এসময়ত আন খেলুৱৈৰ ক্ৰিকেট কিট ধাৰে লৈ নামিছিল খেলপথাৰত, এসময়ত ভাৰতীয় দলত স্থান লাভ কৰিও পুনৰ ৭ বছৰ ধৰি টীম ইণ্ডিয়াৰ দলৰ পৰা আঁতৰি থকা ভাৰতী ফুলমালী আজি বিশ্বকাপত টীম ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰাৰ সৌভাগ্য অৰ্জন কৰিছে। এসময়ত দুৰ্বল প্ৰদৰ্শন আৰু নিজৰ চেহেৰাৰ বাবে ছ’চিয়েল মিডিয়াত যথেষ্ট trollingৰ সন্মুখীন হৈছিল। সম্প্ৰতি ভাৰতী ফুলমালীয়ে ক্ৰিকেটৰ জৰিয়তেই মহাৰাষ্ট্ৰৰ অমৰাৱতী চহৰক চিনাকি কৰাই দিবলৈ সক্ষম হৈছে ক্ৰিকেট বিশ্বত।
WPL-এ মুকলি কৰি দিয়ে প্ৰত্যাৱৰ্তনৰ বাট
এসময়ত যিসকল অনুৰাগীয়ে তেওঁক ছচিয়েল মিডিয়াত সমালোচনা কৰিছিল এতিয়া তেনে অধিকাংশ অনুৰাগীয়েই ফুলমালীৰ প্ৰশংসাত পঞ্চমুখ। বিগত দুটাকৈ WPL ছিজনত বেটিঙেৰে কৰা উজ্জীৱিত প্ৰদৰ্শনৰ বাবে জাতীয় দললৈ প্ৰত্যাৱৰ্তনৰ দুৱাৰ মুকলি কৰা ফুলমালী নিজৰ বিস্ফোৰক বেটিঙৰ বাবে শক্তিশালী ফিনিশ্বাৰ হিচাপেই মহিলা ক্ৰিকেটত জনাজাত। নিজৰ পাৱাৰ হিটিং যোগ্যতা সৰুৰে পৰা ল’ৰাৰ সৈতে ক্ৰিকেট অনুশীলন কৰাৰ ফলতেই অহা বুলি ভাৰতী ফুলমালীৰ মাতৃয়ে মত প্ৰকাশ কৰে। ইপিনে ভাৰতীৰ শিক্ষক পিতৃ শ্ৰীকৃষ্ণ ফুলমালীয়ে কয়, ‘মই পেছাত এগৰাকী শিক্ষক হ’লেও মোৰ ছোৱালী ভাৰতীৰ পৰা বহু কথা শিকিছোঁ। ব্যৱহাৰত কেনেকৈ নম্ৰতা আনিব লাগে, কোনো কামত কেনেকৈ দৃঢ় হ’ব পাৰি, কথা কোৱাৰ ধৰণ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ধৈৰ্য্য এই গুণখিনি মই মোৰ কন্যাৰ পৰা শিকিছোঁ, তাই ক্ৰিকেট কেৰিয়াৰত পোৱা সংগ্ৰাম, ছচিয়েল মিডিয়াৰ কঠোৰ সমালোচনাসমূহৰ পৰা এই গুণবোৰ শিকিছে’
ধাৰলৈ লোৱা কিটৰ পৰা টিম ইণ্ডিয়াৰ ড্ৰেছিং ৰূমলৈ
ভাৰতী ফুলমালীয়ে অমৰাৱতীৰ শিৱক্ৰুপা হাইস্কুলত হাইস্কুলীয়া শিক্ষা কৰিছিল। এদিন ভাৰতীৰ ক্ৰিকেট খেলাৰ শৈলী দেখি স্কুলখনৰ অধ্যক্ষই ভাৰতীৰ পিতৃক ভাৰতীৰ ক্ৰিকেটৰ পৰদৰ্শিতাৰ বিষয়ে উচ্চ প্ৰশংসা কৰি ইয়াৰ বাবে কিবা কৰাৰ পৰামৰ্শ দিলে। সেয়াই যেন ভাৰতীৰ জীৱনৰ টাৰ্নিং পইণ্ট আছিল। অধ্যক্ষগৰাকীৰ পৰামৰ্শ অনুসৰি ভাৰতীক আমৰাৱতী জ্ঞানমাতা স্কুলৰ ক্ৰিকেট কোচিং চেণ্টাৰলৈ পঠিওৱাৰ সিদ্ধান্ত লোৱা হয়। ভাৰতীৰ ক্ৰিকেট কোচিঙৰ বাবে পিতৃয়ে টকা ধাৰলৈ ল’বলগীয়া হৈছিল।
ভাৰতীৰ ক্ৰিকেট বাছনি শিবিৰৰ প্ৰথমটো অভিজ্ঞতা আছিল অতিকৈ স্মৰণীয়। পিতৃ কৃষ্ণ ফুলমালীয়ে এই অভিজ্ঞতা সুঁৱৰি কয় যে- অমৰাৱতীত তেতিয়া এবাৰ ক্ৰিকেটৰ বাছনি শিবিৰ পতা হৈছিল। তেওঁ ভাৰতীক চাইকেলত উঠাই শিবিৰলৈ লৈ গৈছিল। কিন্তু ভাৰতীৰ কোনো ধৰণৰ ক্ৰিকেট কিট নথকাৰ বাবে নিৰ্বাচকে প্ৰথমে ভাৰতীক সুযোগ দিবলৈ বিচৰা নাছিল কিন্তু অশেষ অনুৰোধৰ পিছত মান্তি হৈছিল আৰু তাত উপস্থিত আন আন খেলুৱৈৰ পৰা বেট, পেড, গ্লভছ ধাৰে লৈ নিৰ্বাচকৰ সন্মুখত খেল প্ৰদৰ্শন কৰিছিল। ভাৰতীৰ খেলৰ শৈলী দেখি সেই মুহূৰ্ততে বিদৰ্ভ অনূৰ্ধ্ব ১৯ দলৰ হৈ নিৰ্বাচিত কৰে ভাৰতীক। ইয়াৰ ঠিক ছমাহ পিছতে ২০১১–১২ ছিজনত বিদৰ্ভৰ ছিনিয়ৰ মহিলা দলৰ হৈ অভিষেক ঘটায় ভাৰতীয়ে। টীম ইণ্ডিয়াৰ হৈ ২০১৯ত আন্তঃৰাষ্ট্ৰীয় টি-২০ত অভিষেক ঘটোৱা ভাৰতীয়ে আৰম্ভণিৰ শৃংখলাটো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল। ইংলেণ্ডৰ বিৰুদ্ধে উক্ত শৃংখলাটো অনুষ্ঠিত হৈছিল গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত। সুদীৰ্ঘ ৭ বছৰ পুনৰ ঘৰুৱা ক্ৰিকেটলৈ ঘূৰি যোৱা ফুলমালীয়ে কৰা অশেষ কষ্ট, সাধনা আৰু দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে পুনৰাই টীম ইণ্ডিয়ালৈ প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হৈছে। ভাৰতী ফুলমালী বৰ্তমান ইংলেণ্ডত T20 মহিলা বিশ্বকাপ খেলিবলৈ যোৱা টীম ইণ্ডিয়া দলটোৰ সদস্য।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















