• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰোনাল্ডোৰ অসন্তুষ্টি, কিংবদন্তি লুকা মড্ৰিচৰ বিদায়

ৰোনাল্ডোৰ অসন্তুষ্টি, কিংবদন্তি লুকা মড্ৰিচৰ বিদায়

2 hours ago
মাৰ্কিন ডলাৰক বিদায়! এতিয়াৰে পৰা টকা-য়েনত হ’ব বাণিজ্য!

মাৰ্কিন ডলাৰক বিদায়! এতিয়াৰে পৰা টকা-য়েনত হ’ব বাণিজ্য!

5 minutes ago
এই ৫ ৰাশিৰ লোকে হওক সাৱধান! আছে প্ৰতিকাৰ আৰু সমাধান

এই ৫ ৰাশিৰ লোকে হওক সাৱধান! আছে প্ৰতিকাৰ আৰু সমাধান

28 minutes ago
পচা মাংসৰ দৰে তীব্ৰ দুৰ্গন্ধময় ১১ কিলো ওজনৰ এবিধ অদ্ভুত ফুল

পচা মাংসৰ দৰে তীব্ৰ দুৰ্গন্ধময় ১১ কিলো ওজনৰ এবিধ অদ্ভুত ফুল

51 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী কিমান সত্য? কেতিয়াৰ পৰা জনপ্ৰিয় হ’ল বাবা ভাংগা?

বাবা ভাংগাৰ শৈলীত আজিৰ দিনটো আপোনাৰ কেনে যাব?

3 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ কেনেদৰে পাৰ হ’ব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব সোণালী সুযোগ!

12 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

কেৰিয়াৰ, ধন আৰু সাফল্য আহিব জীৱনত, মাত্ৰ ৩০ বছৰ বয়সৰ পূৰ্বে কৰক এই কাম!

12 hours ago

প্ৰতি ছেকেণ্ডত প্ৰায় ৩.৬ মিটাৰ! পৃথিৱীৰ আটাইতকৈ বেগী মকৰাটোৰ বিষয়ে জানেনে?

12 hours ago
পুনৰ আকাশলংঘী সোণৰ মূল্য, ৰূপে গঢ়িলে নতুন অভিলেখ!

পুনৰ আকাশলংঘী সোণৰ মূল্য, ৰূপে গঢ়িলে নতুন অভিলেখ!

13 hours ago
কেতিয়া হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য? উত্তৰ দিলে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে

কেতিয়া হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য? উত্তৰ দিলে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে

13 hours ago
সোণৰ আঙুঠি পিন্ধোতে নকৰিব ভুল, পৰিব শনিৰ বক্ৰ দৃষ্টি!

সোণৰ আঙুঠি পিন্ধোতে নকৰিব ভুল, পৰিব শনিৰ বক্ৰ দৃষ্টি!

14 hours ago
PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

EPFO Update: প্ৰভিডেণ্ট ফাণ্ডৰ নিয়মত ডাঙৰ পৰিৱৰ্তন, এইখিনি ধন জমা কৰিব লাগিব পিএফ একাউণ্টত!

14 hours ago
বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

ৰোনাল্ডোৰ অসন্তুষ্টি, কিংবদন্তি লুকা মড্ৰিচৰ বিদায়

Round of 16ত পৰ্তুগাল বনাম স্পেইন

editor by editor
July 3, 2026
in ক্ৰীড়া, বিনোদন, বিশ্ব
0
ৰোনাল্ডোৰ অসন্তুষ্টি, কিংবদন্তি লুকা মড্ৰিচৰ বিদায়
0
SHARES
256
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফিফা বিশ্বকাপ ২০২৬ৰ নকআউট পৰ্যায়ত বৃহস্পতিবাৰে ফুটবলপ্ৰেমীয়ে উপভোগ কৰিলে এক শ্বাসৰুদ্ধকৰ, নাটকীয় আৰু কিছু বিতৰ্কেৰে ভৰা মেচ। কানাডাৰ টৰেণ্টোত অনুষ্ঠিত ৰাউণ্ড অব ৩২ৰ এই হাইভল্টেজ মেচখনত পৰ্তুগালে ক্ৰোৱেচিয়াক ২–১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি ক্ৰোৱেচিয়ান লুকা মড্ৰিচৰ পঞ্চম বিশ্বকাপত খিতাপ জয়ৰ সপোন ভাঙি পেলালে। মেচৰ আৰম্ভণিতে কিছু আধিপত্য বিস্তাৰ কৰিলেও শেষ হাঁহি মাৰে ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ পৰ্তুগালে। ৫৩ মিনিটত যোচিপ ষ্টানিছিচৰ নিখুঁত ক্ৰছত ইভান পেৰিছিচে চমৎকাৰ ফিনিছিং কৰি ক্ৰোৱেচিয়াক ১–০ ব্যৱধানত আগুৱাই নিয়ে। ইয়াৰ পিছত পৰ্তুগালৰ ওপৰত চাপ বৃদ্ধি পায়। ইয়াৰ মাজতে ৰাফায়েল লিয়াওৰ এটা দৃষ্টিনন্দন কাৰ্লিং শ্বট ক্ৰছবাৰত লাগি খেলপথাৰৰ মাজলৈ উভতি আহিলেও হতাশাত ভাগি পৰা নাছিল পৰ্তুগীজ সমৰ্থকসকলে, কাৰণ তেওঁলোকৰ বিশ্বাস আছিল যেতিয়ালৈ খেলপথাৰত ৰোনাল্ডো আছে তেতিয়ালৈ তেওঁলোকক আশাত বন্দী হৈয়ে থাকিব । আৰু যেন কিছু সময় পিছত ইয়াকেই প্ৰমাণ কৰি জীৱন্ত কিংবদন্তি ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে অতি চতুৰতাৰে এটা পেনাল্টী শ্বুট আউটক গ’ললৈ ৰূপান্তৰিত কৰিলে। ৬৮ মিনিটত ৪১ বছৰীয়া ৰোনাল্ডোৰ এই গলেৰে মেচখনৰ স্ক’ৰ ১–১ লৈ ৰূপান্তৰ হয়। বিশ্বাস কৰবিলৈ টান লাগিলেও এইটোৱেই আছিল বিশ্বকাপৰ নকআউট পৰ্যায়ত ৰোনাল্ডোৰ নিজৰ কেৰিয়াৰৰ প্ৰথমটো গ’ল। মেচখনৰ দ্বিতীয়াৰ্ধত আধা সময় পাৰ হোৱাৰ পিছত ক্ৰোৱেচিয়াই পৰ্তুগীজৰ ৰক্ষণবেহু ভেদি আক্ৰমণ তীব্ৰতৰ কৰি কেবাটাও শ্বট গ’লপোষ্টলৈ মাৰি পঠিয়ালেও পৰ্তুগালৰ গ’লকীপাৰ ডিয়াগো কোষ্টাৰ নিখুঁত শৈলীয়ে পুনৰবাৰ পৰ্তুগালক ৰক্ষা কৰিলে।

ৰোনাল্ডোৰ অসন্তুষ্টি

মেচখনৰ ৮০ মিনিটত ৰোনাল্ডোক ছাবষ্টিটিউট কৰি ৰুবেন নেভেছক নামোৱা হয়। টুৰ্ণামেণ্টখনত প্ৰথমবাৰৰ বাবে ছাবষ্টিটিউটৰ সন্মুখীন হোৱা ৰোনাল্ডো স্পষ্টভাৱে অসন্তুষ্ট হোৱা দেখা যায়। বেঞ্চত বহি তেওঁ উদ্বিগ্ন দৃষ্টিৰে শেষৰ নাটকীয় মুহূৰ্তবোৰ উপভোগ কৰে।

কিন্তু পৰৱৰ্তী মেচত নতুন উদ্যমেৰে পুনৰবাৰ খেলপথাৰত নমাৰ বাবে সেই সিদ্ধান্ত আছিল অতিকৈ গুৰুত্বপূৰ্ণ।ৰেগুলাৰ টাইমৰ শেষত ৰেফাৰীয়ে ১০ মিনিট ইঞ্জুৰী অতিৰিক্ত সময় ঘোষণা কৰাৰ লগে লগে মেচখন নতুন উত্তেজনাত ভৰি পৰে। ঠিক ৯৫(৯০+৫) মিনিটত আহে সেই সোণালী ক্ষণ। ৰাফায়েল লিয়াওৰ নিখুঁত ক্ৰছত গোঁকালো ৰামোছৰ এক শক্তিশালী হেডাৰে বল জালত প্ৰেৰণ কৰি পৰ্তুগালক ২–১ ব্যৱধানত আগুৱাই নিয়ে। ‘ছুপাৰ ছাব’ হিচাপে নামি তেওঁ দলটোক স্মৰণীয় জয় উপহাৰ দিয়ে।

কিছু ৰোমাঞ্চ আৰু শেষ মুহূৰ্তৰ বিতৰ্ক

কিন্তু খেলখনৰ ৰোমাঞ্চ ইয়াতেই শেষ হোৱা নাছিল। শেষ মুহূৰ্তত ক্ৰোৱেচিয়াই সমতা ঘূৰাই অনাৰ পূৰ্ণ চেষ্টাৰে পৰ্তুগালৰ গলপষ্টৰ জালত এটা বল মাৰি পঠিয়ায়, আৰু লগে লগে খেলুৱৈ আৰু সমৰ্থকসকল উল্লাসত ফাটি পৰে। কিন্তু VARত দৃশ্য পুনৰীক্ষণ কৰাৰ পিছত মাৰিঅ’ পাছালিচক অফছাইড ঘোষণা কৰি গ’ল বাতিল কৰে। মুহূৰ্ততে ক্ৰোৱেচিয়ান খেলুৱৈকসকলৰ এই হৰ্ষোল্লাস বিষাদলৈ পৰিণত হয়।

কিংবদন্তি লুকা মড্ৰিচৰ বিদায়

এই পৰাজয়ে ক্ৰোৱেচিয়াৰ সুৱৰ্ণ অধ্যায়ৰ অন্যতম নায়ক লুকা মড্ৰিচৰ বিশ্বকাপ যাত্ৰাৰ অন্ত পৰিল। ২০১৮ চনত দলটোক ফাইনেললৈ আৰু ২০২২ চনত তৃতীয় স্থানলৈ নিয়া এই কিংবদন্তি মিডফিল্ডাৰগৰাকীৰ বিদায় যেন ভবা মতে সুখকৰ নহ’ল।

এতিয়া Round of 16ত ফুটবল বিশ্বই আগ্ৰহেৰে অপেক্ষা কৰিছে পৰ্তুগাল আৰু স্পেইনৰ মাজৰ বহুল প্ৰতীক্ষিত মেচখনৰ বাবে, য’ত পুনৰ এবাৰ দেখা যাব ইউৰোপীয় দুই শক্তিধৰ দলৰ ৰোমাঞ্চকৰ সংঘৰ্ষ।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Fifa world cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্কিন ডলাৰক বিদায়! এতিয়াৰে পৰা টকা-য়েনত হ’ব বাণিজ্য!
বিশ্ব

মাৰ্কিন ডলাৰক বিদায়! এতিয়াৰে পৰা টকা-য়েনত হ’ব বাণিজ্য!

July 3, 2026
পচা মাংসৰ দৰে তীব্ৰ দুৰ্গন্ধময় ১১ কিলো ওজনৰ এবিধ অদ্ভুত ফুল
বিবিধ

পচা মাংসৰ দৰে তীব্ৰ দুৰ্গন্ধময় ১১ কিলো ওজনৰ এবিধ অদ্ভুত ফুল

July 3, 2026
শিক্ষা

প্ৰতি ছেকেণ্ডত প্ৰায় ৩.৬ মিটাৰ! পৃথিৱীৰ আটাইতকৈ বেগী মকৰাটোৰ বিষয়ে জানেনে?

July 2, 2026
প্ৰেমে নামানে বয়সৰ সীমা! ৭২ বছৰীয়া বৃদ্ধাৰ সৈতে বিৱাহ পাশত আৱদ্ধ হ’ল ২২ বছৰীয়া যুৱক
জীৱনশৈলী

প্ৰেমে নামানে বয়সৰ সীমা! ৭২ বছৰীয়া বৃদ্ধাৰ সৈতে বিৱাহ পাশত আৱদ্ধ হ’ল ২২ বছৰীয়া যুৱক

July 2, 2026
Next Post
পচা মাংসৰ দৰে তীব্ৰ দুৰ্গন্ধময় ১১ কিলো ওজনৰ এবিধ অদ্ভুত ফুল

পচা মাংসৰ দৰে তীব্ৰ দুৰ্গন্ধময় ১১ কিলো ওজনৰ এবিধ অদ্ভুত ফুল

এই ৫ ৰাশিৰ লোকে হওক সাৱধান! আছে প্ৰতিকাৰ আৰু সমাধান

এই ৫ ৰাশিৰ লোকে হওক সাৱধান! আছে প্ৰতিকাৰ আৰু সমাধান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.