নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটীত হাহকাৰ। হঠাতে অহা বৰষুণৰ ফলত অবৰ্ণনীয় পৰিস্থিতি।

ৰাজ্যৰ প্ৰায়ে সকলো জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰবল বৰষুণৰ সতৰ্কতা জাৰি কৰিছে।

বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যত অহা ২৪ ঘণ্টাত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা সদৰী কৰিছে ।

আগন্তুক ৩ ঘন্টা বাহিৰলৈ কোনো কাম নহ’লে নোলাব। কিয়নো বৰষুণ আৰু যান-জঁটৰ বাবে গোটেই নিশা বাহিৰতে থাকিব লাগিব আপুনি।

প্ৰচণ্ড বৰষুণৰ কবলত পৰিব মহানগৰ গুৱাহাটী। সেয়ে এই সময়ত দুৰ্যোগ প্ৰশমন বিভাগৰ জৰুৰী সতৰ্কবাণী জাৰি কৰিছে।

আজি প্ৰচণ্ড বৰষুণৰ লগতে বিজুলী-ঢেৰেকনিৰ আশংকা। গতিকে প্ৰতিগৰাকী নাগৰিকক সতৰ্ক হৈ থাকক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















