কিছুদিন পূৰ্বে পুনেৰ ঐতিহাসিক লোহাগড় দুৰ্গত কেতন আগৰৱালাৰ হত্যাকাণ্ডই পুনৰ এবাৰ দেশবাসীক কঁপাই গৈছিল। কেতন আৰু তেওঁৰ পৰিয়ালে বোৱাৰী কৰিবলৈ বিচৰা ছোৱালীজনীয়ে প্ৰেমিকৰ লগতে মিলি দুৰ্গৰ পৰা তলত পেলাই দিয়ে কেতনক। যাৰ বাবে মহাৰাষ্ট্ৰৰ পুনে জিলাৰ লোনাভালাৰ সমীপত অৱস্থিত ঐতিহাসিক লোহাগড় দুৰ্গটো দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে। দেশক কঁপাই তোলা হাই-প্ৰফাইল ‘কেতন আগৰৱালা হত্যাকাণ্ড’ৰ তদন্ত আগবাঢ়ি যোৱাৰ লগে সেই দুৰ্গটো ভিৰ বাঢ়িছে পৰ্যটকৰ।
জানিব পৰা মতে, এই হত্যাকাণ্ডৰ পিছৰে পৰা লোহাগড় দুৰ্গলৈ অহা পৰ্যটকৰ সংখ্যা প্ৰায় ২৫ শতাংশ বৃদ্ধি পাইছে! কিন্তু আচৰিত কথাটো হ’ল যে গড়টোলৈ অহা বেছিভাগ পৰ্যটকে ইতিহাস চোৱাৰ পৰিৱৰ্তে নিৰাপত্তাৰক্ষীক এটা কথা সুধিছে- “হত্যাৰ সঠিক স্থান কোনখিনি?” কেতনক ঠেলি দিয়া বুলি অভিযোগ উত্থাপন কৰা গড়টোৰ সেই ঠাইখনক এতিয়া পৰ্যটকে‘ছিয়া স্পট’ বা ‘ছিয়া পইণ্ট’ বুলি কোৱা আৰম্ভ কৰিছে!

তদন্তত প্ৰকাশ পায় যে, অভিযুক্ত যুৱতী ছিয়া গোৱেল আৰু তেওঁৰ প্ৰেমিক চেতন চৌধুৰীয়ে হ’বলগীয়া স্বামী কেতন আগৰৱালক পুনেৰ সেই গড়লৈ নিয়াৰ পৰিকল্পনা কৰিছিল। তাতে কেতনক দুৰ্গৰ এটা ঠেক অংশৰ পৰা তললৈ ঠেলি দিয়া বুলি উল্লেখ কৰে। অভিযুক্ত ছিয়াৰ নামেৰেই ঠাইখিনিৰ নাম ‘ছিয়া পইণ্ট’ বুলি আখ্যা দিবলৈ আৰম্ভ কৰিছে নেটিজেন আৰু কৌতুহলী পৰ্যটকে।
এসময়ত কেৱল জনপ্ৰিয় ট্ৰেকিং গন্তব্যস্থান আছিল, কিন্তু এতিয়া এয়া যথেষ্ঠ কৌতুহলৰ দৃশ্য। এই গোচৰৰ খবৰ পোহৰলৈ অহাৰ পিছৰে পৰা লোহাগড় গড়লৈ ভিৰ কৰিছে পৰ্যটকৰ।
সপ্তাহৰ শেষৰ দিনত (শনিবাৰ আৰু দেওবাৰ) বা চৰকাৰী বন্ধৰ দিনত দৈনিক ৪,০০০ৰ পৰা ৫,০০০ পৰ্যটক লোহাগড় দুৰ্গলৈ আহে। কিন্তু স্থানীয় বাসিন্দাসকলে দাবী কৰিছে যে কেতন আগৰৱালা গোচৰৰ পিছৰে পৰা সপ্তাহৰ আন দিনতো গড়টোত একেধৰণৰ ভিৰ দেখা গৈছে। পৰ্যটকৰ বাবে মূল আকৰ্ষণ হ’ল ‘ছিয়া পইণ্ট’। বহুতে থিয় হৈ ফটো আৰু চেলফি উঠিছে।
(এই তথ্য যুগুতাইছে বৰষা মিশ্ৰই)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















