Red Bull, Sting, Monsterৰ দৰে Energy ড্ৰিংকসমূহ আপুনি খাই নেকি? এই এনাৰ্জী ড্ৰিংকে আপোনাৰ স্বাস্থ্যৰ গুৰুতৰভাৱে প্ৰভাৱ পেলাব পাৰে। এই পনীয়সমূহত থকা বিভিন্ন উপাদানে মানৱ দেহৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ সন্দেহ ব্যক্ত কৰা হৈছে। ইতিমধ্যে ৰাজস্থান চৰকাৰে জনস্বাস্থ্যৰ স্বাৰ্থত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি ৰাজ্যজুৰি কেইবাটাও জনপ্ৰিয় এনাৰ্জী ড্ৰিংকৰ বিক্ৰী, সংৰক্ষণ (Storage) আৰু প্ৰদৰ্শন (Display) তাৎক্ষণিকভাৱে নিষিদ্ধ কৰিছে। ৰাজ্যৰ খাদ্য সুৰক্ষা বিভাগে জনোৱা মতে, এই সামগ্ৰীসমূহৰ লেবেলিঙত লিখা তথ্যত কিছুমান ভ্ৰান্তিকৰ দাবীয়ে গ্ৰাহকক বিভ্ৰান্ত কৰি আহিছে। তদুপৰি, এই পানীয়সমূহত অধিক পৰিমাণৰ কেফেইন আৰু চেনি (Sugar) থকাৰ ফলত স্বাস্থ্যৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰিব পাৰে। খাদ্য সুৰক্ষা বিভাগৰ আয়ুক্তই জাৰি কৰা নিৰ্দেশনা অনুসৰি, ৰাজ্যত এনাৰ্জী ড্ৰিংকৰ প্ৰচাৰ, বিক্ৰী আৰু বিতৰণৰ ওপৰত কঠোৰ নজৰদাৰী চলোৱা হ’ব। বিভাগে কয় যে বহু কোম্পানীয়ে নিজৰ সামগ্ৰীৰ ক্ষেত্ৰত এনে ধৰণৰ দাবী কৰিছিল, যিবোৰ ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড প্ৰাধিকৰণ (FSSAI)ৰ নিয়ম অনুসৰি ভ্ৰান্তিকৰ বিজ্ঞাপন হিচাপে গণ্য হয়। এই কাৰণেই সংশ্লিষ্ট সামগ্ৰীসমূহৰ বিক্ৰী, সংৰক্ষণ আৰু প্ৰদৰ্শনত তাৎক্ষণিক নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
কি কি এনাৰ্জী ড্ৰিংকৰ ওপৰত নিষেধাজ্ঞা?
কেৱল বজাৰ বা দোকানেই নহয়, সকলো ই-কমাৰ্চ ৱেবছাইট আৰু ইনষ্টেণ্ট ডেলিভাৰী প্লেটফৰ্মকো এই সামগ্ৰীসমূহৰ বিক্ৰী আৰু অনলাইন প্ৰদৰ্শন অবিলম্বে বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে। লগতে, জিলাস্তৰৰ বিষয়াসকলক বজাৰত নিয়মীয়া পৰিদৰ্শন আৰু অভিযান অধিক তীব্ৰ কৰাৰ নিৰ্দেশ দিয়া হৈছে। খাদ্য সুৰক্ষা বিভাগৰ যৌথ আয়ুক্ত ডাঃ বিজয় প্ৰকাশ শৰ্মাই জনোৱা মতে, ৰাজস্থানত চলি থকা বিশেষ অভিযানত এতিয়ালৈকে ৫ লাখতকৈ অধিক এনাৰ্জী ড্ৰিংকৰ কেন জব্দ কৰা হৈছে। তদন্তৰ সময়ত বহু সামগ্ৰীৰ ওপৰত Energy Drink, Vitalizes Body and Mind আদি ধৰণৰ দাবী লিখা দেখা গৈছে, যিবোৰ FSSAI-ৰ নীতি-নিয়ম অনুসৰি গ্ৰাহকক বিভ্ৰান্ত কৰা বিজ্ঞাপন বুলি গণ্য কৰা হৈছে।
নিষেধাজ্ঞাৰ আওতালৈ অনা মুখ্য ব্ৰেণ্ডসমূহ হ’ল— Hell Energy, Red Bull, Sting, Monster Energy, Campa Energy, Hell Sugar Free, Hell Classic আৰু Adrenalin Rush।
খাদ্য সুৰক্ষা বিভাগে সতৰ্ক কৰি দিয়ে যে অধিক কেফেইন আৰু চেনিযুক্ত এনাৰ্জী ড্ৰিংকৰ অত্যধিক সেৱনে বিশেষকৈ শিশু, কিশোৰ-কিশোৰী আৰু যুৱসকলৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। সেয়ে জনসাধাৰণক এনে সামগ্ৰীৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাৰ লগতে কোনো ভ্ৰান্তিকৰ দাবী থকা খাদ্য সামগ্ৰীৰ তথ্য বিভাগক অৱগত কৰিবলৈ আহ্বান জনোৱা হৈছে।
ৰাজস্থানত এই এনাৰ্জী ড্ৰিংকসমূহৰ বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতে এতিয়া সচেতন মহলত প্ৰশ্ন উঠিছে অসমত কেতিয়া এই ধৰণৰ এনাৰ্জী ড্ৰিংকসমূহৰ ওপৰত আৰোপ কৰা হ’ব নিষেধাজ্ঞা?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















