অসমৰ চাৰিবিধ ঐতিহ্যবাহী সাংস্কৃতিক আৰু হস্তশিল্পজাত সামগ্ৰীয়ে GI টেগৰ স্বীকৃতি লাভ কৰি ৰাজ্যখনৰ ঐতিহ্য সংৰক্ষণ আৰু গ্ৰাম্য জীৱিকাৰ বিকাশৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ আশাৰ বতৰা কঢ়িয়াই আনিছে। নতুনকৈ GI টেগ লাভ কৰা এই সামগ্ৰীসমূহ হৈছে কাৰ্বি জনগোষ্ঠীৰ শিপিনীসকলৰ দ্বাৰা তৈয়াৰী পৰম্পৰাগত বস্ত্ৰ আৰু হস্ততাঁত সামগ্ৰী, বিহুত ব্যৱহৃত ম’হৰ শিঙৰ পৰা তৈয়াৰী পৰম্পৰাগত বাদ্যযন্ত্ৰ পেঁপা, বাঁহৰ দ্বাৰা নিৰ্মিত হস্তশিল্প, যিয়ে অসমখনৰ থলুৱা কাৰুশিল্পক প্ৰদৰ্শন কৰে আৰু দেউৰী জনগোষ্ঠীৰ পৰম্পৰাগত বস্ত্ৰ আৰু তাঁতৰ সামগ্ৰী। এই সামগ্ৰীসমূহে অমসীয়া জনজীৱনত পৰম্পৰাগত শিল্পকলা, জনজাতীয় ঐতিহ্য আৰু সাংস্কৃতিক পৰিচয়ৰ এক বৈচিত্ৰময় প্ৰতিচ্ছবি দাঙি ধৰে।
GI টেগৰ স্বীকৃতিয়ে কঢ়িয়াব প্ৰচুৰ সম্ভাৱনাৰ বাট
নিঃসন্দেহে এই স্বীকৃতিয়ে অসমৰ পৰম্পৰাগত শিল্প, হস্ততাঁত আৰু লোকসংস্কৃতিৰ সৈতে জড়িত সামগ্ৰীসমূহক অধিক পৰিচিতি প্ৰদান কৰাৰ লগতে শিল্পী, কাৰিকৰ আৰু তাঁতশিল্পীসকলৰ বাবে নতুন বজাৰ আৰু উন্নত আয়ৰ সুযোগ সৃষ্টি কৰিব। অসম নিজৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য, হস্ততাঁতৰ পৰম্পৰা, থলুৱা শিল্পকলা আৰু লোকসংস্কৃতিৰ বাবে সুপৰিচিত। এই সামগ্ৰীসমূহৰ অধিকাংশই গ্ৰাম্য সমাজৰ আৰ্থ-সামাজিক জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আৰু বহু প্ৰজন্ম ধৰি সঞ্চিত হৈ অহা পৰম্পৰাগত জ্ঞান আৰু দক্ষতাৰ বাহক। GI স্বীকৃতিয়ে এই সামগ্ৰীসমূহক অবৈধ বা নকল, অপব্যৱহাৰ আৰু ভুৱা বিপণনৰ পৰা আইনী সুৰক্ষা প্ৰদান কৰিব। একে সময়তে, শিল্পী আৰু তাঁতশিল্পীসকলে উন্নত বজাৰ সংযোগ, অধিক মূল্য আৰু ব্যাপক স্বীকৃতি লাভ কৰাৰ সুযোগ পাব। এই পদক্ষেপৰ ফলত ৰাজ্যজুৰি হাজাৰ হাজাৰ গ্ৰাম্য শিল্পী, কাৰিকৰ আৰু তাঁতশিল্পী উপকৃত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ জৰিয়তে নতুন অৰ্থনৈতিক সুযোগ সৃষ্টি হোৱাৰ লগতে অসমৰ ঐতিহ্যবাহী শিল্প আৰু দক্ষতাসমূহো সংৰক্ষিত হ’ব। নতুনকৈ লাভ কৰা এই GI স্বীকৃতিসমূহে অসমৰ GI সামগ্ৰীৰ তালিকাক অধিক সমৃদ্ধ কৰাৰ লগতে ৰাজ্যখনৰ পৰম্পৰাগত জ্ঞান, সংস্কৃতি আৰু ঐতিহ্যক গ্ৰাম্য অৰ্থনৈতিক উন্নয়নৰ শক্তিশালী মাধ্যম হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টাকো অধিক সুদৃঢ় কৰি তুলিছে।GI
টেগে কিদৰে উপকৃত কৰিব?
ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত GI টেগৰ স্বীকৃতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। অসমৰ বহু শতিকা পুৰণি শিল্প আৰু সংস্কৃতিৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰতো এই স্বীকৃতিয়ে সহায় কৰে। লগতে যিকোনো এবিধ শিল্প বা সামগ্ৰীৰে জড়িত কাৰিগৰ, শিল্পী, শিপিনী আদিৰ আয় বৃদ্ধিত GI টেগৰ স্বীকৃতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। কাৰণ GI টেগযুক্ত সামগ্ৰীৰ বজাৰ মূল্য বৃদ্ধি পায়। তদুপৰি GI টেগৰ স্বীকৃতিয়ে কোনো নিৰ্দিষ্ট অঞ্চলত উৎপাদিত যিকোনো সামগ্ৰীৰ নকলৰ পৰা সুৰক্ষা দিয়াৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় বজাৰত GI টেগযুক্ত সামগ্ৰীৰ চাহিদা বৃদ্ধি কৰে। GI স্বীকৃতিয়ে অঞ্চলটোৰ সাংস্কৃতিক পৰ্যটনকো উৎসাহিত কৰে। GI টেগৰ স্বীকৃতি হৈছে ৰাজ্যখনৰ সংস্কৃতি, ইতিহাস আৰু শিল্পকলাৰ এক বিশ্বজনীন স্বীকৃতি। এই পদক্ষেপে স্থানীয় শিল্পী, কৃষক আৰু উৎপাদকসকলক নতুন উদ্যমেৰে আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰাৰ লগতে অসমৰ সমৃদ্ধ ঐতিহ্যক বিশ্ব দৰবাৰত অধিক উজ্জ্বল কৰি তুলিব।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















