বানত হেৰাই যাব খোজা সপোন পুনৰ জীপাল! কিছুদিনৰ পৰা উজনি অসমৰ বহু অঞ্চল বানত ডুব গৈ আছে। হঠাতে অহা প্ৰলংকাৰী বানে সকলোৰে ঘৰ-দুৱাৰ বুৰাই পেলায়। এই বানে অসংখ্য লোকৰ সপোনবোৰো বুৰাই পেলায়। কিন্তু এই দুখৰ দিনটো ভগৱানৰ দূত হৈ পৰিছে অলখ পাণ্ডে। তেওঁ হেৰাই যাব খোজা সপোন পুনৰ জীপাল কৰিছে যোৰহাটৰ এগৰাকী যুৱতীৰ,যাৰ বাবে সামাজিক মাধ্যমত যথেষ্ঠ সমাদৰ লাভ কৰে Physics Wallah-ৰ স্বত্বাধিকাৰীয়ে। কিন্তু কি আছিল প্ৰকৃত ঘটনা?
কাৰাটে খেলি ভালপোৱা জানমণি কোঁৱৰৰ প্ৰলয়ংকাৰী বানে ঘৰ-দুৱাৰ, প্ৰশিক্ষণৰ স্থান উটুৱাই নিছিল। কিন্তু সপোন কাঢ়ি নিব নোৱাৰিলে খেলুৱৈগৰাকীৰ। কঠিন পৰিস্থিতিৰ মাজতো নিজৰ লক্ষ্যত অটল থাকি অৱশেষত ভাৰতৰ বাবে সোণৰ পদক জয় কৰি দেশবাসীক গৌৰৱান্বিত কৰিলে অসমৰ ১৭ বছৰীয়া কাৰাটে খেলুৱৈ জানমণি কোৱঁৰে।
সফলতাৰ আঁৰৰ কাহিনী
জানমণিৰ এই সফলতাৰ আঁৰত আছে আত্মবিশ্বাস আৰু এগৰাকী সুহৃদয় শিক্ষাবিদৰ অনুপ্ৰেৰণা। বানে জানমণিৰ ঘৰ আৰু প্ৰশিক্ষণৰ স্থান দুয়োটাই ক্ষতিগ্ৰস্ত কৰিছিল। ফলত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে প্ৰয়োজনীয় ধনৰ অভাৱ হৈছিল কিশোৰীগৰাকী। এনে সময়তে আগবাঢ়ি আহিছিল Physics Wallah-ৰ প্ৰতিষ্ঠাপক তথা শিক্ষাবিদ অলখ পাণ্ডে। তেওঁ জানমণিক প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে সহায় আগবঢ়োৱাৰ লগতে দিল্লীলৈ যাত্ৰাৰ বাবে বিমানৰ টিকটৰ ব্যৱস্থাও কৰি দিছিল। শিবিৰত থকা উদীয়মান খেলুৱৈ জানমণি কোঁৱৰক খেলাৰ সুবিধা কৰি দিয়াৰ পিছত দিল্লীত অনুষ্ঠিত All India Independence Cup Karate Championship 2026 ত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয়। কাৰাটে প্ৰতিযোগিতাখনত জানমণিয়ে তিনিওখন খেলতে জয়লাভ কৰে। ফাইনেলত তেওঁ ১০-২ ব্যৱধানত শক্তিশালী জয় সাব্যস্ত কৰি সোণৰ পদক লাভ কৰে। অলখ পাণ্ডেৰ এই সহায় যেন জনমণিৰ বাবে নতুন আশাৰ দুৱাৰ মুকলি কৰিলে।
এই জয় কেৱল এটা পদক জয়ৰ কাহিনী নহয়। বানপানীয়ে যিগৰাকী খেলুৱৈৰ ঘৰ আৰু অনুশীলনৰ পৰিৱেশ ধ্বংস কৰিছিল, সেইগৰাকীয়েই কিছুদিনৰ ভিতৰতে দেশৰ বাবে সোণৰ পদক জয় কৰি দেখুৱালে।
জানমণিৰ এই সফলতাই অসমৰ ক্ৰীড়াক্ষেত্ৰলৈও কঢ়িয়াই আনিছে নতুন আশা। বিশেষকৈ বানপানী, আৰ্থিক অসুবিধা আৰু প্ৰশিক্ষণৰ সুযোগৰ অভাৱৰ মাজতো যিসকল প্ৰতিভাৱান যুৱ খেলুৱৈয়ে নিজৰ সপোন পূৰণৰ বাবে সংগ্ৰাম কৰি আছে, তেওঁলোকৰ বাবে জানমণিৰ কাহিনী এক শক্তিশালী অনুপ্ৰেৰণা হৈ পৰিছে।
(এই প্ৰতিবেদন যুগুতাইছে বৰষা মিশ্ৰই)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















