• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সন্তান জন্মৰ পিছতো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিব পাৰিব মহিলা ক্ৰিকেটাৰসকলে

সন্তান জন্মৰ পিছতো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিব পাৰিব মহিলা ক্ৰিকেটাৰসকলে

4 months ago
পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

2 minutes ago
চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

27 minutes ago
বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

49 minutes ago
আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

1 hour ago
এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

2 hours ago
বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

17 hours ago
সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

17 hours ago
পুনৰ স্বামীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ল এইগৰাকী ৪৮বছৰীয়া অভিনেত্ৰীয়ে

পুনৰ স্বামীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ল এইগৰাকী ৪৮বছৰীয়া অভিনেত্ৰীয়ে

18 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

18 hours ago
বিতৰ্কৰ আৱৰ্তত শ্বাহৰুখ খানৰ ‘KING’

বিতৰ্কৰ আৱৰ্তত শ্বাহৰুখ খানৰ ‘KING’

19 hours ago
আৰক্ষীৰ ভুলৰ বাবেই ঘাতক হ’ল নেকি ঘনকান্ত?

আৰক্ষীৰ ভুলৰ বাবেই ঘাতক হ’ল নেকি ঘনকান্ত?

20 hours ago
স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰোৱাৰ নীৰজ যাদৱ আৰু নাই

স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰোৱাৰ নীৰজ যাদৱ আৰু নাই

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

সন্তান জন্মৰ পিছতো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিব পাৰিব মহিলা ক্ৰিকেটাৰসকলে

ICCৰ যুগান্তকাৰী পদক্ষেপক সমগ্ৰ বিশ্বত ভূয়সী প্ৰশংসা

editor by editor
June 23, 2026
in ক্ৰীড়া, জীৱনশৈলী, বিনোদন, বিশ্ব, স্বাস্থ্য
0
সন্তান জন্মৰ পিছতো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিব পাৰিব মহিলা ক্ৰিকেটাৰসকলে
0
SHARES
25
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (ICC) মহিলা ক্ৰিকেটাৰসকলৰ বাবে এক গুৰুত্বপূৰ্ণ আৰু যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে। সংস্থাটোৱে শেহতীয়াকৈ ‘Return to Play Post-Pregnancy Guidelines’ বা গৰ্ভধাৰণ আৰু সন্তান জন্মৰ পিছত খেলপথাৰলৈ উভতি অহাৰ ক্ষেত্ৰত কিছু নিৰ্দেশনা প্ৰকাশ কৰিছে। এই নতুন নিৰ্দেশনাৰ লক্ষ্য হৈছে মাতৃত্বৰ বাবে কেৰিয়াৰত বিৰতি ল’ব লগা মহিলা খেলুৱৈসকলক অধিক সুৰক্ষা, সহায় আৰু পেছাদাৰী সমৰ্থন আগবঢ়োৱা। দীৰ্ঘদিন ধৰি বহু মহিলা ক্ৰিকেটাৰে মাতৃত্বৰ পিছত খেলপথাৰত উভতি অহাৰ ক্ষেত্ৰত শাৰীৰিক, মানসিক আৰু পাৰিবাৰিক বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। নতুন ICC নিৰ্দেশনাই এই সমস্যাসমূহ হ্ৰাস কৰি খেলুৱৈসকলক অধিক আত্মবিশ্বাসেৰে পুনৰ প্ৰতিযোগিতামূলক ক্ৰিকেটলৈ উভতি অহাৰ ক্ষেত্ৰত সহায় কৰিব।

কি আছে নতুন গাইডলাইনত?

নতুন গাইডলাইনত ‘Ready, Review, Restore, Recondition, Return and Refine’ নামৰ ৬ তৰপীয়া মডেল অন্তৰ্ভুক্ত কৰা হৈছে। এই মডেল অনুসৰি খেলুৱৈগৰাকীৰ স্বাস্থ্য, ফিটনেছ আৰু মানসিক অৱস্থাৰ মূল্যায়ন কৰি ধাপে ধাপে খেললৈ উভতি অহাৰ প্ৰক্ৰিয়া সম্পন্ন কৰা হ’ব। ICC-এ সদস্য ক্ৰিকেট ব’ৰ্ডসমূহক গৰ্ভধাৰণৰ সময়ছোৱাত আৰু সন্তান জন্মৰ পিছত খেলুৱৈসকলক বিভিন্ন ধৰণৰ সহায় আগবঢ়াবলৈ পৰামৰ্শ দিছে। ইয়াৰ ভিতৰত আছে—বিশেষজ্ঞ চিকিৎসা সেৱা আৰু নিয়মীয়া স্বাস্থ্য পৰীক্ষা, ব্যক্তিগত প্ৰয়োজন অনুসৰি ফিটনেছ আৰু পুনৰ্বাসন (Rehabilitation) কাৰ্যসূচী, শিশুৰ যত্নৰ ক্ষেত্ৰ ল’বলগীয়া সকলো সুবিধা, ভ্ৰমণৰ সময়ত সন্তান আৰু পৰিয়ালৰ বাবে প্ৰয়োজনীয় সহায় আৰু মানসিক স্বাস্থ্য আৰু পৰামৰ্শ দান সেৱা। গাইডলাইন অনুসৰি মাতৃত্ব লাভ কৰা আৰু ইয়াৰ পূৰ্বৰে পৰা সংশ্লিষ্ট প্ৰতিগৰাকী খেলুৱৈৰ বাবে এজন Case Manager নিযুক্ত কৰাৰো পৰামৰ্শ দিয়া হৈছে। এই ব্যক্তিজনে চিকিৎসক, ফিজিঅ’থেৰাপিষ্ট, প্ৰশিক্ষক আৰু খেলুৱৈৰ মাজত সমন্বয় সাধন কৰি পুনৰ খেললৈ উভতি অহাৰ সমগ্ৰ প্ৰক্ৰিয়াটো পৰিচালনা কৰিব। ফলত প্ৰতিগৰাকী খেলুৱৈৰ ব্যক্তিগত প্ৰয়োজন অনুসৰি এক বিশেষ পৰিকল্পনা প্ৰস্তুত কৰা সম্ভৱ হ’ব।

ICCৰ এই পদক্ষেপক ভূয়সী প্ৰশংসা

অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেট দলৰ চিকিৎসক ফিলিপা ইংগেই এই পদক্ষেপক আদৰণি জনাই কয় যে, ‘মাতৃত্ব কোনো মহিলা খেলুৱৈৰ কেৰিয়াৰৰ অন্ত নহয়। সঠিক চিকিৎসা, সমৰ্থন আৰু পৰিকল্পনাৰ জৰিয়তে তেওঁলোকে পুনৰ উচ্চ পৰ্যায়ৰ ক্ৰিকেট খেলিব পাৰিব।’ একেদৰে ৱেষ্ট ইণ্ডিজৰ মহিলা ক্ৰিকেটাৰ আফি ফ্লেচাৰে ICCৰ এই নিৰ্দেশনাক প্ৰশংসা কৰি কয় যে-ইয়াৰ ফলত মহিলা খেলুৱৈসকলে পৰিয়াল আৰু ক্ৰীড়া জীৱন দুয়োটাক সমানে আগুৱাই নিয়াৰ সুযোগ লাভ কৰিব। বহু মহিলা খেলুৱৈয়ে এতিয়া মাতৃত্ব আৰু পেছাদাৰী ক্ৰিকেটৰ মাজৰ এটাক বাছনি কৰিবলগীয়া পৰিস্থিতিৰ সন্মুখীন নহ’ব। বিশ্ব ক্ৰীড়াক্ষেত্ৰত মহিলাসকলৰ অংশগ্ৰহণ আৰু অধিক অন্তৰ্ভুক্তিমূলক পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত ICC-ৰ এই পদক্ষেপক এক উল্লেখযোগ্য মাইলৰ খুঁটি বুলি গণ্য কৰা হৈছে। ICCৰ এই নিৰ্দেশনাই কেৱল মহিলা ক্ৰিকেটাৰসকলৰ কল্যাণ নিশ্চিত নকৰে, বৰঞ্চ আগন্তুক প্ৰজন্মৰ খেলুৱৈসকলকো মাতৃত্বৰ পিছতো সপোন পূৰণৰ সাহস আৰু অনুপ্ৰেৰণা যোগাব।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24ICC
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ
অপৰাধ

পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

October 29, 2026
বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু
ৰাজনীতি

বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

October 29, 2026
এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি
জীৱনশৈলী

এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

October 29, 2026
পুনৰ স্বামীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ল এইগৰাকী ৪৮বছৰীয়া অভিনেত্ৰীয়ে
বিনোদন

পুনৰ স্বামীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ল এইগৰাকী ৪৮বছৰীয়া অভিনেত্ৰীয়ে

October 28, 2026
Next Post
অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

২০ মহলীয়া অট্টালিকাৰ সমানকৈ নিৰ্মাণ কৰিলে এয়াৰ পিউৰিফায়াৰ

২০ মহলীয়া অট্টালিকাৰ সমানকৈ নিৰ্মাণ কৰিলে এয়াৰ পিউৰিফায়াৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.