নামনিবাসীৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। গুৱাহাটীলৈ আহিব বিচৰাৰ পূৰ্বে এবাৰ ভাবি চাওক, কিয়নো এতিয়া কোনো কামৰ বাবে আহিলে সময়ৰ অপব্যয় হ’ব পাৰে। সেয়ে আজিৰে পৰা ১৫ ছেপ্টেম্বৰ পৰ্যন্ত বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে। মেৰামতিৰ বাবে শৰাইঘাট দলঙত প্ৰায় দুমাহ ধৰি যান-বাহন চলাচল আংশিকভাৱে বন্ধ থাকিব। এই সিদ্ধান্তৰ ফলত গুৱাহাটী আৰু উত্তৰ অসমৰ মাজৰ দৈনিক যাতায়াতত প্ৰভাৱ পৰিব। সেয়েহে মেৰামতিৰ সময়ছোৱাত যানজঁট বৃদ্ধি, যাত্ৰাৰ সময় অধিক হোৱা আৰু মালবাহী বাহনৰ চলাচলতো কিছু অসুবিধাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। দলঙৰ দীৰ্ঘম্যাদী সুৰক্ষা, স্থায়িত্ব আৰু নিৰাপদ যাতায়াত নিশ্চিত কৰাৰ বাবে এই মেৰামতি অতি প্ৰয়োজনীয়।
মহানগৰ জিলা আয়ুক্তই জনোৱা মতে, দলঙৰ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে এই ৰক্ষণাবেক্ষণৰ কাম হাতত লোৱা হৈছে। কাম চলি থকা সময়ছোৱাত বিকল্প পথ ব্যৱহাৰ, যান-বাহনৰ সময়সূচী পুনৰ নিৰ্ধাৰণ আৰু যানবাহন নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
এই সময়ছোৱাত নামনিৰ পৰা আহিবলগীয়া গধুৰ বাহন ৰখোৱা হ’ব বাইহাটাচাৰিআলিত। সৰু বাহনসমূহ আহিব পাৰিব শৰাইঘাট নতুন দলঙেৰে। বন্ধৰ সময়চোৱাত প্ৰয়োজনত সৰু বাহনসমূহ আহিব পাৰিব ভাস্কৰ বৰ্মা সেতুৰে। এতিয়া ৰাজপথত সম্পূৰ্ণৰূপে বন্ধ হ’ব পাৰ্কিঙৰ ব্যৱস্থা।
(এই প্ৰতিবেদন যুগুতাইছে বৰষা মিশ্ৰই)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ













