মধ্যপ্ৰদেশৰ ইণ্ডোৰৰ পৰা মেঘালয়লৈ মধুচন্দ্ৰিকা যাপন কৰিবলৈ অহা ৰাজা ৰঘুবংশীক নৱবিৱাহিতা পত্নীয়ে হ*ত্যা কৰা, পুনেত হ’বলগীয়া স্বামীক প্ৰেমিকৰ সৈতে মিলি ছিয়া গোৱেলে হ*ত্যা কৰাৰ ঘটনাৰ পিছতে এইবাৰ আন এটা অনুৰূপ ঘটনা পোহৰলৈ আহিছে। অবৈধ প্ৰেমৰ বাবেই স্বামীক হ*ত্যা কৰা এই ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশত। উত্তৰ প্ৰদেশৰ মেৰুট জিলাৰ হস্তিনাপুৰত এজন লোকৰ সন্দেহজনক মৃ*ত্যুৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰম্ভণিতে ঘটনাটো সৰ্পদং*শনত মৃ*ত্যু হোৱা স্বাভিৱিক ঘটনা যেন লাগিছিল। কিন্তু আৰক্ষীৰ তদন্তত এয়া এক সুপৰিকল্পিত হ*ত্যাকাণ্ড বুলি পোহৰলৈ আহিছে।
হ*ত্যাকাণ্ডৰ সবিশেষ
মেৰুটৰ এই হ*ত্যাকাণ্ডটোৰ ভুক্তভোগী অতুল পাৱাৰ নামৰ এজন লোক। অতুল পাৱাৰ এখন কীডছ স্কুলৰ পৰিচালক হিচাপে কৰ্মৰত আছিল। আৰক্ষীৰ তদন্তত পোৱা তথ্য অনুসৰি স্বামী অতুল পাৱাৰক পত্নী দামিনীয়ে অবৈধ প্ৰেমিকৰ সৈতে মিলি এই হ*ত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। অভিযোগ অনুসৰি, স্বামীৰ নামত থকা ২০ লাখ টকাৰ জীৱন বীমাৰ ধন লাভ কৰা আৰু স্বামীক জীৱন বাটৰ পৰা আঁতৰাই পঠিওৱাই দামিনী আৰু প্ৰেমিকৰ মূল্য উদ্দেশ্য আছিল। ইতিমধ্যে আৰক্ষীয়ে দামিনী আৰু প্ৰেমিকক গ্ৰেপ্তাৰ কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিছে।
অতুল পাৱাৰে দীৰ্ঘদিন ধৰি হস্তিনাপুৰৰ এটা ভাড়াঘৰত থাকি “কৃষ্ণ কীডছ প্লে স্কুল” নামৰ এখন বিদ্যালয় পৰিচালনা কৰি আহিছিল। প্ৰায় সাত বছৰ পূৰ্বে তেওঁ দামিনীক প্ৰেম বিৱাহ কৰিছিল। দুয়োৰে এটা ছয় বছৰীয়া পুত্ৰ সন্তান আছে। হ*ত্যাকাণ্ড সন্দৰ্ভত দামিনীয়ে আৰক্ষীক জনাই যে বিগত বৃহস্পতিবাৰে নিশা স্বামী আৰু পুত্ৰ একেলগে শুই আছিল। নিশা প্ৰায় ২ বজাত গৰম অনুভৱ কৰাত তেওঁ পুত্ৰক লৈ আন এটা কোঠালৈ নি শুবলৈ যায়। ঘটনাৰ পিছদিনা পুৱা অতুলক মৃত অৱস্থাত প্ৰত্যক্ষ কৰাৰ লগতে বিছনাৰ ওপৰত এডাল ক’লা সাপো দেখে। পিছত স্থানীয় লোকসকল ঘটনাস্থলীলৈ আহি সাপডাল ধৰি এটা ডবাত ভৰাই ৰাখে।
ভুক্তভোগীৰ পৰিয়ালৰ সন্দেহ
কিন্তু অতুলৰ পৰিয়াল ঘটনাস্থলীত উপস্থিত হৈ এই কাহিনীত সন্দেহ প্ৰকাশ কৰে। মৃতদেহৰ সোঁ ভৰিত সাপৰ কামোৰৰ চিন দেখা পোৱাৰ পিছত তেওঁলোকে এই ঘটনাক স্বাভাৱিক মৃত্যু নহয়, বৰং পূৰ্বপৰিকল্পিত হত্যা বুলি অভিযোগ তোলে। এই সন্দেহৰ ভিত্তিত আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰে। ফৰেনছিক বিশেষজ্ঞ আৰু আৰক্ষীৰ দলে ঘটনাস্থলীৰ পৰা বিভিন্ন জৈৱিক নমুনা, বিশেষকৈ বিছনাৰ পৰা প্ৰস্ৰাৱৰ নমুনা আৰু আন গুৰুত্বপূৰ্ণ প্ৰমাণ সংগ্ৰহ কৰে। এই বৈজ্ঞানিক প্ৰমাণসমূহে আৰক্ষীৰ সন্দেহ অধিক শক্তিশালী কৰি তোলে।
দামিনীৰ অপৰাধ স্বীকাৰ
মেৰুট আৰক্ষীয়ে সংবাদমেলত জনোৱা অনুসৰি, জেৰাৰ সময়ত দামিনীয়ে অপৰাধ স্বীকাৰ কৰে। তদন্তত পোহৰলৈ আহে যে দামিনীৰ বিদ্যালয়খনৰ বাছ চালকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। দুয়ো একেলগে বিৱাহপাশত আবদ্ধ হ’ব বিচাৰিছিল আৰু সেই উদ্দেশ্যেই অতুলক বাটৰ পৰা আঁতৰোৱাৰ পৰিকল্পনা কৰিছিল। আৰক্ষীৰ তথ্য অনুসৰি, অতুল পাৱাৰৰ নামত ২০ লাখ টকাৰ জীৱন বীমা আছিল। সেই বীমাৰ ধন লাভ কৰাৰ উদ্দেশ্য আৰু একেলগে নতুন জীৱন আৰম্ভ কৰাৰ আশাত এই হ*ত্যাৰ ষড়যন্ত্ৰ কৰা হৈছিল। তদন্তত এই কথাও প্ৰকাশ পাইছে যে অতুলক পূৰ্বেও হ*ত্যাৰ অপচেষ্টা চলোৱা হৈছিল।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















