প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে কমনৱেলথ গেমছ ২০২৬ত পদক লাভ কৰা ভাৰতীয় খেলুৱৈসকলে ৭ লোক কল্যাণ মাৰ্গত থকা তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে। এই সময়ত সকলো খেলুৱৈয়ে নিজৰ অভিজ্ঞতা প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ভাগ-বতৰা কৰে। সেই অনুসৰি এইবাৰ পদকজয়ী হেভিৱেট বক্সাৰ নৰিন্দৰ বেৰৱালে ২০১৫ চনত বিশ্ব সামৰিক গেমছৰ সময়ত ঘটা এটা কাণ্ডৰ বৰ্ণনা কৰে। য’ত ১১ বছৰ পূৰ্বে এজন পাকিস্তানী খেলুৱৈয়ে তেওঁক কৈছিল যে তেওঁ ‘নৰেন্দ্ৰ নামটোক ঘৃণা কৰিবলৈ আৰম্ভ কৰিছে।’
নৰিন্দৰ বেৰৱালে সামৰিক গেমছৰ উক্ত টুৰ্নামেণ্টত নিজৰ মেচখনত পাকিস্তানৰ বিৰুদ্ধে প্ৰথম ৰাউণ্ডত ৪-১ আৰু দ্বিতীয় ৰাউণ্ডত ৩-২ পইণ্টত জয়লাভ কৰে। উল্লেখযোগ্য কথাটো হৈছে উক্ত টুৰ্নামেণ্টত নৰিন্দৰৰ লগত যোৱা তেওঁৰ প্ৰশিক্ষকৰ নামো আছিল নৰেন্দ্ৰ ৰাণা। সেয়ে তেতিয়া পাকিস্তানী বক্সাৰজনে তেওঁক কৈছিল যে-মই নৰেন্দ্ৰ নামটো বেয়া পাওঁ। তেওঁৰ মতে, যেতিয়া তেওঁ খেলখনত পাকিস্তানী বক্সাৰজনক পৰাস্ত কৰিছিল, তেতিয়া তেওঁক কৈছিল, ‘ভাইজান, মই আপোনাক কিবা এটা ক’ব পাৰোনে? আপোনাৰ নাম নৰেন্দ্ৰ, আপোনাৰ প্ৰশিক্ষকৰ নাম নৰেন্দ্ৰ, আপোনাৰ প্ৰধানমন্ত্ৰীৰ নাম নৰেন্দ্ৰ। মই নৰেন্দ্ৰ নামটোকে এতিয়া ঘৃণা কৰো’
কমনৱেলথ গেমছত বেৰৱালে ৰূপৰ পদক লাভ কৰে। আনকি প্ৰধানমন্ত্ৰী মোদীয়েও তেওঁৰ কথা শুনি হাঁহি ৰাখিব নোৱাৰিলে। ২০১৫ চনৰ বিশ্ব সামৰিক গেমছৰ কথা উল্লেখ কৰি তেওঁ কয় যে-তেওঁৰ প্ৰথমখন খেল আছিল পাকিস্তানৰ বিৰুদ্ধে। তেওঁ কয়, “এয়া আছিল বিশ্ব সামৰিক গেমছ, গতিকে অন্য যিয়েই নহওঁক আমি পাকিস্তানৰ হাতত পৰাস্ত হ’ব নালাগে।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















