পাকিস্তানৰ বলুচিস্তানৰ চুৰাব অঞ্চলৰ পৰা এক ভয়ংকৰ ঘটনাৰ খবৰ পোহৰলৈ আহিছে। অভিযোগ অনুসৰি, বলুচিস্তানৰ গোৱানধান গাঁৱত মাজনিশা পাকিস্তানী সেনাই বিমান আক্ৰমণ চলায়। এই আক্ৰমণত শিশু, মহিলা আৰু সাধাৰণ নাগৰিকসহ ২৮জন লোক নি*হতৰ খবৰ পোৱা গৈছে। তথ্য অনুসৰি ঘটনাটো চুৰাব জিলাৰ গোৱানধান গাঁৱত নিশা প্ৰায় ২ বজাত সংঘটিত হয়। সেই সময়ত গাঁওবাসী গভীৰ নিদ্ৰাত আছিল। হঠাৎ বিমানৰ শব্দ আৰু বিস্ফোৰণে সমগ্ৰ অঞ্চল কঁপাই তোলে। অভিযোগ অনুসৰি, পাকিস্তানী সেনাৰ যুদ্ধ বিমানে গাঁওখনৰ কেইবাটাও বাসগৃহক লক্ষ্য কৰি আক্ৰমণ চলায়। আক্ৰমণৰ পাছত বহু ঘৰ ধ্বংসস্তূপত পৰিণত হয় আৰু মাটিৰ লগতে কংক্ৰিটৰ তলত বহু লোক আবদ্ধ হৈ পৰে বুলি দাবী কৰা হৈছে। স্থানীয় লোকসকলে নিজৰ হাতেৰে ধ্বংসাৱশেষ আঁতৰাই আহত আৰু মৃ*ত লোকসকলক উদ্ধাৰ কৰাৰ চেষ্টা চলোৱাৰ কথাও প্ৰকাশ পাইছে।
প্ৰকাশিত খবৰ অনুসৰি, আক্ৰমণত মুঠ ২৮জন লোক নি*হত হৈছে। ইয়াৰ ভিতৰত আছে ৯টা শিশু, ৭গৰাকী মহিলা, ১২জন পুৰুষ। আনহাতে, ১৭জনতকৈ অধিক লোক আহত হোৱা বুলি দাবী কৰা হৈছে। আহতসকলৰ ভিতৰত কেইবাজনৰ অৱস্থা সংকটজনক বুলি খবৰ প্ৰকাশ। মৃ*তকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলিও আশংকা প্ৰকাশ কৰা হৈছে।
স্বাধীনতাৰ দাবীক লৈ উত্তেজনা?
পাকিস্তানৰ এই আক্ৰমণৰ সৈতে বলুচিস্তানৰ স্বাধীনতাৰ দাবীক জড়িত কৰি বিভিন্ন অভিযোগ উত্থাপন কৰা হৈছে। দাবী অনুসৰি, বলুচিস্তানৰ বিভিন্ন অঞ্চলত পাকিস্তানৰ পৰা স্বাধীনতাৰ দাবীত কাৰ্যসূচী অনুষ্ঠিত হৈছিল। বহু ঠাইত বলুচ পতাকা উৰুৱাই পাকিস্তান চৰকাৰ আৰু সেনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হৈছিল। এই পৰিস্থিতিৰ মাজতে গোৱানধানত সেনাৰ আক্ৰমণৰ অভিযোগে অঞ্চলটোত নতুনকৈ উত্তেজনাৰ সৃষ্টি কৰিছে।
বলুচিস্তানত সেনাৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া অভিযোগ
বলুচিস্তানত পাকিস্তানী সেনা আৰু নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘনৰ অভিযোগ নতুন নহয়। বলুচ সংগঠন আৰু স্থানীয় লোকসকলে বহু বছৰ ধৰি জোৰকৈ লোকক লৈ যোৱা, সন্ধানহীন কৰা, আটক কৰি নিৰ্যাতন কৰা আৰু সামৰিক অভিযানৰ সময়ত সাধাৰণ নাগৰিক ক্ষতিগ্ৰস্ত হোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে। আনহাতে, পাকিস্তান চৰকাৰে সাধাৰণতে এই ধৰণৰ অভিযোগক অস্বীকাৰ কৰে আৰু অঞ্চলটোত অভিযানসমূহ সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰ বিৰুদ্ধে চলোৱা হয় বুলি দাবী কৰে।
কিয় স্বাধীনতাৰ দাবী জোৰদাৰ হৈছে বলুচিস্তানত?
বলুচিস্তান পাকিস্তানৰ আয়তনৰ হিচাপত আটাইতকৈ বৃহৎ প্ৰদেশ। অঞ্চলটো প্ৰাকৃতিক গেছ, তাম, সোণ আৰু অন্যান্য খনিজ সম্পদেৰে সমৃদ্ধ। কিন্তু এই বিপুল প্ৰাকৃতিক সম্পদ থকাৰ পাছতো বহু অঞ্চলৰ সাধাৰণ মানুহে দৰিদ্ৰতা, নিবনুৱা সমস্যা আৰু শিক্ষা-স্বাস্থ্যসহ মৌলিক সুবিধাৰ অভাৱৰ সন্মুখীন হৈ অহাৰ অভিযোগ আছে। বলুচ জনসাধাৰণৰ একাংশৰ অভিযোগ—তেওঁলোকৰ অঞ্চলৰ প্ৰাকৃতিক সম্পদৰ পৰা পাকিস্তানে ব্যাপক লাভ অৰ্জন কৰিলেও স্থানীয় লোকসকলে তাৰ সমান সুবিধা লাভ কৰা নাই। ইয়াৰ লগতে চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰ (CPEC) আৰু গোৱাদৰ বন্দৰক কেন্দ্ৰ কৰি চলা বৃহৎ উন্নয়ন প্ৰকল্পসমূহক লৈও স্থানীয় লোকসকলৰ মাজত অসন্তুষ্টি আছে। তেওঁলোকৰ অভিযোগ, এনে প্ৰকল্পত স্থানীয় জনগোষ্ঠীৰ ভূমি, জীৱিকা আৰু অধিকাৰ যথেষ্ট সুৰক্ষিত হোৱা নাই।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















