আমি প্ৰায়ে ধনী শব্দটোৰে ধন-সম্পত্তি, বেংকৰ বেলেঞ্চ আৰু বিলাসী বাহনৰ পৰিমানক জড়িত কৰি লওঁ। যাৰ যিমান ধন, সম্পত্তি, বিলাসী বাহন আছে সিমানেই ধনী বুলি গণ্য কৰো। কিন্তু তামিলনাডুৰ এজন ব্যক্তিয়ে বিশ্ববাসীক দেখুৱাইছে এক উৎকৃষ্ট নিদৰ্শন, ধনীৰ পৰিসংজ্ঞা। তেওঁ দেখুৱাইছে যে প্ৰকৃত ধন-সম্পত্তি টকাত নহয়, বিশাল হৃদয়তহে নিহিত হৈ আছে। তেওঁৰ নাম পালম কল্যাণসুন্দৰম। পেছাত তেওঁ এগৰাকী লাইব্ৰেৰিয়ান আছিল যদিও আজি সমগ্ৰ বিশ্বই তেওঁক “ভাৰতৰ আটাইতকৈ ধনী দুখীয়া” বুলিহে চিনি পায়। ‘ধনী-দুখীয়া’ শব্দ দুটা একেলগে তেওঁৰ ক্ষেত্ৰত প্ৰযোজ্য। এই সাধাৰণ হৈও অসাধৰণ লোকজনে ৩৫ বছৰৰ সমগ্ৰ দৰমহা, অৱসৰৰ পেঞ্চন আৰু পুৰস্কাৰৰ ধন মিলাই মুঠ ৩০ কোটি টকা অনাথ-নিঃস্ব শিশুসকলক সহায় কৰিবলৈ দান কৰিছে। কেৱল এয়াই নহয় জানি আচৰিত হব যে অৱসৰৰ পিছত তেওঁ জীৱিকা নিৰ্বাহৰ বাবে এখন হোটেলত কাম কৰি আহিছে। কিয়নো তেওঁৰ অৱসৰৰ পৰা পোৱা ধনো ইতিমধ্যে দান কৰিছে।
কল্যাণসুন্দৰমৰ জন্ম হৈছিল ১৯৪০ চনত তামিলনাডুৰ তিৰুনেলভেলী জিলাৰ এখন অতি পিছপৰা গাঁৱত। গাঁওখনৰ নাম আছিল মেলাকাৰীভেল্লামকুলাম। গাঁওখনৰ প্ৰায় সকলো পৰিয়াল ইমানেই দৰিদ্ৰ আছিল যে তাত পকী ৰাস্তা নাছিল, নাছিল কোনো যাতায়াত ব্যৱস্থা, গাঁওখনত বিজুলী আছিল এটা মাথোঁ সপোন, গাঁওখনত নাছিল এখনো স্কুল। সৰুতেই দেউতাকক হেৰুৱাইছিল কল্যাণসুন্দৰমে। মাতৃয়ে অশেষ কষ্টৰে ডাঙৰ-দীঘল কৰিছিল কল্যাণসুন্দৰমক আৰু জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষাটো দিছিল: “সুযোগ পালে সদায় আনক সহায় কৰিব লাগে।” মাকে কোৱা এই এটা কথা কল্যাণসুন্দৰামৰ হৃদয়ত চিৰদিনৰ বাবে খোদিত হৈ থাকিল।
সেই সময়ত তেওঁ ১০ কিলোমিটাৰ খোজ কাঢ়ি স্কুললৈ যাব লগা হৈছিল আৰু তাৰ পিছত আৰু ১০ কিলোমিটাৰ ঘূৰি আহি পঢ়িব লগা হৈছিল। ইমান দীঘলীয়া দূৰত্ব অকলে যাত্ৰা কৰাটো প্ৰত্যাহ্বানজনক আছিল, সেয়েহে তেওঁ গাঁৱৰ আন ল’ৰা-ছোৱালীক লগত লৈ স্কুললৈ যাবলৈ ধৰিলে। সেই সময়ত স্কুলৰ মাচুল মাত্ৰ ৫টকা আছিল যদিও দুখীয়া গাঁৱৰ মানুহে ইমানখিনিও দিব পৰা নাছিল। কল্যাণসুন্দৰমে সেই সৰু কালতেই তেওঁ তেওঁৰ সহপাঠীসকলৰো স্কুলৰ মাচুল, কিতাপ-বহী যোগান ধৰিছিল।

কল্যাণসুন্দৰম আছিল এজন মেধাৱী ছাত্ৰ। সাহিত্য আৰু বুৰঞ্জী অধ্যয়নৰ অন্তত তেওঁ পুথিভঁৰাল বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি স্বৰ্ণ পদক লাভ কৰে। পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ লগে লগে তেওঁ থুথুকুডী জিলাৰ এখন মহাবিদ্যালয়ত লাইব্ৰেৰিয়ান হিচাপে স্থায়ী চৰকাৰী চাকৰি লাভ কৰে। প্ৰথম দৰমহা পাওঁতে তেওঁ এটা ঐতিহাসিক সিদ্ধান্ত লৈছিল: তেওঁৰ মাহিলী দৰমহা দুখীয়া আৰু অনাথ ল’ৰা-ছোৱালীক দান কৰাৰ সিদ্ধান্ত লৈছিল। ৩৫ বছৰ ধৰি এনেদৰে চলি থাকিল। তেওঁ আজীৱন দৰমহা, পেঞ্চন, আৰু বিশ্বজুৰি লাভ কৰা বঁটাৰ পৰা লাভ কৰা মুঠ ৩০ কোটি টকা দান কৰে। নিজৰ জীৱিকা আৰু দৈনন্দিন প্ৰয়োজন পূৰণৰ বাবে তেওঁ চাকৰিৰ পিছত হোটেলত কাম কৰিছিল।
দেশ আৰু সমাজৰ প্ৰতি থকা তেওঁৰ প্ৰেম ইয়াতেই থমকি ৰ’ল। ১৯৬২ চনৰ কথা, ভাৰত আৰু চীনৰ যুদ্ধৰ সময়। তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ৰাইজক দেশক সহায় কৰিবলৈ আহ্বান জনায়। এই কথা শুনি কল্যাণসুন্দৰম পোনে পোনে তামিলনাডুৰ তেতিয়াৰ মুখ্যমন্ত্ৰী কে কামৰাজক সাক্ষাৎ কৰি নিজৰ সোণৰ চেইনডালো দেশৰ বাবে দান দিয়ে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















