নামনিবাসীৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। মেৰামতিৰ বাবে শৰাইঘাট দলঙত প্ৰায় দুমাহ ধৰি যান-বাহন চলাচল আংশিকভাৱে বন্ধ থাকিব। এই সিদ্ধান্তৰ ফলত গুৱাহাটী আৰু উত্তৰ অসমৰ মাজৰ দৈনিক যাতায়াতত প্ৰভাৱ পৰিব। ১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলংখন। সেয়ে আংশিকভাৱে ১৩ জুলাই পৰা ১৫ ছেপ্টেম্বৰ পৰ্যন্ত বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে।
শৰাইঘাট দলং অসমৰ আটাইতকৈ ব্যস্ত পথ-সংযোগসমূহৰ অন্যতম। প্ৰতিদিনে হাজাৰ হাজাৰ সৰু-বৃহৎ বাহন এই দলঙেৰে অহা-যোৱা কৰে। সেয়েহে মেৰামতিৰ সময়ছোৱাত যানজঁট বৃদ্ধি, যাত্ৰাৰ সময় অধিক হোৱা আৰু মালবাহী বাহনৰ চলাচলতো কিছু অসুবিধাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।
মহানগৰ জিলা আয়ুক্তই জনোৱা মতে, দলঙৰ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে এই ৰক্ষণাবেক্ষণৰ কাম হাতত লোৱা হৈছে। কাম চলি থকা সময়ছোৱাত বিকল্প পথ ব্যৱহাৰ, যান-বাহনৰ সময়সূচী পুনৰ নিৰ্ধাৰণ আৰু যানবাহন নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
প্ৰশাসনে জনসাধাৰণক অতি প্ৰয়োজন নোহোৱালৈকে ভ্ৰমণৰ সময় আগতীয়াকৈ পৰিকল্পনা কৰিবলৈ আহ্বান জনাইছে। একে সময়তে, বিকল্প পথসমূহ ব্যৱহাৰ কৰাৰ লগতে যান আৰক্ষীৰ নিৰ্দেশনা মানি চলিবলৈও অনুৰোধ জনোৱা হৈছে। ১৩ জুলাইৰ পৰা নামনিৰ পৰা আহিবলগীয়া গধুৰ বাহন ৰখোৱা হ’ব বাইহাটাচাৰিআলিত। সৰু বাহনসমূহ আহিব পাৰিব শৰাইঘাট নতুন দলঙেৰে। বন্ধৰ সময়চোৱাত প্ৰয়োজনত সৰু বাহনসমূহ আহিব পাৰিব ভাস্কৰ বৰ্মা সেতুৰে। এতিয়া ৰাজপথত সম্পূৰ্ণৰূপে বন্ধ হ’ব পাৰ্কিঙৰ ব্যৱস্থা।
যদিও এই সাময়িক অসুবিধাই সাধাৰণ জনজীৱনত কিছু প্ৰভাৱ পেলাব, তথাপিও বিশেষজ্ঞসকলৰ মতে দলঙৰ দীৰ্ঘম্যাদী সুৰক্ষা, স্থায়িত্ব আৰু নিৰাপদ যাতায়াত নিশ্চিত কৰাৰ বাবে এই মেৰামতি অতি প্ৰয়োজনীয়।
(এই প্ৰতিবেদন যুগুতাইছে বৰষা মিশ্ৰই)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















