• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

1 hour ago
২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

44 minutes ago
শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

4 hours ago
তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

4 hours ago
নাকৰ ভিতৰৰ নোম কটা উচিত নে অনুচিত? বিশেষজ্ঞই ক’লে এইদৰে…

নাকৰ ভিতৰৰ নোম কটা উচিত নে অনুচিত? বিশেষজ্ঞই ক’লে এইদৰে…

5 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

জীৱনসংগীৰ বাবে উত্তম ৩ ৰাশিৰ কন্যা, কোমল স্বভাৱেৰে জিনিব সকলোৰে হৃদয়!

6 hours ago
পুৰুষে বেছিকৈ নাখাব চয়াবিন, আজিয়েই সাৱধান হওক!

পুৰুষে বেছিকৈ নাখাব চয়াবিন, আজিয়েই সাৱধান হওক!

6 hours ago
সুৰা বিক্ৰীৰ ক্ষেত্ৰত আহিছে বাধা! FSSAI এ কৰিব এইবোৰ কাৰণত তদন্ত

সুৰা বিক্ৰীৰ ক্ষেত্ৰত আহিছে বাধা! FSSAI এ কৰিব এইবোৰ কাৰণত তদন্ত

7 hours ago
স্বাস্থ্যৰ বাবে আশীৰ্বাদ স্বৰূপ এইবিধ ফল, বাঢ়িব ৰোগ প্ৰতিৰোধৰ ক্ষমতা!

স্বাস্থ্যৰ বাবে আশীৰ্বাদ স্বৰূপ এইবিধ ফল, বাঢ়িব ৰোগ প্ৰতিৰোধৰ ক্ষমতা!

8 hours ago
আৰক্ষীৰ বৃহৎ সফলতা, ছমাহত নিৰুদ্দেশ হোৱা ১৭,৫৯০ গৰাকী মহিলা আৰু শিশুৰ পালে সন্ধান!

আৰক্ষীৰ বৃহৎ সফলতা, ছমাহত নিৰুদ্দেশ হোৱা ১৭,৫৯০ গৰাকী মহিলা আৰু শিশুৰ পালে সন্ধান!

8 hours ago
ভাগ্যৱানসকলৰ থাকে শৰীৰৰ এই অংশত তিল, জানি হ’ব আচৰিত!

ভাগ্যৱানসকলৰ থাকে শৰীৰৰ এই অংশত তিল, জানি হ’ব আচৰিত!

9 hours ago
হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ

জীৱনৰ সকলো সমস্যা হ’ব দূৰ, মাত্ৰ মঙলবাৰে কৰক এই কাম!

9 hours ago
৫ আগষ্টৰ পৰা খুলিব ভাগ্যৰ দুৱাৰ, বুধে কৰিব কৰ্কট ৰাশিত গতি

৫ আগষ্টৰ পৰা খুলিব ভাগ্যৰ দুৱাৰ, বুধে কৰিব কৰ্কট ৰাশিত গতি

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

শৰীৰচৰ্চাবিদসকলে গুৰুত্ব দিবলগীয়া কেইটামান তথ্য

editor by editor
August 4, 2026
in খাদ্য, জীৱনশৈলী, ফেশ্বন, বিবিধ, লেখা, স্বাস্থ্য
0
এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!
0
SHARES
497
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতি উদ্বেগজনকভাৱে শেহতীয়া দুই-এটা বছৰত বহু শৰীৰ চৰ্চাকাৰীয়ে অকাল মৃত্যুক সাবটিবলগীয়া হৈছে। শেহতীয়াকৈ CCTVত এনে এটা ভিডিঅ’ ভাইৰেল হৈছিল য’ত এজন শৰীৰচৰ্চাবিদ(bodybuilder)-এ GYMতে ব্যায়াম কৰি থকা অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰিছিল। এনেধৰণৰ ঘটনা এয়াই প্ৰথম নহয়, আমেৰিকা, ব্ৰাজিল, জাৰ্মানীৰ লগতে আমাৰ দেশতো এনে ঘটনা শেহতীয়া কিছু বছৰৰ ভিতৰত সময়ে সময়ে সংঘটিত হোৱা দেখা গৈছে। শেহতীয়াকৈ অভিনেতা তথা পঞ্জাৱৰ এজন বিখ্যাত শৰীৰচৰ্চাবিদ ভেৰিন্দৰ সিং ঘুমনেও কম বয়সতে হৃদক্ৰিয়া বন্ধ হৈ মৃ*ত্যুক সাবটিছে।

উদ্বেগজনক পৰিসংখ্যাটো হৈছে কেৱল ২০২৫তে ৫৬গৰাকী এনে শৰীৰচৰ্চাবিদৰ আকস্মিক মৃ*ত্যু হৈছে যাৰ গঢ় বয়স ৩৫ বছৰ। এই আটাইকেইজনেই হৃদক্ৰিয়া বন্ধ হৈ, একে ধৰণৰ লক্ষণেৰে মৃত্যুক সাবটিছে। স্বাভাৱিকতে প্ৰশ্ন হয়, বাহিৰৰ পৰা ইমান সুস্থ-সুঠাম যেন লগা একাংশ শৰীৰচৰ্চাবিদসকল ভিতৰৰ পৰা সঁচাকৈয়ে দুৰ্বল নেকি? এক সমীক্ষাত পোৱা গৈছে যে যিসকল শৰীৰ চৰ্চাবিদে এনেদৰে অকাল মৃ*ত্যুক সাবটিছে তেওঁলোকে বিভিন্ন সময়ত ছাপ্লিমেণ্টকে ধৰি বিভিন্ন দৰৱ ব্যৱহাৰ কৰিছিল।

“ৰাছিয়ান হাল্ক” নামেৰে পৰিচিত এজন প্ৰখ্যাত ৰাছিয়ান শৰীৰ চৰ্চাবিদৰ ২০২৫ চনৰ মে’ত বহু অংগ বিকল হৈ মৃত্যু ঘটিছিল। পিছত বিশেষজ্ঞ চিকিৎসকে কৰা গৱেষণাত ধৰা পৰিছে যে দীৰ্ঘদিন ধৰি চিনথল বেজী ব্যৱহাৰৰ লগতে আৰু অত্যধিক পেশী গঠনৰ বাবেও বিভিন্ন ঔষধ লৈছিল ৰাছিয়ান হাল্কে। বিশেষজ্ঞসকলৰ মতে কেৱল ষ্টেৰইডেই নহয়, বিভিন্ন অনিয়ন্ত্ৰিত ঔষধৰ ব্যৱহাৰেই এই মৃ*ত্যুৰ প্ৰধান কাৰক। ইটালীৰ পডুয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে ২০০৫ চনৰ পৰা ২০২০ চনৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় শৰীৰচৰ্চা আৰু ফিটনেছ ফেডাৰেচন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰায় ২০,৩০০ খেলুৱৈক পৰীক্ষা কৰিছিল। পৰীক্ষা কৰা এই ২০,৩০০গৰাকী শৰীৰ চৰ্চাবিদৰ ভিতৰত মুঠ ১২১ গৰাকীৰ মৃ*ত্যু হৈছে। মৃত্যু হোৱা ১২১গৰাকী শৰীৰ চৰ্চাবিদৰ ভিতৰত ৪৬ জনৰ হৃদযন্ত্ৰ বন্ধ হৈ মৃ*ত্যু হৈছিল। মৃ*ত্যুৰ গড় বয়স আছিল মাত্ৰ ৩৪.৭ বছৰ। গৱেষকসকলৰ মতে, অপেছাদাৰী শৰীৰ চৰ্চাবিদতকৈ পেছাদাৰী শৰীৰ চৰ্চাবিদৰ মৃ*ত্যুৰ আশংকা ৫ গুণ বেছি, ইয়াৰ কাৰণো হৈছে বিভিন্ন অনিয়ন্ত্ৰিত দৰৱ।

বিশেষজ্ঞসকলৰ মতে এই মৃ*ত্যুত কেইবাটাও কাৰকে অৰিহণা যোগায়। কাৰ্য্যক্ষমতা বৃদ্ধি কৰা ঔষধৰ ব্যৱহাৰ, যেনে এনাবলিক ষ্টেৰইড, প্ৰতিযোগিতাৰ পূৰ্বে দ্ৰুতভাৱে ওজন হ্ৰাস কৰা আৰু অত্যধিক গধুৰ কষ্টসাধ্য প্ৰশিক্ষণ আদি ইয়াৰ প্ৰধান কাৰণ। ২০২৫ চনত ডেনিছ গৱেষকসকলে কৰা এক অধ্যয়নত ১১ বছৰৰ ভিতৰত ১,১৮৯ জন ষ্টেৰইড ব্যৱহাৰ কৰা পুৰুষৰ সৈতে প্ৰায় ৬০,০০০ স্বাভাৱিক পুৰুষৰ তুলনা কৰা হৈছে। ফলাফলত দেখা গৈছে যে ষ্টেৰইড ব্যৱহাৰ কৰা লোকৰ হৃদযন্ত্ৰৰ পেশী দুৰ্বল হোৱাৰ আশংকা প্ৰায় ৯ গুণ বৃদ্ধি পায়, হাৰ্ট এটেকৰ আশংকা ৩ গুণ বৃদ্ধি পায় আৰু হৃদযন্ত্ৰ বিকল হোৱাৰ আশংকা ৩ গুণতকৈও অধিক বৃদ্ধি পায়। তদুপৰি ষ্টেৰইডে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে, ধমনীত চৰ্বিৰ জমা হোৱা ত্বৰান্বিত কৰিব পাৰে, আনকি হৃদযন্ত্ৰৰ গঠন সলনি কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Body Builderhealth
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট
জীৱনশৈলী

২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

August 4, 2026
শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?
বিনোদন

শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

August 4, 2026
তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন
ভাৰত

তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

August 4, 2026
নাকৰ ভিতৰৰ নোম কটা উচিত নে অনুচিত? বিশেষজ্ঞই ক’লে এইদৰে…
জীৱনশৈলী

নাকৰ ভিতৰৰ নোম কটা উচিত নে অনুচিত? বিশেষজ্ঞই ক’লে এইদৰে…

August 4, 2026
Next Post
২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.