বহু লোকৰ প্ৰায়ে এটা অভিযোগ আছে যে ভাল উপাৰ্জন হোৱাৰ পাছতো মাহৰ শেষলৈকে মানীপাৰ্চ খালী হৈ যায়। টকা আহে ঠিকেই, কিন্তু কোনোবা নহয় কোনোবা কাৰণত সোনকালেই খৰচ হৈ যায়। বাস্তুশাস্ত্ৰত এনে কিছুমান সহজ নিয়মৰ কথা উল্লেখ কৰা হৈছে, যিবোৰ মানি চলিলে আৰ্থিক স্থিৰতা বজাই ৰখাত সহায়ক হয় বুলি বিশ্বাস কৰা হয়।
বৰ্তমানৰ সময়ত প্ৰায় সকলো মানুহেই দিন-ৰাতি পৰিশ্ৰম কৰে যাতে ভাল উপাৰ্জন কৰি নিজৰ পৰিয়ালক এটা উন্নত জীৱন দিব পাৰে। কিন্তু বহু ক্ষেত্ৰত দেখা যায়, ভাল উপাৰ্জন কৰিলেও টকা হাতত নাথাকে। মানীপাৰ্চত টকা আহিলেই বিভিন্ন প্ৰয়োজন বা আন কাৰণত সোনকালে শেষ হৈ যায়। যদি আপোনাৰ ক্ষেত্ৰতো এনে হয় আৰু বাস্তুশাস্ত্ৰক বিশ্বাস কৰে তেন্তে বাস্তুশাস্ত্ৰৰ মতে ইয়াৰ আঁৰত কিছুমান বাস্তুদোষ থাকিব পাৰে। মানীপাৰ্চৰ সৈতে জড়িত কেইটামান সহজ নিয়ম মানি চলিলে ধনৰ সংকট হ্ৰাস আৰু সমৃদ্ধি বৃদ্ধি হোৱাত সহায়ক বুলি ধাৰণা কৰা হয়।
মানীপাৰ্চ সদায় পৰিষ্কাৰ কৰি ৰাখক
বাস্তুশাস্ত্ৰৰ মতে, লেতেৰা, ফটা বা অপ্রয়োজনীয় কাগজ-পত্ৰৰে ভৰা পাৰ্চে ঋণাত্মক শক্তি বৃদ্ধি কৰে। সেয়েহে পাৰ্চত কেৱল প্ৰয়োজনীয় বস্তুহে ৰাখক। পুৰণি বিল, অপ্রয়োজনীয় ৰচিদ বা কামত নালাগা কাগজ সময়ে সময়ে আঁতৰাই দিয়ক।
ফটা বা বেছি পুৰণি পাৰ্চ সলনি কৰক
যদি আপোনাৰ পাৰ্চ ফাটি গৈছে বা বহু পুৰণি হৈছে, তেন্তে ইয়াক সলনি কৰাটো শুভ বুলি ধৰা হয়। বিশ্বাস কৰা হয় যে মলিয়ন, ফটা মানীপাৰ্চত ধন স্থায়ীভাৱে নাথাকে। নতুন আৰু ভাল অৱস্থাৰ পাৰ্চ ইতিবাচক শক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়।
পাৰ্চত মা লক্ষ্মীৰ ছবি বা শ্ৰীযন্ত্ৰ ৰাখিব পাৰে
বাস্তুশাস্ত্ৰৰ বিশ্বাস অনুসৰি, পাৰ্চত মা লক্ষ্মীৰ সৰু ছবি বা শ্ৰীযন্ত্ৰ ৰাখিলে ধন-সম্পদৰ ক্ষেত্ৰত শুভ শক্তি বৰ্তি থাকে। অৱশ্যে ছবিখন সদায় পৰিষ্কাৰকৈ ৰাখক আৰু যথোচিত সন্মান প্ৰদৰ্শন কৰক।
এখন নিৰ্দিষ্ট নোট সদায় খৰচ নকৰাকৈ ৰাখক
এখন নিৰ্দিষ্ট নোট পাৰ্চত সদায় সযতনে থোৱাটো শুভ বুলি বিশ্বাস কৰা হয়। ইয়াক শুভ ধনৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। বিশেষ প্ৰয়োজন নাথাকিলে সেই নোটখন খৰচ নকৰিবলৈ চেষ্টা কৰক। এনে কৰিলে ধনৰ আগমন অব্যাহত থাকে বুলি জনবিশ্বাস আছে।
অপ্রয়োজনীয় বস্তু পাৰ্চত জমা নকৰিব
বহুতে পাৰ্চত পুৰণি টিকট, ম্যাদ উকলি যোৱা কাৰ্ড, ভঙা চাবি বা ব্যৱহাৰ নকৰা ৰচিদ বহুদিন ধৰি ৰাখে। বাস্তুশাস্ত্ৰত ইয়াক শুভ বুলি ধৰা নহয়। সেয়েহে এনে বস্তু সময়ে সময়ে আঁতৰাই দিয়ক।
শুভ ৰঙৰ পাৰ্চ বাছনি কৰক
বাস্তুশাস্ত্ৰৰ মতে, বাদামী, সোণালী, পাতল হালধীয়া অথবা সেউজীয়া ৰঙৰ পাৰ্চ আৰ্থিক দিশৰ পৰা শুভ বুলি ধৰা হয়। ধাৰ-ঋণৰ কাগজ পাৰ্চত দীঘলীয়া সময় নাৰাখিব
যদি আপুনি কাৰোবাক ধাৰ দিছে বা কাৰোবাৰ পৰা ধাৰ লৈছে, তেন্তে তাৰ সৈতে জড়িত পুৰণি হিচাপ-নিকাচ বা কাগজ-পত্ৰ বহুদিন পাৰ্চত নাৰাখিব। বিশ্বাস কৰা হয় যে এনে কাগজ পাৰ্চত ৰাখিলে মানসিক চাপ আৰু আৰ্থিক জটিলতা বৃদ্ধি পাব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















