ৰাজনীতিবিদৰ বিৰুদ্ধে অপৰাধমূলক গোচৰৰ ক্ষিপ্ৰ বিচাৰৰ দাবীক লৈ চলি থকা উচ্চতম ন্যায়ালয়ৰ শুনানিৰ সময়ত চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। আদালত মিত্ৰ (Amicus Curiae) তথা জ্যেষ্ঠ অধিবক্তা বিজয় হান্সাৰিয়াই কয় যে ২৮খন ৰাজ্যৰ ভিতৰত ১৪খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে নিজৰ বিৰুদ্ধে অপৰাধমূলক গোচৰৰ কথা সদৰী কৰিছে। তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেৱন্ত ৰেড্ডী ৮৯টা গোচৰেৰে শীৰ্ষত থকাৰ বিপৰীতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী সুভেন্দু অধিকাৰীৰ বিৰুদ্ধে আছে ২৯টা গোচৰ।
টাইমছ অব ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি, তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেৱন্ত ৰেড্ডী ৮৯টা গোচৰেৰে শীৰ্ষত আছে, তাৰ পিছতে ২৯ টা গোচৰেৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী সুভেন্দু অধিকাৰী আছে দ্বিতীয় স্থানত। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ বিৰুদ্ধে আছে ১৯ টাকৈ গোচৰ। আনহাতে কেৰালাৰ মুখ্যমন্ত্ৰী ভি ডি সথীশ্বনৰ বিৰুদ্ধে আছে ১৮টাকৈ গোচৰ। ইপিনে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেনৰ বিৰুদ্ধে আছে ৫টাকৈ গোচৰ, মহাৰাষ্ট্ৰৰ দেৱেন্দ্ৰ ফাড়নৱিছ আৰু হিমাচল প্ৰদেশৰ সুখবিন্দৰ সিং চুখুৰ বিৰুদ্ধে আছে চাৰিটাকৈ গোচৰ। তামিলনাডুৰ মুখ্যমন্ত্ৰী চি জোচেফ বিজয় আৰু বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীৰ বিৰুদ্ধেও আছে দুটাকৈ গোচৰ। প্ৰতিবেদনত ছিকিমৰ মুখ্যমন্ত্ৰী পি তামাং, পাঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাৰ বিৰুদ্ধেও এটাকৈ গোচৰৰ তথ্য প্ৰকাশ।
কেৱল এয়াই নহয়, হান্সাৰিয়াৰ ৯৬ পৃষ্ঠাৰ প্ৰতিবেদন অনুসৰি গুৰুতৰ অপৰাধমূলক গোচৰ থকা বিধায়কৰ শতকৰা হাৰ সৰ্বাধিক পশ্চিমবংগৰ। ৰাজ্যখনৰ মুঠ ২৯২ জন বিধায়কৰ ভিতৰত ১৭০ জন (৫৮%)ৰ বিৰুদ্ধেই আছে গোচৰ। ইয়াৰ পিছতে আছে কেৰালা (৫৭%), অন্ধ্ৰপ্ৰদেশ (৫৬%), তেলেংগানা (৪৯%), ঝাৰখণ্ড (৪৫%) আৰু ওড়িশা (৪৫%), বিহাৰ (৪২%), মহাৰাষ্ট্ৰ (৪০%) আৰু উত্তৰ প্ৰদেশ।
লোকসভাৰ মুঠ ৫৪৩ গৰাকী বিধায়কৰ ভিতৰত ১৭০ গৰাকীৰ বিৰুদ্ধে আছে গুৰুতৰ অপৰাধমূলক গোচৰ (৩১%)। ইয়াৰ ভিতৰত তেলেংগানাৰ ১৭ জন সাংসদৰ ভিতৰত ১১ জন, কেৰালাত ২১ জন সাংসদৰ ভিতৰত ১১ জন, বিহাৰত ৪০ জন সাংসদৰ ভিতৰত ১৯ জন, উত্তৰ প্ৰদেশত ৮০ জন সাংসদৰ ভিতৰত ৩৪ জন, মহাৰাষ্ট্ৰত ৪৮ জন সাংসদৰ ভিতৰত ১৭ জন, বংগত ৪২ জন সাংসদৰ ভিতৰত ১৬ জন, অন্ধ্ৰপ্ৰদেশত ২৫ জন সাংসদৰ ভিতৰত ৯ জন সাংসদৰ বিৰুদ্ধে আছে গোচৰ।
অধিবক্তা স্নেহা কলিতাই দাখিল কৰা এমিকাছ ৰিপৰ্ট অনুসৰি ৰাজ্যসভাৰ ২৩৩ জন সদস্যৰ ভিতৰত ৭৫ (৩৩%)গৰাকীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে; ইয়াৰে ৪০ (১৮%) গৰাকীৰ বিৰুদ্ধে থকা গোচৰত পাঁচ বছৰ বা তাতকৈ অধিক কাৰাদণ্ডৰ শাস্তিযোগ্য গুৰুতৰ অপৰাধ জড়িত।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















