• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

2 months ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

6 hours ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

6 hours ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

7 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

7 hours ago
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

7 hours ago
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

8 hours ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

9 hours ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

10 hours ago
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

10 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

11 hours ago
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

11 hours ago
১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

অভিষেক পোৰেলৰ গ্ৰেপ্তাৰৰ পিছতে উঠিছে প্ৰশ্ন

editor by editor
August 12, 2026
in অপৰাধ, ক্ৰীড়া, বিনোদন, ভাৰত, লেখা
0
IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?
0
SHARES
329
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় ক্ৰিকেটৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি পাইছে। IPLৰ দৰে বৃহৎ মঞ্চত খেলি বহু ক্ৰিকেটাৰে দেশ-বিদেশত পৰিচিতি লাভ কৰিছে। কিন্তু শেহতীয়াকৈ কিছুমান IPL ক্ৰিকেটাৰৰ বিৰুদ্ধে উত্থাপিত হোৱা ধ*ৰ্ষণ, যৌ*ন নিৰ্যাতন, প্ৰতাৰণা আৰু অন্যান্য গুৰুতৰ অভিযোগে ক্ৰিকেট জগতত আলোড়নৰ সৃষ্টি কৰিছে। অভিযোগসমূহৰ ক্ষেত্ৰত আদালতৰ সিদ্ধান্ত নোহোৱালৈকে অভিযুক্তসকলক দোষী বুলি গণ্য কৰিব নোৱাৰি। তৎসত্ত্বেও এই ঘটনাসমূহে খেলুৱৈসকলৰ ব্যক্তিগত আচৰণ আৰু আইনী দায়িত্বক লৈ নতুনকৈ চৰ্চা সৃষ্টি কৰিছে। অৱশ্যে IPL খেলা তেনে ক্ৰিকেটাৰৰ তালিকা বেছি দীঘলীয়া নহয়। শেষতীয়াকৈ কলকাতা আৰক্ষীয়ে দিল্লী কেপিটেলছৰ অপেনাৰ বেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰ কৰাৰ পিছতে প্ৰশ্ন উত্থাপন হৈছে পূৰ্বতেও যৌ*ন নিৰ্যাতনৰ অভিযোগৰ সন্মুখীন হোৱা IPL খেলা ক্ৰিকেটাৰ আছে নেকি?

য়শ দয়ালৰ বিৰুদ্ধে দুটাকৈ গোচৰ

পেচাৰ য়শ দয়ালৰ বিৰুদ্ধে দুটাকৈ গোচৰ। IPL-ৰ RCBৰ হৈ খেলা ক্ৰিকেটাৰ য়শ দয়ালৰ বিৰুদ্ধে ২০২৫ চনত দুটাকৈ পৃথক ধ*ৰ্ষণৰ গোচৰ ৰুজু হৈছিল। প্ৰথমটো গোচৰ উত্তৰ প্ৰদেশৰ গাজিয়াবাদত ৰুজু কৰা হৈছিল। অভিযোগ অনুসৰি, এগৰাকী মহিলাক বিয়াৰ প্ৰতিশ্ৰুতি দি তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ উত্থাপিত হৈছে। দ্বিতীয়টো গোচৰ জয়পুৰত ৰুজু কৰা হৈছিল আৰু তাত POCSO আইনৰ অধীনতো অভিযোগ অনা হৈছে। তথ্য অনুসৰি, দুয়োটা গোচৰেই আদালতত বিচাৰাধীন হৈ আছে। এই গোচৰসমূহৰ ক্ষেত্ৰত আদালতৰ চূড়ান্ত সিদ্ধান্ত এতিয়াও অহা নাই। সেয়ে অভিযোগসমূহক কেৱল অভিযোগ হিচাপেই বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ।

শিৱালিক শৰ্মাৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ

IPLৰ Mumbai Indiansৰ শিবিৰত থকা শিৱালিক শৰ্মাৰ বিৰুদ্ধে ২ জানুৱাৰী ২০২৫ তাৰিখে যোধপুৰ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছিল। অভিযোগ অনুসৰি, ক্ৰিকেটাৰগৰাকীয়ে এগৰাকী যুৱতীৰ সৈতে বাগদানৰ পিছত শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল আৰু পৰৱৰ্তী সময়ত বিয়াৰ পৰা আঁতৰি গৈছিল। এই ঘটনাক কেন্দ্ৰ কৰি তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হয় আৰু পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। শিৱালিক শৰ্মাৰ বিৰুদ্ধে গোচৰটো বৰ্তমান আদালতত বিচাৰাধীন।

ভিপৰাজ নিগমৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ

Delhi Capitalsৰ সৈতে জড়িত ভিপৰাজ নিগমৰ নামো এই তালিকাত উল্লেখ কৰা হৈছে। তথ্য অনুসৰি, ২০২৫ চনৰ নৱেম্বৰ মাহত উত্তৰ প্ৰদেশৰ এগৰাকী মহিলা ক্ৰিকেটাৰে নয়দা আৰক্ষীৰ ওচৰত বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা কৰাৰ অভিযোগ দাখিল কৰিছিল। অভিযোগ অনুসৰি, নয়দাৰ এখন হোটেলত ধ*ৰ্ষণ আৰু মাৰপিটৰ অভিযোগো উত্থাপিত হৈছিল। ইয়াৰ উপৰি, সংশ্লিষ্ট মহিলাগৰাকীয়ে ক্ৰিকেটাৰজনৰ বিৰুদ্ধে ব্লেকমেইলিঙৰ অভিযোগো উত্থাপন কৰিছিল বুলি উল্লেখ কৰা হৈছে। ঘটনাটোৰ তদন্ত আৰক্ষীৰ ফালৰ পৰা চলি আছে।

সন্দীপ লামিছানেৰ বিৰুদ্ধে ধ*ৰ্ষণৰ গোচৰ

নেপালৰ তাৰকা ক্ৰিকেটাৰ তথা IPLত দিল্লী কেপিটেলছৰ হৈ এসময়ত খেলা সন্দীপ লামিছানেৰ নামো এনে ঘটনাৰ সৈতে জড়িত হৈ চৰ্চালৈ আহিছিল। ফটোখনৰ তথ্য অনুসৰি, ২০২২ চনত কাঠমাণ্ডুত এগৰাকী নাবালিকাক ধ*ৰ্ষণৰ অভিযোগ তেওঁৰ বিৰুদ্ধে উত্থাপিত হৈছিল। এই গোচৰত নেপালৰ এখন আদালতে তেওঁক দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰিছিল বুলি উল্লেখ কৰা হৈছে। পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ৰ পৰা তেওঁ সকাহ লাভ কৰে। এই ঘটনাই কেৱল নেপালতেই নহয়, IPL আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মহলতো যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

IPLৰ দৰে বিশ্বজুৰি জনপ্ৰিয় ক্ৰিকেট প্ৰতিযোগিতাৰ সৈতে জড়িত খেলুৱৈসকলৰ ওপৰত কেৱল খেলপথাৰৰ প্ৰদৰ্শনৰ বাবেই নহয়, ব্যক্তিগত আচৰণ আৰু সামাজিক দায়িত্বৰ ক্ষেত্ৰতো যথেষ্ট নজৰ থাকে। সেয়ে এনে অভিযোগৰ ক্ষেত্ৰত আৰক্ষীৰ নিৰপেক্ষ তদন্ত আৰু আদালতৰ আইনী প্ৰক্ৰিয়াইহে সত্য উদঘাটনৰ মূল পথ।

খেলুৱৈসকলৰ বাবে BCCIৰ নিৰ্দেশনা

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (BCCI) খেলুৱৈসকলক কেৱল খেলপথাৰতে নহয়, খেলপথাৰৰ বাহিৰতো দায়িত্বশীল আৰু সতৰ্ক হৈ থকাৰ পৰামৰ্শ দিয়ে। IPL আৰু অন্যান্য প্ৰতিযোগিতাৰ সময়ত খেলুৱৈ, তেওঁলোকৰ পৰিয়াল আৰু ব্ৰডকাষ্টাৰসকলৰ বাবে ছ’চিয়েল মিডিয়া সম্পৰ্কীয় বিভিন্ন নিৰ্দেশনা থাকে। এই নিৰ্দেশনাৰ অধীনত ড্ৰেছিং ৰুম, ডাগআউট আৰু দলীয় হোটেলৰ দৰে নিৰ্দিষ্ট সংৰক্ষিত স্থানত অনুমতি অবিহনে ভিডিঅ’ বা ৰীল বনোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা থাকে। BCCIৰ এণ্টি-কৰাপচন ইউনিট (ACU)-য়ো খেলুৱৈসকলক হানী ট্ৰেপ, অনধিকৃত ব্যক্তি আৰু সন্দেহজনক যোগাযোগৰ সম্ভাৱ্য বিপদ সম্পৰ্কে সজাগ কৰি আহিছে। খেলুৱৈ আৰু দলীয় বিষয়াসকলে আচৰণবিধি মানি চলাটো বাধ্যতামূলক। নিয়ম উলংঘন কৰিলে ভৰ্ৎসনা, জৰিমনা অথবা অন্যান্য শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24iplrape case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?
জীৱনশৈলী

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

October 12, 2026
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM
অপৰাধ

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

October 12, 2026
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ
অপৰাধ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

October 12, 2026
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!
জীৱনশৈলী

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

October 12, 2026
Next Post
‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

'এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম' কিয় ক'লে গোবিন্দাই?

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.