ত্ৰিদেশীয় ৫০ অভাৰৰ ছিৰিজৰ বাবে শ্ৰীলংকা ভ্ৰমণৰত India A দলৰ শোচনীয় প্ৰদৰ্শন অব্যাহত আছে। তিলক বৰ্মা নেতৃত্বাধীন India A দলটোৱে ৩ খন মেচ খেলি এই পৰ্যন্ত এখনত জলাভ কৰাৰ বিপৰীতে আফগানিস্তানৰ বিৰুদ্ধে আৰু শ্ৰীলংকাৰ বিৰুদ্ধে এখনকৈ মেচত পৰাজয় বৰণ কৰিছে। সোমবাৰে শ্ৰীলংকা Aৰ বিৰুদ্ধেও তিলক বৰ্মাৰ দলটোৱে ছুপাৰ অভাৰত পৰাস্ত হয়। মেচখনৰ অন্তিম কেইঅভাৰমানৰ পৰাই দুয়োটা দলৰ মাজত বাক-বিতাণ্ডাৰে পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰে। কেৱল এয়াই নহয় প্ৰথম অৱস্থাত মেচখন অমীমাংসিতভাৱে সমাপ্তি ঘটাৰ পিছতে আম্পায়াৰৰ লগতো ইণ্ডিয়া Aৰ কেপ্টেইন তিলক বৰ্মাই বাকযুদ্ধত লিপ্ত হোৱা দেখা যায়। ছুপাৰ অভাৰত ভাৰতে পৰাজয় বৰণ কৰাৰ পিছতে বিশ্ব ক্ৰিকেটত ইতিমধ্যে চৰ্চিত হৈ থকা বৈভৱ সূৰ্যবংশীয়ে একা অনাকাংক্ষিত বিতৰ্কত সোমাই পৰে।
বিতৰ্কত বৈভৱ সূৰ্যবংশী! কেনেকৈ হৈছিল বিতৰ্কৰ সূত্ৰপাত?
ছুপাৰ অভাৰৰ অন্তিম বলত শ্ৰীলংকাৰ বলাৰ কুগাথাছ মাথুলানে বল দিবলৈ ক্ৰিজলৈ আগবাঢ়ে। সন্মুখত ত্ৰাস সৃষ্টি কৰা বৈভৱ সূৰ্যবংশী। কিন্তু মাথুলানৰ এটা উচ্চমান বিশিষ্ট য়ৰ্কাৰক খেলিব নোৱাৰৰ ফলত মেচখনত পৰাস্ত হয় ভাৰত। সমগ্ৰ মেচখনৰ অন্তিম বলটোৰ লগে লগে মাথুলানে দলক জয়ৰ বাবে প্ৰয়োজনী সফলতা লাভ কৰাৰ পিছতে উল্লাসিত হৈ পৰে আৰু শ্ৰীলংকাৰ আন খেলুৱৈসকলো মাথুলানৰ সেই চেলিব্ৰেশ্যনত যোগ দিয়ে। ইয়াৰ পিছতেই ক্ষুব্ধ হৈ পৰে বৈভৱ সূৰ্যবংশী। বৈভৱ সূৰ্যবংশী অসন্তুষ্ট হোৱাৰ অন্যতম কাৰণ আছিল খেলখনৰ অন্তিম সময়খিনিত খেলপথাৰত হোৱা দুৰ্বল পোহৰৰ ব্যৱস্থা। দুৰ্বল পোহৰৰ মাজতো ছুপাৰ অভাৰ অনুষ্ঠিত কৰাক লৈ অসন্তুষ্ট হৈছিল বৈভৱ সূৰ্যবংশী। কাৰণ ছুপাৰ অভাৰ আৰম্ভ হোৱাৰ পূৰ্বে অবাবতে শ্ৰীলংকাৰ খেলুৱৈসকলে পলম কৰাৰো অভিযোগ উত্থাপিত হৈছে। বৈভৱৰ অসন্তুষ্টিয়ে পিছলৈ শ্ৰীলংকাৰ কেইজনমান খেলুৱৈৰ সৈতে প্ৰায় হতাহতিৰ পৰ্যায়লৈ যায়। দুয়োটা দলৰ খেলুৱৈৰ কৰমৰ্দনৰ সময়ত বৈভৱে এজন শ্ৰীলংকান খেলুৱৈক ঠেলা মাৰি দিয়াৰো অভিযোগ উঠিছে। পৰিস্থিতি অধিক জটিল হৈ পৰাত শ্ৰীলংকাৰ অভিজ্ঞ ক্ৰিকেটাৰ নিৰোশ্যন ডিকৱেলাই বৈভৱক সেই ঠাইৰ পৰা আঁতৰাই লৈ যায় আৰু বিষয়টো শান্ত কৰাৰ চেষ্টা কৰে।
পূৰ্বেও বিতৰ্কত সোমাইছিল ১৫ বছৰীয়া বৈভৱ
মাত্ৰ ১৫ বছৰ বয়সীয়া বৈভৱ সূৰ্যবংশীৰ আক্রমণাত্মক মনোভাৱ পূৰ্বেও বহু সময়ত আলোচনাৰ বিষয় হৈ উঠিছে। ২০২৫ৰ Under-19 Asia Cup-ৰ ফাইনেলতো পাকিস্তানৰ বিৰুদ্ধে আউট হোৱাৰ পিছত তেওঁ প্ৰতিপক্ষ পাকিস্তানী বলাৰক জোতা দেখুওৱাই বিতৰ্কত সোমাই পৰিছিল। ইয়াৰ উপৰিও ২০২৬ৰ Under-19 Cricket World Cupৰ ছুপাৰ ছিক্স পৰ্যায়তো পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত মেচতো বৈভৱৰ সৈতে পাকিস্তানী খেলুৱৈসকলে তীব্ৰ বাক-বিতণ্ডাত লিপ্ত হোৱা দেখা গৈছিল।
বৈভৱৰ বেটিং ব্যৰ্থতাও হ’ব পাৰে নেকি অসন্তুষ্টিৰ কাৰণ?
বিতৰ্কৰ মাজতে বৈভৱৰ ব্যক্তিগত প্ৰদৰ্শনো ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে। চলিত ত্ৰিকোণীয় ৫০ অভাৰৰ শৃংখলাটোত বৈভৱে একেৰাহে তৃতীয়খন মেচতো বৃহৎ ইনিংছ খেলিবলৈ সক্ষম হোৱা নাই। বৈভৱক ক্ৰিকেট অনুৰাগীসকলে দেখাৰো পৰা এনেকৈ একেৰাহে ব্যৰ্থতাৰ সন্মুখীন হোৱা দেখা নাই । সোমবাৰৰ শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনতো বৈভৱে মাত্ৰ ২১ ৰান সংগ্ৰহ কৰে।
ছুপাৰ অভাৰ অনুষ্ঠিত কৰাক লৈ বিভ্ৰান্তি
নিৰ্ধাৰিত ৫০ অভাৰৰ খেলৰ অন্তত মেচ টাই হোৱাৰ পিছত আৰম্ভণিতে ছুপাৰ অভাৰ অনুষ্ঠিত হ’ব নে নহ’ব সেয়া স্পষ্ট কৰিব পৰা নাছিল আম্পায়াৰে। দুৰ্বল পোহৰৰ বাবে খেল অনুষ্ঠিত কৰাৰ বাবে অনুকুল নোহোৱাৰ পৰিপ্ৰেক্ষিতত খেলখনৰ মেচ অফিচিয়েলসকলে খেলখনৰ ছুপাৰ অভাৰ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সমস্যা হ’ব বুলি মত প্ৰকাশ কৰিছিল। কিন্তু ভাৰত ‘A’ৰ অধিনায়ক তিলক বৰ্মাই আম্পায়াৰৰ সৈতে দীঘলীয়া আলোচনা কৰি ছুপাৰ অভাৰ অনুষ্ঠিত কৰাৰ বাবে অনুৰোধ জনায়। তিলক বৰ্মাৰ অনুৰোধৰ পাছত অৱশেষত ছুপাৰ অভাৰ খেলোৱাৰ সিদ্ধান্ত লয় অম্পায়াৰে।
অন্তিম বলত সৃষ্টি হৈছিল আন এক বিতৰ্ক
ছুপাৰ অভাৰত শ্ৰীলংকাৰ ইনিংছৰ শেষ বলটোতো আন এক বিতৰ্কৰ সূত্ৰপাত হোৱা দেখা যায়। India Aৰ বলাৰ অৰ্শ্বাদ খানৰ এটা ফুলটছ বলত শ্ৰীলংকাৰ বেটছমেন কেচ আউট হয় আৰু আম্পায়াৰে তেওঁক আউট ঘোষণা কৰে। কিন্তু বলটোৰ Replayত দেখা যায় যে বলটো শ্ৰীলংকাৰ বেটাৰজনৰ কঁকালৰ ওপৰলৈ উঠিছিল আৰু নিয়ম অনুসৰি সেইটো অবৈধ বল হিচাপে গণ্য হ’ব লাগিছিল। অবৈধ বল মানেই ন’-বল গতিকে ৰিপ্লে দেখাৰ পিছতে আম্পায়াৰে সিদ্ধান্ত সলনি কৰে আৰু ভাৰতীয় খেলুৱৈসকলক পুনৰ খেলপথাৰলৈ মাতি আনে। তাৰ পিছত শ্ৰীলংকাই এটা free hit বল উপহাৰ হিচাপে লাভ কৰে।
বিতৰ্কৰ পিছতো বৈভৱক প্ৰশংসা অনুৰাগীৰ
সোমবাৰে অনুষ্ঠিত হৈ যোৱা মেচখনৰ বিতৰ্কিত দৃশ্যবোৰৰ পিছতে বৈভৱৰ আন এখন ফটো ভাইৰেল হৈছে। মেচখন আৰম্ভ হোৱাৰ পূৰ্বে শ্ৰীলংকাৰ পূৰ্বৰ ক্ৰিকেটাৰ তথা শ্ৰীলংকাৰ এদিনীয়া ক্ৰিকেটৰ প্ৰথমজন অধিনায়ক অণুৰা টেন্নেকনৰ ভৰি চুই আশীৰ্বাদ লোৱা এখন ফটো ছ’চিয়েল মিডিয়াত তীব্ৰ গতিত ভাইৰেল হৈছে। এই ফটোখন ভাইৰেল হোৱাৰ পিছতে মেচখনৰ বিতৰ্কিত দৃশ্যটোৰ প্ৰসংগ টানি আনি অনুৰাগীয়ে মন্তব্য কৰে যে-বৈভৱ সূৰ্যবংশীয়ে ভাৰতীয় সংস্কাৰ জানে, তেওঁ কাক সন্মান কৰিব লাগে সেয়াও জানে। লগতে অনুৰাগীসকলে কয়- কাক যোগ্য প্ৰত্যুত্তৰ দিব লাগে সেয়াও জানে বৈভৱ সূৰ্যবংশীয়ে
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ