চাহ পৃথিৱীৰ অন্যতম জনপ্ৰিয় পানীয়। বহুতে চাহ একাপ নোহোৱাকৈ ৰাতিপুৱা আৰম্ভ নকৰে। ইয়াৰ সোৱাদ আৰু সতেজ সুগন্ধিৰ উপৰিও চাহ স্বাস্থ্যৰ বাবেও উপকাৰী। গ্ৰীণ টি আৰু ব্লেক টিৰ সন্দৰ্ভত প্ৰায়ে আলোচনা হয়, বিশেষকৈ কোনটো চাহ শৰীৰৰ বাবে ভাল সেই সম্পৰ্কে। তেজৰ চেনি নিয়ন্ত্ৰণৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্য আৰু ওজন নিয়ন্ত্ৰণলৈকে দুয়োটা চাহৰ নিজস্ব উপকাৰ আছে বুলি প্ৰচাৰ কৰা হয়।
বিজ্ঞানীসকলৰ মতে গ্ৰীণ টি আৰু ব্লেক টি দুয়োবিধতে পলিফিনল নামৰ প্ৰাকৃতিক উদ্ভিদ যৌগ থাকে। এই যৌগবোৰে শৰীৰত গঠন হোৱা ক্ষতিকাৰক ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। ফ্ৰী ৰেডিকেলে কোষৰ ক্ষতি কৰে আৰু দীৰ্ঘকালীনভাৱে বহু ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।
সেউজীয়া চাহৰ উপকাৰীতা
গ্ৰীণ টিত অধিক পৰিমাণৰ কেটেচিন থাকে, যিটো এটা নিৰ্দিষ্ট শ্ৰেণীৰ পলিফিনল, যিয়ে প্ৰদাহ হ্ৰাস কৰাত সহায় কৰিব পাৰে আৰু শৰীৰত গ্লুক’জৰ ব্যৱহাৰ উন্নত কৰিব পাৰে। তেজৰ চেনি নিয়ন্ত্ৰণত গ্ৰীণ টিক প্ৰায়ে অধিক ফলপ্ৰসূ বুলি গণ্য কৰা হয়।
কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে গ্ৰীণ টিত থকা কেটেচিন আৰু অন্যান্য এন্টিঅক্সিডেন্টে শৰীৰৰ ইনচুলিন উৎপাদনত উন্নতি সাধন কৰে। ইনচুলিন হৈছে তেজৰ চেনি কোষলৈ পৰিবহণ কৰা হৰম’ন। যেতিয়া শৰীৰে ইনচুলিন সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰে তেতিয়া তেজৰ চেনিৰ মাত্ৰা বৃদ্ধি পায়। গ্ৰীণ টিত থকা মৌলবোৰে এই প্ৰক্ৰিয়াটো উন্নত কৰাত সহায় কৰে, যিয়ে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। গ্ৰীণ টিৰ আন উপকাৰিতাৰ হ’ল- ওজন নিয়ন্ত্ৰণ, বিপাকীয় ক্ৰিয়া উন্নত, হৃদৰোগ স্বাস্থ্য। স্বাস্থ্যৰ বাবে কোনটো বেছি উপকাৰী, গ্ৰীণ টি আৰু ব্লেক টি?
ক’লা চাহ খোৱাৰ উপকাৰীতা
ক’লা চাহতো প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। ইয়াত থিফ্লেভিন আৰু থিআৰুবিজিন আদি যৌগ থাকে, যিবোৰ চাহপাতৰ অক্সিডেচনৰ সময়ত গঠন হয়। চিকিৎসা গৱেষণাৰ পৰা দেখা গৈছে যে এই যৌগবোৰে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰিব পাৰে, প্ৰদাহ হ্ৰাস কৰিব পাৰে আৰু শৰীৰৰ কোষক ক্ষতিৰ পৰা ৰক্ষা কৰিব পাৰে। কিছুমান গৱেষণাৰ পৰা এইটোও দেখা গৈছে যে নিয়মিতভাৱে ক’লা চাহ সেৱন কৰিলে তেজৰ চেনি নিয়ন্ত্ৰণত সহায়ক হ’ব পাৰে, কিন্তু ইয়াৰ প্ৰভাৱ গ্ৰীণ টিৰ তুলনাত অলপ কম হোৱা যেন লাগে।
চাহ বনোৱাৰ সঠিক উপায়?
চাহ খোৱাৰ পদ্ধতিয়েও ইয়াৰ উপকাৰিতাৰ ওপৰত প্ৰভাৱ পেলায়। বিশেষজ্ঞসকলে গ্ৰীণ টি বহুত সময় ডুবাই ৰাখিব নালাগে। কেইমিনিটমানৰ বাবে কুহুমীয়া পানীত ডুবাই ৰাখিলে ইয়াৰ সক্ৰিয় উপাদানসমূহ সংৰক্ষণ হয়। আনহাতে ব্লেক টিৰ সোৱাদ আৰু গুণ সম্পূৰ্ণৰূপে মুক্ত হ’বলৈ গৰম পানীত অধিক সময় ডুবাই ৰখাৰ প্ৰয়োজন হয়। দুয়োবিধ চাহ চেনি নোহোৱাকৈ সেৱন কৰিব লাগে। অতিৰিক্ত চেনি যোগ কৰিলে তেজৰ চেনি নিয়ন্ত্ৰণৰ সৈতে জড়িত সম্ভাৱ্য উপকাৰ বহু পৰিমাণে হ্ৰাস পাব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















