• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

4 months ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

3 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

5 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

5 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

5 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

6 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

6 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

8 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

9 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

9 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

9 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

10 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

কোন কোন আহিব আকাশদ্বীপৰ বিৱাহৰ অভ্যৰ্থনা অনুষ্ঠানত?

editor by editor
June 16, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, ভাৰত, লেখা
0
২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?
0
SHARES
508
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউড তথা দক্ষিণৰ চলচ্চিত্ৰ জগতৰ কোনো তাৰকা হওক বা ভাৰতীয় ক্ৰিকেটাৰেই হওক, তেওঁলোকৰ বিয়াৰ আড়ম্বৰ আৰু জাকজমকতা সদায়েই চৰ্চাৰ বিষয় হৈ আহিছে। উদাহৰণস্বৰূপে বিৰাট কোহলি, যুৱৰাজ সিং আদি ক্ৰিকেটাৰসকলৰ বিবাহ আৰু ডেষ্টিনেশ্যন ৱেডিং যথেষ্ট আলোচিত হৈছিল। কিন্তু এই জাকজমকতাৰ বিপৰীতে একেবাৰে সাধাৰণ আৰু পৰম্পৰাগত ধৰণে বিয়া পাতিবলৈ ওলাইছে ভাৰতীয় ক্ৰিকেট দলৰ পেচ বলাৰ আকাশদ্বীপে। বিহাৰৰ ৰোহতাছ জিলাৰ চাচাৰামৰ বাড্ডী গাঁৱৰ বাসিন্দা আকাশদ্বীপৰ বিৱাহ কাষৰে এখন গাঁৱৰ এগৰাকী কন্যাৰ সৈতে ২৪ জুনত সম্পূৰ্ণ পৰাম্পৰাগত পদ্ধতিৰে অনুষ্ঠিত হ’ব। ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত বেটে-বলে প্ৰশংসনীয় প্ৰদৰ্শন আগবঢ়োৱা টীম ইণ্ডিয়াৰ ক্ৰিকেটাৰজনে ইতিমধ্যে বহু গণ্য-মান্য ব্যক্তিক বিয়াৰ নিমন্ত্ৰণ জনাইছে। ইতিমধ্যে আকাশদ্বীপৰ বাসভৱনত তিলক অনুষ্ঠানৰ লগতে অন্যান্য আয়োজনৰ প্ৰস্তুতি পূৰ্ণ উদ্যমে চলি আছে।

বিৱাহ অনুষ্ঠানৰ বাবে কাক কাক নিমন্ত্ৰণ কৰিছে আকাশদ্বীপে?

আকাশদ্বীপৰ বিৱাহৰ অভ্যৰ্থনা অনুষ্ঠানৰ বাবে ইতিমধ্যে কেইবাগৰাকীও VVIP ব্যক্তিক নিমন্ত্ৰণ জনাইছে। বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীও আকাশদ্বীপৰ বিৱাহৰ অভ্যৰ্থনা অনুষ্ঠানত নৱবিৱাহিত দম্পতীক আশীৰ্বাদ দিবলৈ আহিব পাৰে বুলি চৰ্চা চলিছে। ইয়াৰ উপৰিও বিহাৰ চৰকাৰৰ মন্ত্ৰী শ্ৰেয়সী সিঙকো নিমন্ত্ৰণ জনাইছে আকাশদ্বীপে। ইপিনে আকাশদ্বীপৰ কেইবাগৰাকীও সতীৰ্থ ক্ৰিকেটাৰে অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ২১ জুনত অনুষ্ঠিত হ’ব আকাশদ্বীপৰ বিৱাহৰ তিলক অনুষ্ঠান। তাৰ পিছত ২৪ জুনত বাৰাণসীৰ এখন পঞ্চতাৰকা হোটেল হ’ব মূল বিবাহ অনুষ্ঠান। এই বিৱাহত বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি আশা কৰা হৈছে।

কোন হ’ব আকাশদ্বীপৰ জীৱনসংগী?

আকাশদ্বীপৰ হ’বলগীয়া জীৱনসংগীগৰাকীৰ নাম হৈছে অক্ষিতা ৰাজ। আকাশদ্বীপৰ জন্মস্থানৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত অৱস্থিত ৰোহতাছ জিলাৰ ডেহৰীৰ মানিকপুৰ গাঁৱৰ বাসিন্দা অক্ষিতা। অক্ষিতাৰ পিতৃৰ নাম অমিত কুমাৰ সিং। আকাশদ্বীপ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ হ’লেও তেওঁৰ হ’বলগীয়া জীৱনসংগী অক্ষিতা এটা অতি সাধাৰণ পৰিয়ালৰ যুৱতী।

আকাশদ্বীপৰ ক্ৰিকেট কেৰিয়াৰ

আকাশদ্বীপে প্ৰথমে পশ্চিমবংগৰ বিভিন্ন ক্লাব ক্ৰিকেট খেলি আৰম্ভ কৰিছিল কেৰিয়াৰ। বিহাৰ ক্ৰিকেট সংস্থাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা বাবে তেওঁ নিজ ৰাজ্য বিহাৰ এৰি পশ্চিমবংগলৈ যায়। পশ্চিমবংগৰ আছানছোলত আত্মীয়ৰ ঘৰত থাকি আকাশদ্বীপে ক্ৰিকেট অনুশীলন কৰিছিল আৰু পিছত ৰঞ্জি ট্ৰফী, বিজয় হাজাৰে আৰু ছৈয়দ মুস্তাক আলী ট্ৰফীত পশ্চিমবংগক প্ৰতিনিধিত্ব কৰিছিল। আকাশদ্বীপে IPLত বিভিন্ন দলৰ হৈ খেলিছে। ২০২২ত RCB-এ পেচাৰজনক ২০ লাখ টকাত ক্ৰয় কৰিছিল। পিছত তেওঁ দলটোৰ অন্যতম গুৰুত্বপূৰ্ণ বলাৰ হিচাপে পৰিগণিত হয়। ২০২৫ত আকাশদ্বীপক KKR-এ ১ কোটি টকাত ক্ৰয় কৰিছিল যদিও আঘাতৰ সমস্যাৰ বাবে তেওঁ চলিত ছিজনত খেলিব নোৱাৰিলে। ইয়াৰ পূৰ্বে আকাশদ্বীপে LSGৰ হৈও খেলিছিল। টীম ইণ্ডিয়াৰ টেষ্ট দলত সুযোগ পোৱাৰ আগতে তেওঁ দক্ষিণ আফ্ৰিকা ভ্ৰমণলৈ যোৱা ভাৰতীয় এদিনীয়া দলত স্থান লাভ কৰিছিল যদিও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেকৰ সুযোগ পোৱা নাছিল। ঘৰুৱা ক্ৰিকেটত তেওঁ ২৯খন খেলত ১০৩টা উইকেট দখল কৰি নিজৰ প্ৰতিভাৰ প্ৰমাণ দিছে আকাশদ্বীপে। ভাৰতৰ হৈ এই পৰ্যন্ত আকাশদ্বীপে ১০খন টেষ্টত অংশগ্ৰহণ কৰি ২৮টা উইকেট দখল কৰিছে। টেষ্টত তেওঁৰ সৰ্বোচ্চ ব্যক্তিগত প্ৰদৰ্শন হৈছে ৯৯/৬। বলিঙৰ উপৰিও বেটেৰেও ১০ টেষ্টত এটা অৰ্ধশতকসহ মুঠ ১৬৩ ৰান সংগ্ৰহ কৰিছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24bcci
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে
অসম

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

October 2, 2026
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ
বিনোদন

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

October 2, 2026
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই
অসম

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

October 2, 2026
Next Post
পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.