এটি শিশুৰ জন্মদিন প্ৰতিজন পিতৃ-মাতৃৰ বাবে এক অতি বিশেষ অনুষ্ঠান। বহু অভিভাৱকে নিজৰ সন্তানৰ জন্মদিনটোৰ আয়োজনৰ বাবে কেইবাদিনো আগৰে পৰাই প্ৰস্তুতি আৰম্ভ কৰে। পৰিস্থিতি আৰু অভিভাৱকৰ সক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি কোনো অভিভাৱকে গ্ৰেণ্ড পাৰ্টি দিয়ে বিপৰীতে আন কোনোৱে সৰুকৈ উদযাপন কৰে। কিন্তু শিশুৰ জন্মদিনৰ পাৰ্টি সন্দৰ্ভত মত ব্যক্ত কৰিছে এগৰাকী শিশু চিকিৎসক ডাঃ ৰবি মালিকে। ডাঃ মালিকে কয় যে অভিভাৱকসকলে শিশুৰ জন্মদিন উদযাপন কৰা আৰু জন্মদিনত আতিথ্য প্ৰদানৰ পৰা বিৰত থাকিব লাগে। ডাঃ মালিকে কৰা এই মন্তব্যৰ যুক্তি দাঙি ধৰি শিশুৰ মনস্বতাত্বিক দিশটোত ইয়াৰ প্ৰভাৱ পৰে বুলিও মন্তব্য কৰে।
ডাঃ ৰবি মালিকে কয় যে-শিশুৰ বাবে ব্যয়বহুল, জমকতাৰে ভৰা জন্মদিনৰ পাৰ্টি, য’ত অস্বাস্থ্যকৰ জাংক ফুড পৰিবেশন কৰা হয় তেনে পাৰ্টি তৎক্ষণাত বন্ধ কৰিব লাগে। এই পাৰ্টিবোৰত শিশুসকলক প্ৰায়ে ফ্ৰেঞ্চ ফ্ৰাই, পিজ্জা, বাৰ্গাৰ, মমোৰ দৰে খাদ্য পৰিবেশন কৰা হয়, যিবোৰ তেওঁলোকৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।
আনহাতে পাৰ্টিৰ শেষত আমাৰ দেশৰো বহু ঠাইত নতুনকৈ Return Giftৰ প্ৰচলন আৰম্ভ হৈছে। প্ৰায়বোৰ পাৰ্টিতে Return Gift হিচাপে প্ৰায়ে চকলেট, মিঠাই, পেকেটত ভৰোৱা খাদ্য আৰু জুচৰ দৰে বস্তু থাকে, যিবোৰ স্বাস্থ্যকৰ নহয়। ডাঃ মালিকে কয় যে এই পাৰ্টিৰ আন এটা নেতিবাচক প্ৰভাৱ হৈছে এনে পাৰ্টি বা ব্যয়বহুল উপহাৰৰ খৰচ বহন কৰিব নোৱাৰা অভিভাৱকৰ সন্তানসকলৰ হীনমন্যতা আৰু অপৰাধবোধৰ সৃষ্টি হ’ব পাৰে। আনকি তেনে সন্তানে পিতৃ-মাতৃক বহু সময়ত বাৰ্থদে পাৰ্টিৰ বাবে হেঁচা দিয়াও দেখা যায়, যিটো তেওঁলোকৰ আৱেগিক আৰু মানসিক স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।
লগতে ডাঃ মালিকে কয় আমি সকলোৱে মিলি এই সংস্কৃতি সলনি কৰিব লাগিব। বাৰ্থ দে পাৰ্টীৰ সলনি অভিভাৱকসকলক সেই বিশেষ দিনটো নিজৰ সন্তানক কোনো ধাৰ্মিক স্থান, পাৰ্ক, বিভিন্ন বিজ্ঞানৰ যাদুঘৰলৈ ফুৰাবলৈ নিয়াৰ পৰামৰ্শ দিয়ে ডাঃ মালিকে। অৱশ্যে সকলো অভিভাৱকে এই পদক্ষেপ ললেহে এই বিষয়ত ফল দিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















