অসম লাইভ ২৪ঃ পুডুচেৰিত সৃষ্টি হৈছে ৰাজনৈতিক অস্থিৰতা। বিধানসভাৰ নিৰ্বাচন চমু চাপি অহাৰ সময়ছোৱাতে এতিয়া পুডুচেৰিত সংকটৰ সন্মুখীন হৈছে শাসনাধীস্থ কংগ্ৰেছ চৰকাৰ। দুজন মন্ত্ৰীসহ ৪ জন বিধায়কে পদত্যাগ কৰাৰ পাছতে এতিয়া নীত নাৰায়ণস্বামী চৰকাৰে হেৰুৱালে সংখ্যাগৰিষ্ঠতা। বিৰোধীয়ে ইতিমধ্যেই মুখ্যমন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে। আজি পুডুচেৰীলৈ ৰাওনা হৈছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। ৰাহুল গান্ধীয়ে আজি ভাগ ল’ব এখন গুৰুত্বপূৰ্ণ দলীয় সভাত।
এনেসময়ছোৱাতে কিছুদিন পূৰ্বে ৰাজ্যপাল পদৰ পৰা বৰ্খাস্ত হোৱা কিৰণ বেদীয়ে কৰে এক গুৰুত্বপূৰ্ণ টুইট। টুইটটোৰ জৰিয়তে কিৰণ বেদীয়ে সকলোকে জ্ঞাপন কৰে ধন্যবাদ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















