NEET প্ৰশ্নকাকত ফাদিল কেলেংকাৰিৰ বিৰুদ্ধে CJPৰ প্ৰায় দুমাহজোৰা প্ৰতিবাদৰ সমুখত অৱশেষত শিৰনত হবলৈ বাধ্য হ’ল কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান? আজি দিনৰ ২.৩০ বজাত ছচিয়েল মিডিয়াযোগে প্ৰায় দুই পৃষ্ঠাজোৰা পদত্যাগ পত্ৰৰে ধৰ্মেন্দ্ৰ প্ৰধানে আনুষ্ঠানিকভাৱে পদত্যাগৰ ঘোষণা কৰে। ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ পত্ৰত দেশৰ যুৱপ্ৰজন্মক গুৰুত্ব সহকাৰে লোৱা বুলিও উল্লেখ কৰিছে। পদত্যাগ পত্ৰৰ এঠাইত সদ্যপদত্যাগী শিক্ষামন্ত্ৰীজনে লিখিছে- ‘মই দেশৰ যুৱসমাজৰ আকাংক্ষা, অনুভূতি আৰু তেওঁলোকৰ ন্যায্য আশা-আকাংক্ষাৰ প্ৰতি গভীৰ সন্মান প্ৰকাশ কৰোঁ। ভাৰতৰ যুৱ প্ৰজন্মৰ সপোন বাস্তৱায়িত কৰাটো আমাৰ সকলোৰে ৰাজনৈতিক আৰু সামাজিক জীৱনৰ এক নৈতিক সংকল্প হৈ আহিছে। বিগত ১০ দিনৰ ঘটনাক্ৰম দেখি মোৰ মন অত্যন্ত দুখিত হৈছে। এই বিষয়টো মোৰ ব্যক্তিগত সন্মানৰ প্ৰশ্ন নহয়। ভাৰতৰ যুৱশক্তিয়েই এই দেশৰ প্ৰকৃত শক্তি। দেশৰ যুৱশক্তিক বিভ্ৰান্তিৰ চক্ৰব্যূহত আবদ্ধ হ’বলৈ নিদিওঁ—এইয়াই মোৰ সংকল্প। মই সদায় আমাৰ গণতন্ত্ৰৰ শক্তিৰ ওপৰত অটল বিশ্বাস ৰাখিছোঁ আৰু যুৱসমাজৰ আশা-আকাংক্ষা, সপোন আৰু প্ৰত্যাশাৰ প্ৰতি গভীৰ সন্মান জনাই আহিছোঁ। তেওঁলোক কেৱল ভাৰতৰ ভৱিষ্যৎ নহয়, বৰঞ্চ এক নতুন আৰু উন্নত ভাৰত গঢ়াৰ বাহক, নিৰ্মাতা আৰু ভৱিষ্যতৰ স্থপতিও।’
ইপিনে এই পদত্যাগ পত্ৰৰ এঠাইত শিক্ষামন্ত্ৰীজনে ৰাষ্ট্ৰবিৰোধী শক্তিসমূহৰ কথা উল্লেখ কৰি লিখিছে-‘যন্তৰ-মন্তৰত আৰু দেশজুৰি যি পৰিস্থিতিৰ সৃষ্টি হৈছে, সেই পৰিস্থিতিৰ সুযোগ যাতে ৰাষ্ট্ৰবিৰোধী শক্তিসমূহে গ্ৰহণ কৰিব নোৱাৰে, দেশৰ ঐক্য অটুট থাকে, ভাৰতৰ এজনো শিক্ষাৰ্থীৰ ভৱিষ্যৎ যাতে আইনী জটিলতাত আবদ্ধ নহয়, আৰু আমাৰ সন্তানসকলে যাতে নিজৰ সময় অধ্যয়ন আৰু কেৰিয়াৰ গঢ়াত ব্যয় কৰিব পাৰে—এই সকলো কথা বিবেচনা কৰি মই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ মোৰ পদত্যাগপত্ৰ প্ৰেৰণ কৰিছোঁ।’
ইপিনে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতে দিল্লীৰ প্ৰতিবাদস্থলীত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কক্ৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেই। অভিজিৎ দীপকেই কয়-আজি ছাত্ৰ-ছাত্ৰীয়ে ন্যায় লাভ কৰিছে। ইয়াৰ অৰ্থ এইটোৱেই যে যদি আপুনি ভয় নকৰে। নিৰ্ভীক হৈ যদি যুঁজিব পাৰে তেনেহলে যিকোনো ব্যক্তিৰ পদত্যাগ সম্ভৱ’।
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতে কক্ৰোচ জনতা পাৰ্টীৰ পৰৱৰ্তী পদক্ষেপ কি হব সেয়া লক্ষণীয় হব। NEET পেপাৰ লীক কেলেংকাৰীৰ বিৰুদ্ধে যুঁজ দিয়া এই আন্দোলনৰ ইমানতেই সমাপ্ত হব নে আত্মহত্যা কৰা শিক্ষাৰ্থীয়ে ক্ষতিপূৰণ লাভ আৰু আন্দোলনৰ সময়ত আঘাতপ্ৰাপ্ত শিক্ষাৰ্থীৰ ন্যায়ৰ দাবীত পুনৰ আন্দোলনত নামিব সেয়াও লক্ষণীয় হব। লগতে দেশৰ পৰৱৰ্তী শিক্ষামন্ত্ৰীৰ দায়িত্ব কোনে লাভ কৰিব তাকো লৈ আৰম্ভ হৈছে চৰ্চা।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















