আজি কিছু বছৰ আগলৈ যিকোনো জৰুৰী কামৰ বাবে মানুহে ফোন কলক আটাইতকৈ সহজ মাধ্যম বুলি ধৰিছিল কিন্তু সেয়া সাম্প্ৰতিক সময়ত যেন কিছু পৰিমাণে সলনি হৈছে। বিশেষকৈ Gen Z অৰ্থাৎ ১৯৯০ চনৰ শেষৰ ভাগ আৰু ২০০০ চনৰ পিছত জন্মগ্ৰহণ কৰা প্ৰজন্মৰ বহু লোকে ফোন কলত কথা পতাতকৈ মেছেজ, WhatsApp, Instagram DM বা ই-মেইলৰ জৰিয়তে যোগাযোগ কৰাটো অধিক সহজ আৰু আৰামদায়ক বুলি অনুভৱ কৰে। এই পৰিবর্তনটো কিছুমানৰ বাবে আচৰিত যেন লাগিব পাৰে, কিন্তু ইয়াৰ আঁৰত কেৱল সুবিধাই নহয়, এটা মনস্তাত্ত্বিক কাৰণো আছে, যাক ‘টেলিফ’ফ’বিয়া’ (Telephobia) বুলি কোৱা হয়।
টেলিফ’ফ’বিয়া কি?
টেলিফ’ফ’বিয়া মানে হৈছে ফোনত কথা ক’বলৈ ভয় বা অস্বস্তি অনুভৱ কৰা এক অৱস্থা। কিছুমান লোক অচিনাকি মানুহৰ সৈতে ফোনত কথা ক’বলৈ ভয় কৰে, আন কিছুমানে এই কথা লৈ চিন্তিত থাকে যে সন্মুখৰ ব্যক্তিয়ে তেওঁলোকৰ কথাক কেনেকৈ গ্ৰহণ কৰিব। এনে লোকসকলে সাধাৰণতে ফোন কল কৰাৰ আগতে মেছেজ কৰাটো বেছি সঠিক বুলি ভাবে।
National Institute of Healthত প্ৰকাশিত এক গৱেষণাৰ মতে, মেডিকেল ছাত্ৰ-ছাত্ৰীৰ মাজত এই ধৰণৰ সমস্যা যথেষ্ট সাধাৰণ। অবিৰত চাপ, টোপনিৰ অভাৱ আৰু কামৰ চাপৰ বাবে ফোনৰ ৰিঙো বহু সময়ত মানসিক চাপৰ এটা কাৰক হৈ উঠে। ইয়াৰ ফলত মানসিক স্বাস্থ্যতো প্ৰভাৱ পৰে।
Gen Z কিয় texting বেছি পছন্দ কৰে?
বৰ্তমান প্ৰজন্মই ডিজিটেল পৃথিৱীত ডাঙৰ হৈছে। তেওঁলোকৰ বাবে মেজেছ কৰাটো আগৰ প্ৰজন্মৰ বাবে ফোনত কথা পতাৰ দৰেই সহজ আৰু স্বাভাৱিক। textingৰ আটাইতকৈ ডাঙৰ সুবিধা হৈছে ইয়াত লগে লগে উত্তৰ দিবলৈ বাধ্যবাধকতা নাথাকে। মানুহে নিজৰ সুবিধা অনুসৰি চিন্তা কৰি উত্তৰ লিখিব পাৰে। কিন্তু ফোন কলত তৎক্ষণাত উত্তৰ দিব লাগে, যি বহুজনৰ বাবে চাপৰ কাৰণ হ’ব পাৰে।
ফোন কলত কিয় ভয় বা অস্বস্তি অনুভৱ হয়?
বিশেষজ্ঞসকলৰ মতে, ফোনত কথা ক’লে আমি সন্মুখৰ ব্যক্তিৰ মুখৰ অভিব্যক্তি দেখা নাপাওঁ। ইয়াৰ ফলত তেওঁ কি ভাবিছে সেয়া বুজি পোৱাটো কঠিন হৈ যায়। বহু যুৱক-যুৱতীৰ এই ভয়ো থাকে যে তেওঁলোকে ভুল কথা ক’ব পাৰে বা তেওঁলোকে কোৱা কথাৰ ভুল অৰ্থ ওলাব পাৰে। আকস্মিক ফোন কলেও বহুজনক অস্বস্তিত পেলায়, কিয়নো ইয়াৰ বাবে আগতীয়াকৈ প্ৰস্তুতি চলোৱাৰ সময় নাথাকে। এই কাৰণতেই বহুতে প্ৰথমে মেছেজেৰেই কথা বা বাৰ্তালাপৰ আৰম্ভণি ঘটায়।
সামাজিক মাধ্যম আৰু যোগাযোগৰ পৰিবর্তন
সামাজিক মাধ্যম আৰু মেছেজিং এপসমূহে যোগাযোগৰ ধৰণ সম্পূৰ্ণ সলনি কৰি দিছে। এতিয়া মানুহে সৰু সৰু মেছেজ, ভইচ নোট, ইমোজি আৰু ৰিয়েকশ্যনৰ জৰিয়তে সহজে নিজৰ কথা প্ৰকাশ কৰে। ধীৰে ধীৰে ফোন কলৰ ঠাই texting-এ ল’বলৈ ধৰিছে। ইয়াৰ ফলত বহু যুৱক-যুৱতীয়ে ফোনত কথা ক’ব লগা হ’লে অস্বস্তি অনুভৱ কৰে।
এই ভয় কেনেকৈ কমাব পাৰি?
সৰু আৰু সহজ কলৰ পৰা আৰম্ভ কৰক। জৰুৰী কথাবোৰ আগতে লিখি ৰাখক। কল কৰাৰ আগতে গভীৰ শ্বাস লৈ নিজকে শান্ত কৰক। পৰিয়াল বা বন্ধু-বান্ধৱৰ সৈতে ফোনত কথা কোৱাৰ অভ্যাস কৰক। প্ৰতিটো কল নিখুঁত হ’বই লাগিব বুলি নিজৰ ওপৰত চাপ নিদিব। এইদৰে ধাপে ধাপে অভ্যাস কৰিলে ফোন কলৰ ভয় কমি আহে আৰু যোগাযোগৰ আত্মবিশ্বাসো বৃদ্ধি পায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















