অসম লাইভ ২৪ঃ আজি অনুষ্ঠিত হ’ব iplৰ চতুৰ্দশ ছিজনৰ বাবে নিলাম। এইবাৰ নিলাম হ’ব ২৯২ গৰাকী ক্ৰিকেটাৰৰ বাবে, য’ত ১৬৪ গৰাকী ভাৰতীয় আৰু ১২৮ গৰাকী বিদেশী খেলুৱৈৰ নাম তালিকাভুক্ত কৰা হৈছে। এইবাৰৰ নিলামত ৮টা দলৰ ৬১টা স্থানৰ বাবে নিলাম হ’ব। ইয়াৰ ভিতৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সৰ্বমুঠ ১১টা স্থানৰ নিলাম হ’ব। উল্লেখযোগ্য যে এইবাৰৰ iplত সৰ্বমুঠ নিলাম হ’ব ১৯৬.৬ কোটি টকাৰ ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















