ক্ৰিকেটৰ খেলপথাৰত যেন এতিয়া কেৱল সূৰ্যবংশীৰেই ৰাজত্ব চলিছে। ক্ৰিকেট অনুৰাগীৰ নতুন আকৰ্ষণ হৈ পৰিছে সূৰ্যবংশী। পিছে সূৰ্যবংশী মানে কেৱল বৈভৱ সূৰ্যবংশীয়েই নহয়, ক্ৰিকেটৰ খেলপথাৰত প্ৰতিপক্ষৰ বলাৰৰ বাবে ককায়েকৰ দৰে ত্ৰাসৰ কাৰণ হৈ পৰিছে বৈভৱ সূৰ্যবংশীৰ কনিষ্ঠ ভাতৃও। বিস্ময় বালক বৈভৱ সূৰ্যৱংশীৰ পিছত কনিষ্ঠ ভাতৃ আশীৰ্বাদ সূৰ্যৱংশীয়েও খেলপথাৰত দেখুৱাইছে ককায়েকৰ দৰেই অসাধৰণ প্ৰতিভা। মাত্ৰ ১০ বছৰ বয়সতে আশীৰ্বাদ সূৰ্যবংশীয়ে সমষ্টিপুৰৰ স্থানীয় এখন অনুশীলনী মেচত চমৎকাৰ দেখুৱাবলৈ সক্ষম হৈছে। মেচখনত প্ৰতিপক্ষক বলাৰক ত্ৰাহি মধুসূদন সোঁৱৰাই শতক অৰ্জন কৰি ক্ৰিকেটপ্ৰেমীসকলক মুগ্ধ কৰিছে।
২০ টা চাৰি আৰু এটা ছিক্সাৰেৰে আশীৰ্বাদৰ দুৰ্দান্ত শতক
বিহাৰৰ সমষ্টিপুৰত অনুষ্ঠিত হোৱা মেচখনত ক্ৰিকেট একাডেমী তাজপুৰৰ হৈ খেলি আশীৰ্বাদে ৮৭টা বলত ১০৩ ৰান সংগ্ৰহ কৰে। এয়া আশীৰ্বাদৰ ক্ৰিকেট জীৱনৰ প্ৰথম শতক। বিশেষকৈ, তেওঁ ২০টা চাৰি আৰু এটা ছিক্সাৰৰ সহায়ত মুঠ ৮৬ ৰান কেৱল বাউণ্ডেৰীৰ জৰিয়তেই সংগ্ৰহ কৰে। ১০ বছৰীয়া কিশোৰ এজনৰ বাবে এয়া ডাঙৰ কথা। বৈভৱ সূৰ্যৱংশীৰ দৰে আশীৰ্বাদেও আক্রমণাত্মক বেটিং শৈলীৰ বাবে সমষ্টিপুৰৰ বিভিন্ন ক্ৰিকেট একাডেমীত পৰিচিত। আশীৰ্বাদৰ এই ইনিংছটোত আৰম্ভণিৰ পৰাই আক্ৰমণাত্মক মনোভাৱেৰে বেটিং কৰি প্ৰতিপক্ষৰ বলাৰসকলৰ বাবে মূৰৰ কামোৰণি হৈ পৰে। বৈভৱ আৰু আশীৰ্বাদৰ ডাঙৰ ভাতৃ উজ্জ্বল সূৰ্যৱংশীয়ে এই শতকীয় ইনিংছটোৰ তথ্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰে।
বৰ্তমান আশীৰ্বাদে বিহাৰত ক্ৰিকেটৰ প্ৰশিক্ষণ লৈ আছে। বৈভৱৰ দৰে আশীৰ্বাদেও আক্ৰমণাত্মক বেটিঙকেই নিজৰ শক্তি হিচাপে গণ্য কৰে। আশীৰ্বাদৰ শতকৰ সৌজন্যত ক্ৰিকেট একাডেমী তাজপুৰে ২৯.৫ অভাৰত ৪ উইকেট হেৰুৱাই ২৩৪ ৰান সংগ্ৰহ কৰে। দলটোৰ আন এগৰাকী বেটছমেন শিৱম ৰাজে ৭৫টা বলত ৫২ ৰানৰ বৰঙণি আগবঢ়ায়। ক্ৰিকেট অনুৰাগীসকলৰ মাজত এতিয়া লাহে লাহে আশীৰ্বাদ সূৰ্যবংশীক লৈও চৰ্চা আৰম্ভ হৈছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ