প্ৰায়ে বহুলোকে মহিলাক দুৰ্বল বুলি কয়। কিন্তু এয়া কিমান সঁচা? সকলো মানুহৰ ৰোগ হোৱাৰ কাৰণ বেলেগ বেলেগ আৰু প্ৰতিৰোধ কৰাৰ ক্ষমতাও বেলেগ বেলেগ। শেহতীয়াকৈ কৰা এক অধ্যয়নত এই ডাঙৰ প্ৰশ্নৰ উত্তৰ পোৱা গৈছে।
ইয়াৰ আচল কাৰণ হ’ল আমাৰ শৰীৰত থকা SIRT7 নামৰ এটা বিশেষ প্ৰ’টিন। এই প্ৰ’টিনে মূলতঃ আমাৰ জিনক সুৰক্ষা প্ৰদান কৰে আৰু ইয়াৰ কাৰ্য্যকলাপ নিয়ন্ত্ৰণ কৰে।
বিজ্ঞানীসকলে কি কৈছে?
আমেৰিকাৰ মাছ জেনেৰেল ব্রিগম আৰু স্পেইনৰ জোচেপ কেৰেৰাছ লিউকেমিয়া ইনষ্টিটিউটৰ গৱেষকসকলে এই বিষয়ত বিস্তৃত গৱেষণা কৰিছে৷ বিশেষজ্ঞসকলৰ মতে, ৰোগৰ অগ্ৰগতি বা বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াত লিংগভিত্তিক তাৰতম্যৰ আঁৰৰ জৈৱিক কাৰণসমূহ এতিয়াও সম্পূৰ্ণৰূপে বুজা হোৱা নাই। এই কাৰণ আৰু পাৰ্থক্যসমূহ ভালদৰে বুজিবলৈ বিজ্ঞানীসকলে এতিয়া লিংগ ক্ৰম’জমসমূহ নিবিড়ভাৱে পৰীক্ষা কৰি আছে।
‘SIRT 7’ প্ৰ’টিনৰ কাম কি?
প্ৰতিষ্ঠিত বিজ্ঞান আলোচনী “নেচাৰ”ত প্ৰকাশিত এই অধ্যয়নত এক উল্লেখযোগ্য আৱিষ্কাৰৰ কথা পোহৰলৈ আহিছে। SIRT7 হৈছে এনে এটা প্ৰটিন যিয়ে আমাৰ শৰীৰৰ কোষৰ মানসিক চাপ আৰু বয়স বৃদ্ধিৰ প্ৰতি সঁহাৰি নিয়ন্ত্ৰণ কৰে। গৱেষণাৰ পৰা দেখা গৈছে যে এই প্ৰটিনে আমাৰ এক্স ক্ৰম’জমৰ স্বাস্থ্য বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
এক্স ক্ৰম’জমৰ সম্পূৰ্ণ গণিত
যিকোনো মানুহৰ জৈৱিক লিংগ নিৰ্ণয় কৰা দুটা লিংগ ক্ৰম’জম থাকে, তাৰ ভিতৰত এটা হ’ল এক্স ক্ৰম’জম। মহিলাৰ ক্ষেত্ৰত: সাধাৰণতে দুটা এক্স ক্ৰম’জম (XX) থাকে।
পুৰুষৰ ক্ষেত্ৰত: এটা X আৰু এটা Y ক্ৰম’জম (XY) থাকে।
এই গৱেষণাৰ পৰা দেখা গৈছে যে মহিলাৰ কোষত জিনৰ কাৰ্যকলাপৰ ভাৰসাম্য ৰক্ষাৰ বাবে শৰীৰে সাধাৰণতে এটা এক্স ক্ৰম’জম নিষ্ক্ৰিয় কৰে। এই ক্ৰম’জম আৰু SIRT7 প্ৰ’টিনৰ মাজৰ পাৰস্পৰিক ক্ৰিয়াই মহিলা আৰু পুৰুষৰ মাজত স্বাস্থ্যজনিত প্ৰতিক্ৰিয়াৰ যথেষ্ট পাৰ্থক্য সৃষ্টি কৰাত অৰিহণা যোগায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















