• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

2 months ago
মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

6 minutes ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

30 minutes ago
বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

52 minutes ago
একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

1 hour ago
সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

2 hours ago
বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

2 hours ago
বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

3 hours ago
শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

4 hours ago
Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

4 hours ago
ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

5 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

6 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

কি কয় চিকিৎসা বিশেষজ্ঞই?

editor by editor
July 21, 2026
in খাদ্য, জীৱনশৈলী, বিবিধ, স্বাস্থ্য
0
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?
0
SHARES
146
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সোৱাদত অতুলনীয় জাম কেৱল এটা সুস্বাদু ফলেই নহয়, ই শৰীৰলৈ বহুতো স্বাস্থ্যগত উপকাৰো কঢ়িয়াই আনে। জামক লৈ বহু ধৰণৰ ধাৰণা প্ৰচলিত আছে। তাৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় ধাৰণাটো হৈছে—জাম খালে ডায়বেটিছ বা ৰক্তত থকা চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে। জামত ভিটামিন চি, পটাছিয়াম, মেগনেছিয়াম, আইৰন আৰু বিভিন্ন শক্তিশালী এণ্টিঅক্সিডেণ্ট থাকে। ইয়াত থকা ভিটামিন চিয়ে শৰীৰৰ ৰোগ-প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। বহুতে কেৱল জামেই নহয়, ইয়াৰ গুটি শুকুৱাই গুড়ি কৰি পানীৰ সৈতে খোৱাটোও উপকাৰী বুলি বিশ্বাস কৰে। বিশেষকৈ বহু মানুহৰ ধাৰণা, জামৰ গুটিৰ গুড়িয়ে ব্লাড ছুগাৰ নিয়ন্ত্ৰণত ৰাখে। কিন্তু এই ধাৰণাটো কিমান সত্য?

বিশেষজ্ঞসকলে কি কয়?

এগৰাকী এণ্ড’ক্ৰাইন’লজী বিশেষজ্ঞ ডাঃ নিশান্ত জৈনে কয় যে বহু বছৰ ধৰি জামক ডায়বেটিছ ৰোগীৰ বাবে উপকাৰী ফল বুলি ধৰা হৈছে। কিন্তু প্ৰথমেই এটা কথা স্পষ্টকৈ বুজি ল’ব লাগিব—জাম ডায়বেটিছৰ চিকিৎসা নহয় আৰু ই কেতিয়াও চিকিৎসকে দিয়া ঔষধৰ বিকল্প হ’ব নোৱাৰে। চিকিৎসকগৰাকীৰ মতে, জামক স্বাস্থ্যসন্মত আহাৰৰ এটা অংশ হিচাপে গ্ৰহণ কৰিব পাৰি। ই ডায়বেটিছ অধিক সুচাৰুৰূপে নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। জামত এন্থ’চায়ানিন, এলেজিক এচিড, ফ্লেভ’নইড আৰু জেম্ব’লিন আদি প্ৰাকৃতিক উপাদান থাকে। এইবোৰ এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰি শৰীৰৰ কোষসমূহক অক্সিডেটিভ ষ্ট্ৰেছৰ পৰা সুৰক্ষা দিয়ে। সহজ ভাষাত ক’বলৈ গ’লে, অক্সিডেটিভ ষ্ট্ৰেছ হৈছে শৰীৰৰ ভিতৰত হোৱা এক প্ৰকাৰৰ ক্ষতি, যিটো ডায়বেটিছ ৰোগীৰ ক্ষেত্ৰত অধিক দেখা যায়।

জামে কেনেকৈ সহায় কৰে?

কেইবাটাও প্ৰাথমিক গৱেষণাই ইংগিত দিয়ে যে জামে ষ্টাৰ্চক চেনিলৈ ৰূপান্তৰিত হোৱাৰ প্ৰক্ৰিয়াটো কিছু পৰিমাণে ধীৰ কৰিব পাৰে। লগতে শৰীৰত ইনচুলিনে সঠিকভাৱে কাম কৰাতো সহায় কৰিব পাৰে। অৱশ্যে এই বিষয়ত নিশ্চিত সিদ্ধান্তলৈ আহিবলৈ অধিক বিস্তৃত মানৱ-গৱেষণাৰ প্ৰয়োজন। ইনচুলিন হৈছে এনে এটা হৰম’ন, যিয়ে ৰক্তত থকা চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে। ইয়াৰ উপৰিও জামত যথেষ্ট পৰিমাণে ফাইবাৰ থাকে আৰু ইয়াৰ গ্লাইচেমিক ইনডেক্স (GI) কম। সেইবাবে আন বহুতো মিঠা ফলৰ তুলনাত জাম খোৱাৰ পিছত ব্লাড ছুগাৰৰ মাত্ৰা তুলনামূলকভাৱে ধীৰগতিত বৃদ্ধি পায়।

অত্যধিক জাম খোৱাৰ ফলত কি হ’ব পাৰে?

বিশেষজ্ঞসকলে সতৰ্ক কৰি কয় যে বেছি জাম খালেই বেছি লাভ হয় বুলি ভাবিব নালাগে। অত্যধিক জাম খোৱাৰ ফলত কিছুমান লোকৰ কোষ্ঠকাঠিন্য, পেট ফুলি থকা বা বদহজমৰ দৰে সমস্যা হ’ব পাৰে। যদি আপুনি ইতিমধ্যে ডায়বেটিছৰ ঔষধ বা ইনচুলিন গ্ৰহণ কৰি আছে, তেন্তে জাম খোৱাৰ ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ মানি চলাটো জৰুৰী। আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল—খালী পেটত জাম খাব নালাগে আৰু গাখীৰৰ সৈতে বা গাখীৰ খোৱাৰ ঠিক আগতে বা পিছতে জাম খাব নালাগে কিয়নো ইয়াৰ ফলত কিছুমান লোকৰ হজমৰ সমস্যা হ’ব পাৰে।

মনত ৰাখিবলগীয়া

যদি আপোনাৰ ডায়বেটিছ আছে, তেন্তে সঠিক পৰিমাণত জাম নিশ্চিন্তে খাব পাৰে। কিন্তু ইয়াৰ প্ৰকৃত উপকাৰ তেতিয়াহে পোৱা যাব যেতিয়া— সুষম আৰু পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব,নিয়মিত ব্যায়াম কৰিব,সময়ে সময়ে ব্লাড ছুগাৰ পৰীক্ষা কৰিব আৰু চিকিৎসকে নিৰ্দেশ দিয়া ঔষধ নিয়মমাফিক গ্ৰহণ কৰিব।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Diabeteshealth
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!
বাণিজ্য

মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

September 21, 2026
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক
বাণিজ্য

সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

September 21, 2026
বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!
জীৱনশৈলী

বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

September 21, 2026
একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?
বিনোদন

একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

September 21, 2026
Next Post
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.