চলিত বৰ্ষৰ T20 বিশ্বকাপত ভাৰতৰ সফল অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা সঞ্জু ছেমছন এতিয়া পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বিশ্বকাপত দৰ্শনীয় প্ৰদৰ্শন আগবঢ়োৱাৰ পাছত বৰ্তমান তেওঁৰ বেটিং ফৰ্মক লৈ প্ৰশ্ন উত্থাপন হৈছে। বিশেষকৈ দলত স্থানৰ বাবে কঠিন প্ৰতিযোগিতা চলি থকাৰ সময়তে বেঞ্চত অপেক্ষা কৰি আছে উদীয়মান তাৰকা বৈভৱ সূৰ্যবংশী।
T20 বিশ্বকাপৰ পাছত সঞ্জু ছেমছনে ১১খন মেচ খেলিছে যদিও ইয়াৰ ভিতৰত মাত্ৰ দুটাহে অৰ্ধশতকীয় ইনিংছ খেলিবলৈ সক্ষম হৈছে। অৰ্থাৎ বাকী ৯টা ইনিংছত তেওঁ বিশেষ সফলতা লাভ কৰিব পৰা নাই। ফলত ভাৰতীয় দলত তেওঁৰ স্থানক লৈ আলোচনা আৰম্ভ হৈছে।
সঞ্জু ছেমছনৰ প্ৰতিভাক লৈ কাৰো দ্বিমত নাই। সঞ্জু এগৰাকী প্ৰতিভাৱান উইকেটকীপাৰ-বেটছমেন আৰু T20 ফৰ্মেটত তেওঁ নিজৰ সামৰ্থ্য বহুসময়ত ইতিমধ্যে প্ৰমাণ কৰিছে। কিন্তু বৰ্তমানৰ দুৰ্বল ফৰ্মে তেওঁক যে কিছু চাপত ৰাখিছে তাত কোনো সন্দেহ নাই। আনহাতে, বৈভৱ সূৰ্যবংশীৰ দৰে প্ৰতিভাৱান বেটছমেনে এটা সুযোগৰ অপেক্ষাত থকাৰ বাবে প্ৰতিযোগিতাও অধিক কঠিন হৈ পৰিছে।
প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ হনুমা বিহাৰীয়ে সঞ্জু ছেমছনৰ বৰ্তমানৰ ফৰ্ম সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। নিজৰ ইউটিউব চেনেলত তেওঁ কয় যে সঞ্জুৰ ফৰ্মেই এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন। হনুমা বিহাৰীয়ে সঞ্জু ছেমছনৰ প্ৰতি নিজৰ সমৰ্থন প্ৰকাশ কৰি কয় যে তেওঁ সঞ্জুৰ ডাঙৰ অনুৰাগী আৰু তেওঁ বিচাৰে যে সঞ্জুৱে দলত খেলি থাকক। কিন্তু একে সময়তে তেওঁ এইটোও কয় যে দলত স্থানৰ বাবে প্ৰতিযোগিতা তীব্ৰ হৈ পৰিছে। ধাৰাবাহিক দুৰ্বল প্ৰদৰ্শনে সঞ্জুক বাৰ বাৰ সুযোগ যে নিদিব সেই কথাও হনুমা বিহাৰীয়ে উল্লেখ কৰে।
হনুমাৰ মতে, সঞ্জুৱে T20 বিশ্বকাপত দৰ্শনীয় প্ৰদৰ্শন কৰিছিল আৰু টুৰ্ণামেণ্টৰ অন্যতম সফল খেলুৱৈ আছিল। কিন্তু বিশ্বকাপৰ পাছত তেওঁৰ ফৰ্ম আগৰ দৰে হৈ থকা নাই। এতিয়া বৈভৱ সূৰ্যবংশীৰ দৰে প্ৰতিভাৱান খেলুৱৈ সুযোগৰ অপেক্ষাত থকাৰ বাবে সঞ্জুৰ ওপৰত স্বাভাৱিকভাৱেই চাপ বৃদ্ধি পাব পাৰে। হনুমা বিহাৰীয়ে লগতে ইংগিত দিয়ে যে ভাৰতীয় দলত কোনো খেলুৱৈয়ে কেৱল অতীতৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি দীৰ্ঘদিন ধৰি স্থান নিশ্চিত কৰি ৰাখিব নোৱাৰে। বৰ্তমানৰ ফৰ্ম আৰু দলৰ প্ৰয়োজনীয়তাও গুৰুত্বপূৰ্ণ।
প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা প্ৰাক্তন মুখ্য নিৰ্বাচক কৃষ্ণমচাৰি শ্ৰীকান্তেও সঞ্জু ছেমছনৰ বৰ্তমানৰ প্ৰদৰ্শনক লৈ উদ্বেগ প্ৰকাশ কৰিছে। শ্ৰীকান্তৰ মতে, সঞ্জুৰ বিষয়টো ভাৰতীয় দলৰ বাবে পুনৰ গুৰুতৰ হৈ পৰিছে। তেওঁ মনত পেলাই দিয়ে যে T20 বিশ্বকাপত সঞ্জুৱে তিনিটা দৰ্শনীয় ইনিংছ খেলিছিল। কিন্তু বিশ্বকাপৰ পাছত তেওঁৰ প্ৰদৰ্শন যথেষ্ট দুৰ্বল হৈছে। তেওঁৰ মতে, ভাৰতীয় দলৰ বৰ্তমানৰ জয়ৰ সময়ত সঞ্জুৰ স্থানক লৈ বিশেষ প্ৰশ্ন নুঠিব পাৰে। কিন্তু যদি দলটোৱে কঠিন পৰিস্থিতিত, বিশেষকৈ নিউজীলেণ্ডৰ দৰে শক্তিশালী দলৰ বিৰুদ্ধে, পুনৰ বিফল হয়, তেন্তে সঞ্জুৰ স্থানক লৈ প্ৰশ্ন আৰু অধিক জোৰদাৰ হ’ব পাৰে।
শ্ৰীকান্তে স্পষ্টকৈ কয় যে কেইটামান ভাল ইনিংছৰ ভিত্তিত কোনো খেলুৱৈয়ে চিৰদিন দলত নিজৰ স্থান নিশ্চিত কৰি ৰাখিব নোৱাৰে। তেওঁৰ মতে, বৈভৱ সূৰ্যবংশীৰ দৰে প্ৰতিভাৱান খেলুৱৈয়ে সুযোগৰ বাবে অপেক্ষা কৰি আছে আৰু নিৰ্বাচকসকলৰ সন্মুখত এতিয়া কঠিন সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে।
বৈভৱ সূৰ্যবংশী ইতিমধ্যে নিজৰ বিস্ফোৰক বেটিং প্ৰতিভাৰে ক্ৰিকেট জগতৰ দৃষ্টি আকৰ্ষণ কৰিছে। কিন্তু ভাৰতীয় T20 দলত সঞ্জু ছেমছন আৰু অভিষেক শৰ্মাৰ দৰে খেলুৱৈয়ে অপেনিং কৰাৰ বাবে বৈভৱে এতিয়াও মূল একাদশত নিয়মীয়া সুযোগ লাভ কৰা নাই। অৱশ্যে সঞ্জুৰ অভিজ্ঞতা আৰু বিশ্বকাপত দেখুওৱা সামৰ্থ্য তেওঁৰ পক্ষত আছে। সেয়ে কেৱল কেইখনমান বিফল মেচৰ ভিত্তিত তেওঁক দলৰ পৰা বাদ দিয়াৰ সিদ্ধান্ত লোৱা হ’ব নে নাই, সেয়া এতিয়াই ক’ব নোৱাৰি।
কিন্তু এটা কথা স্পষ্ট—বৈভৱ সূৰ্যবংশীৰ উত্থানে ভাৰতীয় T20 দলত স্থানৰ বাবে প্ৰতিযোগিতা আৰু অধিক তীব্ৰ কৰি তুলিছে। এতিয়া সঞ্জু ছেমছনে নিজৰ বেটিঙেৰে সমালোচকসকলক উত্তৰ দিব পাৰে নে নাই, সেইটোৱেই হ’ব লক্ষ্যণীয়।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















