ৰোহিত শৰ্মাৰ অৱসৰক লৈ চলি থকা খবৰসমূহক BCCI-এ সম্পূৰ্ণ ভুল বুলি অভিহিত কৰিছে। BCCIৰ সচিব দেৱজিৎ শইকীয়াই সদৰী কৰা অনুসৰি, লৰ্ডছত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া (ODI) মেচখন ৰোহিতৰ কেৰিয়াৰৰ অন্তিম মেচ নহয়। এফালে ৰোহিত শৰ্মাই অৱসৰ ল’ব বুলি বিভিন্ন খবৰ প্ৰকাশ পাইছিল, আনফালে BCCI-এ স্পষ্ট কৰি দিছে যে ৰোহিতক লৈ এতিয়াও তেনেধৰণৰ কোনো সিদ্ধান্ত লোৱা হোৱা নাই। শুকুৰবাৰে নিশা সংবাদ মাধ্যমৰ আগত দেৱজিৎ শইকীয়াই কয় যে ৰোহিতৰ ভৱিষ্যতক লৈ চলি থকা জল্পনা-কল্পনাবোৰ সম্পূৰ্ণ ভিত্তিহীন। তেওঁ লগতে কয় যে, ৰোহিতে লৰ্ডছত অন্তিম মেচ খেলিব বুলি BCCIৰ ভিতৰত কোনো আলোচনা হোৱা নাই।
BCCIৰ স্পষ্ট মন্তব্য দেৱজিৎ শইকীয়াৰ
দেৱজিৎ শইকীয়াই ৰোহিত শৰ্মাৰ কেৰিয়াৰ সন্দৰ্ভত কয় যে- “ৰোহিত শৰ্মা ভাৰতীয় এদিনীয়া দলৰ নিয়মীয়া সদস্য। যেতিয়ালৈকে তেওঁ দলৰ কৌশলৰ অংশ হৈ থাকিব, তেতিয়ালৈকে তেওঁ দেশৰ হৈ খেলি যাব। লৰ্ডছৰ এদিনীয়া মেচখন তেওঁৰ শেষ মেচ নহয়।”
এতিয়াই অৱসৰ ল’ব বিচৰা নাই ৰোহিতে
BCCI-এ ৰোহিত শৰ্মাই অৱসৰ নলয় বুলি নিশ্চিত কৰিলেও, নিৰ্বাচক মণ্ডলী আৰু মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ মাজত যে ৰোহিত শৰ্মাক আঁতৰোৱাৰ পৰিকল্পনা চলিছিল তাত কোনো সন্দেহ নাই। কিয়নো সংবাদ মাধ্যমত এই খবৰে জুইৰ দৰে বিয়পি পৰাৰ লগে লগে নিৰ্বাচক মণ্ডলীৰ ওপৰত ক্ষুণ্ণ হৈ পৰিছে BCCI। সংশ্লিষ্ট প্ৰতিবেদনসমূহত দাবী কৰা হৈছিল যে নিৰ্বাচক মণ্ডলীৰ এই সিদ্ধান্তৰ বিপৰীতে ৰোহিত শৰ্মাই এতিয়াও অৱসৰ ল’বলৈ সাজু নহয়। ৰোহিত শৰ্মাই ২০২৭ চনৰ এদিনীয়া বিশ্বকাপত ভাৰতৰ হৈ খেলাৰো তীব্ৰ ইচ্ছা প্ৰকাশ কৰিছিল। খবৰ অনুসৰি, এই বিষয়ত ৰোহিতে BCCIৰ বিষয়ববীয়াসকলৰ সৈতেও আলোচনা কৰিছিল। ইয়াৰ উপৰিও ৰোহিতৰ বাবে লৰ্ডছৰ এদিনীয়াখনেই কেৰিয়াৰৰ অন্তিমখন এদিনীয়া হব বুলি ক্ৰিকেট বিশেষজ্ঞসকল তেতিয়া নিশ্চিত হৈছিল যেতিয়া ৰোহিতৰ পিতৃ-মাতৃ উপস্থিত হৈছিল ইংলেণ্ডত। কিন্তু শেহতীয়াভাৱে দেৱজিৎ শইকীয়াৰ মন্তব্যত আশাৰ বতৰা দেখিছে ৰোহিত শৰ্মা তথা টীম ইণ্ডিয়াৰ অনুৰাগীসকল।
তথ্য ফাদিল হোৱাত অসন্তুষ্ট BCCI
আনহাতে, ৰোহিত শৰ্মাক লৈ গোপন তথ্য সংবাদ মাধ্যমলৈ ফাদিল হোৱাত BCCI অসন্তুষ্ট বুলিও খবৰ প্ৰকাশ পাইছে। এই সন্দৰ্ভত BCCI-এ নিৰ্বাচকসকলক সংবাদ মাধ্যমত অনুমতি অবিহনে কোনো ধৰণৰ মন্তব্য নিদিবলৈ নিৰ্দেশ দিছে। ইয়াৰ পূৰ্বে কিছুমান প্ৰতিবেদনত দাবী কৰা হৈছিল যে নিৰ্বাচকসকলে ৰোহিতক জনাইছিল যে তেওঁক ২০২৭ চনৰ বিশ্বকাপৰ পৰিকল্পনাত ৰখা হোৱা নাই আৰু ১৯ জুলাইত লৰ্ডছত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া মেচৰ পিছত তেওঁক ভাৰতীয় দলত পুনৰ নিৰ্বাচন কৰাৰ আশা ক্ষীণ। কিন্তু BCCIৰ সচিব দেৱজিৎ শইকীয়াৰ শেহতীয়া বক্তব্যৰ পিছতে ঘটনাই পথ সলনি কৰিছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















