আমাৰ মুখমণ্ডলৰ হাড়বিলাকৰ মাজত কিছুমান গহ্বৰৰ নিচিনা খালী ঠাই বা বায়ুমোনা থাকে, যিবিলাক আমাৰ নাকগহ্বৰৰ সৈতে সংযোজিত হৈ থাকে । এই গহ্বৰবিলাকৰ মাজত বায়ু সোমাই থাকে বাবে আমি আমাৰ লাওখোলাটোৰ ওজন অনুভৱ নকৰো আৰু আমি নাকেৰে শ্বাস-প্ৰশ্বাসত লোৱা বায়ুক হাওঁফাওঁলৈ যোৱাৰ আগতে এই চাইনাছাবিলাকে আৰ্দ্ৰতা প্ৰদান কৰে, যাক চাইনাচ বুলি কোৱা হয়।
ধূলি, বায়ু প্ৰদূষণ আৰু শীতকালত ঠাণ্ডা বতৰৰ ফলত বহু লোকৰ চাইনাচৰ সমস্যাৰ সৃষ্টি হয়। ইয়াত এফালে মূৰৰ বিষ, ডিঙিৰ বিষ, ভাগৰ, নাকেৰে উশাহ লোৱাত অসুবিধা হ’ব পাৰে। কিছুমান ক্ষেত্ৰত এন্টিবায়’টিক ঔষধেৰে চাইনাচ আৰোগ্য হয়। আনহাতে কিছুমান ক্ষেত্ৰত অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয়। যদি এই মুহূৰ্তত চাইনাচৰ সমস্যাৰ সৃষ্টি হয়, তেন্তে কিছুমান ঘৰুৱা উপায়েৰেও সকাহ পাব পাৰে। যদি আপুনি চাইনাচৰ সমস্যাৰ পৰা সকাহ পাব বিচাৰে তেন্তে কিছুমান ঘৰুৱা উপায়ো চেষ্টা কৰিব পাৰে।
দৈনিক গৰম পানীৰ ভাপ লওক
দৈনিক কিছু সময়ৰ বাবে ভাপ লোৱাটো। ইয়াৰ ফলত মূৰ গধুৰ লগা ভাব কমি যাব আৰু কপালৰ আশে-পাশে থকা অংশৰ বিষৰ পৰাও সকাহ পাব। ইয়াৰ বাবে পানী গৰম কৰি তাত কেইটোপালমান ইউকেলিপ্টাছ অইল বা পদিনা তেল দিব। ৰাতি শুৱাৰ পূৰ্বে ভাপ লগাব লাগে।
নহৰুৱে সংক্ৰমণ হ্ৰাস কৰে
চাইনাচৰ সংক্ৰমণৰ সমস্যা হ্ৰাস কৰাত নহৰু সেৱন কৰাটো ফলপ্ৰসূ, কাৰণ ইয়াত এন্টিবেক্টেৰিয়েল গুণ আছে। প্ৰতিদিনে দুটাৰ পৰা তিনিটা কেঁচা নহৰু চোবাই খাব লাগে।
মানি চলক
- নিজৰ হাত দুখন সঘনাই ধোৱাৰ অভ্যাস কৰিলে বীজাণু আৰু সংক্ৰমণ কিছু পৰিমাণে ৰোধ কৰিব পৰা যায়।
- শিশুৰ নিয়মিত টিকাকৰণ কৰিব লাগে।
- ধুম্ৰপান ত্যাগ কৰা উচিত।
- ঠাণ্ডাৰ দিনত বিশেষ সাৱধানতা ল’ব লাগে।
- যিমান দুৰ সম্ভৱ নিজক ধুলি-মাকতি, নালাগে।
- ঋতু অনুযায়ী উৎপন্ন হোৱা ফল-মুল সেৱন কৰিব লাগে।
- ফ্ৰীজত ৰখা বস্তু, ময়দাৰ দ্বাৰা বনোৱা খাদ্য সামগ্ৰী, ফাষ্টফুড, কাৰ্বনেটেড ড্ৰিংকছ, চিগাৰেট, চকলেট , মদ্য, ব্ৰেড,
- জাংকফুড ইত্যাদি ত্যাগ কৰিব লাগে।
- নিয়মিত ব্যায়াম আৰু খোজ কাঢ়িব লাগে।
- খাদ্যত নহৰু আৰু পিঁয়াজ ব্যৱহাৰ কৰিব লাগে।
- অতি উষ্ণ বা অতি ঠাণ্ডা খাদ্য বস্তু পৰিহাৰ কৰিব লাগে।
মনত ৰাখক
যদি আপোনাৰ চাইনাচ আছে তেন্তে নাকৰ ভিতৰটো পৰিষ্কাৰ কৰাটো অতি প্ৰয়োজনীয়। পাত্ৰ এটা লৈ এটা নাকৰ ফুটাৰে কুহুমীয়া নিমখীয়া পানী (ছালে যিমান অনুভৱ কৰিব পাৰে) ঢালি দিব, এই পানী আনটো নাকৰ ফুটাৰ পৰা ওলাই আহিব আৰু চাইনাচৰ বেক্টেৰিয়া আৰু মলিবোৰো পৰিষ্কাৰ হ’ব, যিটোৱে আপোনাক সকাহ প্ৰদান কৰিব। কিন্তু যদি আপুনি আগতে কেতিয়াও এই প্ৰক্ৰিয়া কৰা নাই তেন্তে আপুনি এজন বিশেষজ্ঞৰ পৰামৰ্শ ল’ব পাৰে যাতে তেওঁ আপোনাক কেনেকৈ সঠিকভাৱে কৰিব লাগে ক’ব পাৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ













