সাজঘৰেহে জানে আচল পৰিচয়
প্রতিদিনৰ ভাওনাত
কোননো তই
কোননো মই
সঁচা হাঁহি নে মিছা কান্দোন
বা সঁচা কান্দোন নে মিছা হাঁহি
হেঙুল-হাইতালৰ তৰপে তৰপে ঢাকি ৰখা
কুটিল ৰূপ
তোৰ মোৰ এই গোপন স্বৰূপ
অবিৰত কান্ধত কঢ়িয়াই ফুৰা মুখাৰ তলৰ মুখ
দাপোণেহে মাথোঁ দেখে শৰীৰটোৰ এই আচল অসুখ
জ্যেষ্ঠ অধিবক্তাগৰাকীৰ আনটো কবিতা…
অশ্রুবর্ষণ
বৰষুণৰ টোপালবোৰ
বাটকুৰি বাই আহিছিল
তোমাক অলপ হ’লেও তিয়াই যাবলৈ
ঠিক তেনেদৰেই আহিছিল
চকুলোৰ টোপালবোৰ
বহু গভীৰৰ পৰা
তোমাক কিছু মনৰ কথা ক’বলৈ
তুমি অকস্মাৎ জপাই দিলা খিৰিকীখন
আদবাটতে নিঠৰুৱা হ’ল কিছু নিঃকিন সুখ
বুকুখন হেঁচা মাৰি এসুঁতি দুখৰ অসুখ
বৈ আহিল বর্ষাসিক্ত অশ্রুৰ স্ফটিকেৰে
এই দুখতে মুখ গুঁজি
কবিতাই কাণে কাণে ক’লে:
বৰষুণ আৰু চকুলোৱে আজিও নাজানে
কপালত যে সিহঁতৰ লিখা আছে
একেটা কঠোৰ দণ্ড…
এবাৰ কেনেবাকৈ ওলাই আহিলে
উভতি যোৱাৰ বাট চিৰদিনলৈ বন্ধ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















