অসম লাইভ ২৪ঃ ভাৰত স্বাধীন হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে ফাঁচিকাঠত ওলমিব এগৰাকী মহিলা। এই মহিলাগৰাকীৰ নাম চবনম। সম্প্ৰতি মথুৰা জে’লত কাৰাৰুদ্ধ হৈ থকা চবনমে প্ৰেমিক চেলিমৰ সৈতে হত্যা কৰিছিল ৭ জন লোকক। চবনমক ফাঁচিকাঠত ওলোমাবৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পন্ন কৰিছে জে’ল কর্তৃপক্ষই। নির্ভয়া কাণ্ডৰ দোষীক ফাঁচি দিয়া জাল্লাদ পৱনেই ফাঁচি দিব চবনমক। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে ফাঁচিৰ ৰায় দিয়াৰ পিছত ৰাষ্ট্ৰপতিৰ ওচৰত ক্ষমাৰ বাবে আৱেদন দিছিল চবনমে। পিছে ৰাষ্ট্ৰপতিয়ে ক্ষমাদান নকৰিলে চবনমক। যাৰ বাবে চবনম হৈ পৰিল দেশ স্বাধীন হোৱাৰ পাছত ফাঁচিকাঠত ওলমিবলগীয়া প্ৰথমগৰাকী মহিলা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ