‘তাৰক মেহতা কা উলতা চশমা’ৰ জনপ্ৰিয় অভিনেত্ৰী দিশা ৱাকনী টিভি জগতৰ এক অতি পৰিচিত নাম। দয়াবেনৰ চৰিত্ৰত অভিনয় কৰি তেওঁ দৰ্শকৰ মাজত বিশেষ স্থান লাভ কৰিছে অভিনেত্ৰীগৰাকীয়ে। অৱশ্যে বহুদিন ধৰি সৰু পৰ্দাৰ পৰা আঁতৰি থাকিলেও তেওঁৰ জনপ্ৰিয়তা এতিয়াও একেই আছে। আজি, ১৭ আগষ্টত দিশা ৱাকনীয়ে ৪৮ বছৰত ভৰি দিলে। দিশা ৱাকনীৰ কেৰিয়াৰৰ আটাইতকৈ বৃহৎ পৰিৱৰ্তন আহিছিল ‘তাৰক মেহতা কা উলতা চশমা’ ধাৰাবাহিকখনৰ জৰিয়তে। ২০০৮ চনত তেওঁ এই জনপ্ৰিয় ধাৰাবাহিকখনৰ সৈতে জড়িত হৈছিল। দয়াবেনৰ হাস্যৰসময়ী কথা-বতৰা, বিশেষ ধৰণৰ অভিনয় আৰু সৰল-নিষ্পাপ স্বভাৱৰ বাবে চৰিত্ৰটো অতি কম সময়ৰ ভিতৰতে দৰ্শকৰ প্ৰিয় হৈ পৰিছিল।

‘হে মা মাতাজী’ বুলি কোৱা দয়াবেনৰ সংলাপ আৰু তেওঁৰ অভিনয়ৰ ধৰণ আজিও দৰ্শকৰ মনত সজীৱ হৈ আছে। দয়াবেন লাহে লাহে কেৱল এটা ধাৰাবাহিকৰ চৰিত্ৰ হৈ নাথাকি বহু পৰিয়ালৰ বাবে এক চিনাকি নাম হৈ পৰিছিল। অৱশ্যে ‘তাৰক মেহতা’ত অভিনয় কৰাৰ আগতেই দিশা ৱাকনীয়ে ছবিজগতত কাম কৰিছিল। ১৯৯৭ চনত তেওঁ B গ্ৰেড হিন্দী ছবিৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰে। তেওঁৰ প্ৰথম ছবিখন আছিল ‘কামচিন’। ইয়াৰ পিছত অৱশ্যে তেওঁ আমীৰ খান অভিনীত ‘মংগল পাণ্ডে: দ্য ৰাইজিং’ আৰু ঋত্বিক ৰোশন-ঐশ্বৰ্য ৰায় অভিনীত ‘জোধা আকবৰ’ৰ দৰে ছবিতো সৰু চৰিত্ৰত অভিনয় কৰে। কিন্তু ছবিজগতত তেওঁ বিশেষ সফলতা লাভ কৰিব নোৱাৰিলে।

ইয়াৰ পিছত টেলিভিছনলৈ অহাৰ পিছতেই দিশা ৱাকনীৰ ভাগ্য সলনি হয়। ‘তাৰক মেহতা কা উলতা চশমা’ই তেওঁক ঘৰে ঘৰে চিনাকি কৰি তোলে। দয়াবেনৰ চৰিত্ৰটোৰ বাবে তেওঁ ব্যাপক জনপ্ৰিয়তা আৰু স্বীকৃতি লাভ কৰে। ২০১৭ চনৰ ছেপ্টেম্বৰ মাহত দিশা ৱাকনীয়ে মাতৃত্বকালীন ছুটী লৈ ধাৰাবাহিকখনৰ পৰা আঁতৰি যায়। তাৰ পিছত তেওঁ শ্ব’টোলৈ পুনৰ উভতি অহা নাই। ২০২২ চনত দিশা আৰু তেওঁৰ স্বামীয়ে দ্বিতীয় সন্তান হিচাপে এটি পুত্ৰ সন্তান লাভ কৰে। সন্তান আৰু পৰিয়ালক সময় দিয়াৰ বাবেই তেওঁ অভিনয়ৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছে। দিশা ৱাকনী বহুদিন ধৰি টিভিৰ পৰ্দাত নাথাকিলেও দৰ্শকে এতিয়াও তেওঁক পাহৰা নাই। ‘দয়াবেন’ হিচাপে তেওঁৰ চৰিত্ৰটো আজিও ‘তাৰক মেহতা কা উলতা চশমা’ৰ অন্যতম স্মৰণীয় চৰিত্ৰ। সেয়ে দিশা বাকনীৰ জন্মদিনত অনুৰাগীসকলৰ মাজত পুনৰ এবাৰ তেওঁ ধাৰাবাহিকখনলৈ উভতি অহাৰ চৰ্চা আৰম্ভ হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















