ কোৰিয়াৰ বিশ্ববিখ্যাত কে-পপ বেণ্ড ‘বিটিএছ’ (BTS)ৰ সৈতে মঞ্চত দেখিব। এতিয়া খেলপথাৰত ফুটবল আৰু মঞ্চত সংগীতৰ সংমিশ্ৰণ চাবলৈ লাখ লাখ দৰ্শকে অপেক্ষা কৰি আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















